চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাংবাদিকলৈ শুভেচ্ছামূলক উপহাৰ

চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাংবাদিকলৈ শুভেচ্ছামূলক উপহাৰ

মঙলদৈ,ৰঙিলী বাৰ্ত্তাসেৱা-  আজি দৰঙৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাংবাদিকসকললৈ মুখ্যমন্ত্ৰীৰ শুভেচ্ছামূলক উপহাৰ প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। আজিৰ অনুষ্ঠানত সভাপতিত্ব কৰে জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি জিলা আয়ুক্তগৰাকীয়ে সমাজৰ উন্নয়ন আৰু প্ৰগতিত সাংবাদিকসকলে গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত আলোকপাত কৰে। ৰাজ্যখনৰ বিভিন্ন স্থানৰ সাংবাদিকসলে নিজৰ অঞ্চলসমূহৰ বাতৰি পৰিৱেশনৰে সমাজৰ উন্নয়ন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি আহিছে বুলি তেওঁ মন্তব্য কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ শুভেচ্ছামূলক উপহাৰ গ্ৰহণ কৰি জেষ্ঠ্য সাংবাদিক ভাৰ্গৱ কুমাৰ দাস আৰু আব্দুল খালেকেও বক্তব্য আগবঢ়ায়। নৱবৰ্ষত এনেদৰে শুভেচ্ছামূলক উপহাৰ আগবঢ়োৱাৰ বাবে সাংবাদিক দুগৰাকীয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ শলাগ লয়।অনুষ্ঠানত জিলা আয়ুক্তগৰাকীয়ে সাংবাদিকসকলৰ হাতত এই শুভেচ্ছামূলক উপহাৰ তুলি দিয়ে। উল্লেখ্য যে দৰং জিলাত ৪৯ গৰাকী চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাংবাদিক আছে । জিলাখনৰ সমূহ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাংবাদিকলৈ এই শুভেচ্ছামূলক উপহাৰ আগবঢ়োৱা হৈছে।