চুই চাম যেন
আঁকিব নাজানো বাবেই ছৱি এখন
ৰঙবোৰ কি চুয়ো নাচাম!
ৰঙ মানেনো কি!
বুকুত বৈ থকা ভাৱনাৰ এখন নদী!
সেয়ে ৰঙা তেজ,ৰঙা বেলি,ৰঙাৰ এখন সাঁকো
সেওঁতাজুৰি
তেনে বলি থকা এজাক ধুমুহাৰ যদি ৰঙ আঁকো
দুচকুত দুখন ৰঙা নদী!
সেউজীয়া বুলিলেই ‘আগলতি কলাপাত ল’ৰে কি চৰে’
মানুহৰ বুকুতো গজি উঠে শইচ সোণোৱালী
শ্যামল পথাৰ
বুকুতেই অহৰহ কঢ়িয়াই ফুৰে মানুহে
অটব্য হাবি
বুকুতেই ৰু ৰুৱাই নিৰ্জন অৰণ্য
বগা মানেই কি চুলিত কালৰ আঁচোৰ!
বগা মানেই কি কৰুণ বৈধব্য
পোহৰৰ কণিকাবোৰো সেই একেই…
হালধীয়া মানেইতো ছবি সৰাপাতৰ
হালধীয়া সৰিয়হ এডৰা
তেনে কিয় ফুলে সোণাৰু বুকুজুৰি!
ৰঙবোৰ চুই চুই ভাৱিছো কি ৰঙেৰে আঁকিব পাৰি
হৃদয়ৰ গভীৰত ৰ’দ চটিয়াই ফুৰা এটি হাঁহি!
শিখা গোস্বামী মহন্ত
নগাঁও