‘চুপাৰ ডান্সাৰ ৪’ ৰিয়েলিটি শ্বʼত অসম জীয়ৰী ফ্লৰিনা গগৈৰ বিজয় 

Pc- the Indian Express

‘চুপাৰ ডান্সাৰ ৪’ ৰিয়েলিটি শ্বʼত অসম জীয়ৰী ফ্লৰিনা গগৈৰ বিজয় 

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমৰ যোৰহাটৰ সাত বছৰীয়া ছোৱালী ফ্লৰিনা গগৈ নৃত্য ৰিয়েলিটি শ্ব’ ‘চুপাৰ ডান্সাৰ’ৰ চতুৰ্থ চিজনত বিজয়ী হয়। বিগত ছমাহ ধৰি চলা কষ্টকৰ এই যাত্ৰাৰ গ্ৰেণ্ড ফিনালেত প্রত্যাশিতভাৱেই নিজৰ স্থান নিশ্চিত কৰিবলৈ সক্ষম হৈছিল যোৰহাটৰ ফ্লৰিনা গগৈ। ফ্লৰিনা গগৈই ১৫ লাখ টকাৰ চেক লাভ কৰিছে লগতে ফ্লোৰিনাৰ মেণ্টৰ(Mentor) তুষাৰ চেট্টীক ৫ লাখ টকাৰ চেক প্ৰদান কৰা হয়। চূড়ান্ত খিতাপৰ দৌৰত আছিল দিল্লীৰ এছা মিশ্র, পঞ্জাবৰ সঞ্চিত চন্দ্ৰা, কৰ্ণাটকৰ প্ৰুথভি ৰাজ, মধ্যপ্ৰদেশৰ নীৰজা৷  কৰ্ণাটকৰ প্ৰুথভিৰাজক প্ৰথম ৰানাৰ-আপ হিচাপে ঘোষণা কৰা হয় আৰু পঞ্জাৱৰ সঞ্চিত চানানাক দ্বিতীয় ৰানাৰ-আপ হিচাপে ঘোষণা কৰা হয়। এই মেগা প্রতিযোগিতাত চূড়ান্ত খিতাপ দখল কৰি অত্যন্ত উৎফুল্লিত হৈ পৰা ফ্লৰিনাৰ এই যাত্রাক যিসকলে তেওঁক সমর্থন জনালে, ভোট দিলে, তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছে। ইয়াৰ উপৰি ছুপাৰ গুৰু তুষাৰ ছেট্টীক সমগ্ৰ যাত্ৰাত দিয়া শিক্ষা আৰু প্ৰশিক্ষণৰ বাবে ধন্যবাদো জ্ঞাপন কৰে ফ্লৰিনাই। উল্লেখ যে যোৰহাটৰ কেন্দুগুৰি নিৱাসী দেৱজ্যোতি গগৈ আৰু শিক্ষয়িত্ৰী মাতৃ জ্যোতিমণি গগৈৰ কন্যা ফ্লৰিনা যোৰহাট কাৰ্মেল স্কুলৰ ক্লাছ ৱানৰ ছাত্ৰী।