চি পি আই (এম এল) নেতা, সৰবৰহী ব্যক্তি মন্তেশ্বৰ ৰহাঙৰ বিয়োগ: দল-সংগঠনৰ শোক

Pc Wikipedia

চি পি আই (এম এল) নেতা, সৰবৰহী ব্যক্তি মন্তেশ্বৰ ৰহাঙৰ বিয়োগ: দল-সংগঠনৰ শোক

গুৱাহাটী,ৰঙিলী বাৰ্ত্তাসেৱা-   চি পি আই ( এম এল)ৰ অসমৰ অগ্ৰণী নেতা, বৃহত্তৰ নাৰেংগী-নুনমাটি-বোন্দা অঞ্চলৰ সৰবৰহী ব্যক্তি মন্তেশ্বৰ ৰহাঙৰ (৬৯) কালি পৰলোকপ্ৰাপ্তি ঘটে । তেও দীৰ্ঘদিন ধৰি উচ্চ ৰক্ত চাপ, মধুমেহ ৰোগত আক্ৰান্ত হৈ আছিল । ২০০৬ চনত চিপিআই (এম-এল)ৰ প্ৰাৰ্থী হিচাবে বিধান সভা নিৰ্বাচনত দিছপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিছিল। তেও মৃত্যুৰ সময়লৈকে চি পি আই (এম এল)ৰ সক্ৰীয় সদস্য আছিল। তেওঁ সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ প্ৰাক্তন ৰাজ্যিক উপ সভাপতি আছিল। তেওঁৰ উদ্যোগতে বোন্দাত জনসাংস্কৃতিক পৰিষদৰ আহ্বানত প্ৰথমবাৰ বিষ্ণু ৰাভা দিৱস অনুষ্ঠিত হয়। তেওঁ বোন্দা ট্ৰাইবেল সংঘৰ সভাপতি, বোন্দা হাইস্কুল, এম ই স্কুল, বোন্দা আঞ্চলিক মহাবিদ্যালয়, জনজাতি ক্ৰীয়া আৰু সাংস্কৃতিক বিকাশ কেন্দ্ৰ, ৰাধাকৃষ্ণ আশ্ৰম আদিৰ প্ৰতিষ্ঠাপক তথা বিষয়ববীয়া আছিল। বোন্দা গাওঁৰক্ষী বাহিনীৰ সভাপতি আছিল। অঞ্চলটোৰ বিহু সন্মিলনীকে ধৰি সকলো সামাজিক সাংস্কৃতিক কাম কাজৰ পুৰোধা ব্যক্তি আছিল। তেখেতৰ বিয়োগত চিপিআই (এম-এল)ৰ ৰাজ্যিক সদস্য পংকজ কুমাৰ দাস, ধীৰাজ দাস, গুৱাহাটী শোধনাগাৰৰ ইউনাইটেড ৱৰ্কমেন ইউনিয়নৰ গিৰীশ কলিতা, বিশিষ্ট সমাজকৰ্মী ডা:প্ৰফুল্ল বসুমতাৰী, বহুভাষিক সাহিত্য মঞ্চ,অসমৰ প্ৰধান সম্পাদক দীপক শৰ্মা, পৰাগজ্যোতি প্ৰকাশনৰ হৈ স্বপ্না শৰ্মাই গভীৰ শোক প্ৰকাশ কৰি শোক -সন্তপ্ত পৰিয়ালবৰ্গৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে । মৃত্যুৰ সময়ত তেওঁ দুজন পুত্ৰ এগৰাকী বোৱাৰী, জী জোৱাই এৰি থৈ যায়।