চিন্তা-সংযুক্তা দত্ত

Pc- Youth Incorporated Magazine

চিন্তা

আমি সকলোৱে যিকোনো কাম এটা কৰাৰ আগত চিন্তা কৰো। মানুহে আগত চিন্তা কৰে তাৰ পাছত হে যিকোনো এটা কাম হাতত লয়। চিন্তাই কাম এটা কৰিলে তাৰ ফলাফল কি হ’ব তাক দেখুৱাই দিয়ে। অৱশ্যে আমাৰ সকলোৰে চিন্তা-ধাৰা বেলেগ বেলেগ সেয়া বেয়া চিন্তাও হ’ব পাৰে অথবা ভাল চিন্তাও হ’ব পাৰে। সেয়া নিৰ্ভৰ কৰে মানুহ এজনৰ মানসিকতা আৰু পৰিস্থিতিৰ ওপৰত। চিন্তাই যেনেদৰে সিদ্ধান্ত লোৱাত সহায় কৰে। ঠিক তেনেদৰে চিন্তাই এজন মানুহক ভিতৰি ভিতৰি মাৰিও পেলাব পাৰে। চিন্তা হ’ল চিতাৰ নিচিনা যিয়ে মানুহ এজনক শেষ কৰি দিব পাৰে। সেই বুলি কিন্তু চিন্তা নকৰাকৈও থাকিব নোৱাৰি । আমি সকলোৱে কেতিয়াবা কেতিয়াবা চিন্তাত পৰা উচিত । চিন্তাৰ দুটা দিশ থাকে এটা ভাল এটা বেয়া। আমি সদায় ভাল দিশটোৰ ওপৰতো চিন্তা কৰি চাব লাগে আৰু বেয়া দিশটোৰ ওপৰতো চিন্তা কৰি চাব লাগে। কাৰণ ভাল দিশটোৱে আমাক আমাৰ লাভৰ বিষয়ে ক’ব আৰু বেয়া দিশটোৱে আমাক আমাৰ লোকচানৰ বিষয়ে ক’ব । দুয়োটা দিশৰ জৰিয়তেহে আমি এটা ভাল চিন্তা কৰি এটা ভাল সিদ্ধান্ত ল’ব পাৰো।

সংযুক্তা দত্ত
দেৰগাওঁ কমল দুৱৰা মহাবিদ্যালয়।
 মিছামৰা