চিনাকি সোৱাদ-পাৰ্থপ্ৰতীম শৰণীয়া

গল্প:- চিনাকি সোৱাদ

কোনোমতে ছয়মাহিলী পৰীক্ষাটো শেষ হ’ল। গৰমৰ বন্ধ পোৱাৰ বাবে এতিয়া অলপ আজৰি।ৰতনৰো আনন্দৰ সীমা নাই, কাৰণ সি মোমায়েকৰ ঘৰলৈ যাব পাৰিব। ৰতনৰ মাক সুভদ্ৰা, বৰ কাজী তিৰোতা। ভায়েকৰ ঘৰত যাম যাম বুলি ভাবি তায়ো যাব নোৱাৰে।ৰতনৰ তাগিদাতেই বহু সময় কটায় আৰুতো ঘৰৰ কাম বন আছেই। তাৰ দেউতাক মধুৰীপুৰ থানাৰ এজন সুদক্ষ পুলিচ বিষয়া। ব‍্যস্ততাই তেওঁক আৱৰি ৰাখিছে। কি দিন কি ৰাতি একো চিন চাবেই নাই‌। চেকেণ্ডে চেকেণ্ডে চহৰখনত ঘটনা ঘটিয়েই থাকে, তেনে ক্ষেত্ৰত তেওঁৰ পৰিয়ালৰ খৱৰ ল’বলৈয়ো তেওঁৰ আহৰি খুবেই কম।তথাপি সিহঁতৰ সংসাৰখন খুব সুন্দৰ।
সুভদ্ৰাই কেলেণ্ডাৰখন চাই মেলি ক’লে―
: ধুনু, আমি অহা সপ্তাহত মামাহঁতৰ ঘৰলৈ যাম। ৰতনক মাকে ধুনু বুলিয়েই মাতে।
: থিক আছে মা। ৰতনে জাঁপ মাৰি উঠিল।
দিনকেইটা গৈ গৈ নিৰ্দিষ্ট তাৰিখটো আহি পালেহি মাথোঁ আজি ৰাতিটো।খোৱা বোৱা হোৱাৰ পিছত সুভদ্ৰাই টালি টোপোলাবোৰ সাজু কৰিবলৈ ল’লে।তাই দুযোৰ মেখেলা চাদৰ আৰু ৰতনৰ বাবে তিনিটা পোছাক লৈছে।অৱশ‍্যে আন তিৰোতাৰ দৰে সুভদ্ৰাই নাইটি পিন্ধি ভাল নাপায়, তাইৰ মেখেলাচাদৰেই প্ৰিয় সেয়ে ঘৰতে তাঁতশালো বহুৱাই লৈছে।
তৰুণ তপনে পূবেৰুণ দিয়া মাত্ৰকে সুভদ্ৰা সাৰ পালে।লৰা লৰিকৈ উঠি গা পা ধুই ভাত বনালে।ৰতনকো গা ধুৱাই মূৰত তেল দি কপাহী কাপোৰ এযোৰ পিন্ধাই ভাত খুৱালে।তাইয়ো খাই লৈ সাজোন-কাচোন কৰিবলৈ গ’ল।আৰ্চিখনত নিজকে চাই তাই মাজে মাজে হাঁহিছে।মনত ফুৰ্তি লাগিছে তাইৰ, আজি ছয় বছৰৰ মুৰকত মাকৰ ঘৰত যাব। কিন্তু এটা দুখ, গিৰীয়েক মিষ্টাৰ এছ. বৰুৱাৰ মুখখন মাকে দ্বিতীয়বাৰৰ বাবে নেদেখিবই নেকি! কেতিয়াবা খং উঠে, পাষণ্ডবোৰক একেবাৰে নিঃশেষ নকৰে কিয়? সিহঁতৰ বাবে বাৰে বাৰে মূৰ ঘমাই দৌৰি ফুৰিব লাগে যে! এইবোৰ কথা ভাবি ভাবিয়েই সুভদ্ৰা সাজু হৈ গ’ল। পদূলিত গাড়ীচালকজন ৰৈ আছিল, খিৰিকীৰ ফাঁকেৰে সুভদ্ৰাই মাতিলে―
: ভাইটি, এইফালে আহাচোন, বস্তু-বাহানিবোৰ গাড়ীত উঠাব লাগে।
: গৈছো বাইদেউ। সি লৰা লৰিকৈ আহিল।
ৰতন আৰু মাক সুভদ্ৰা গাড়ীত বহিল।বস্তু বাহানিবোৰ উঠাই চালকজন গাড়ী চলাবলৈ উদ‍্যত হ’ল আৰু লাহে লাহে গাঁও অভিমুখে আগবাঢ়িল।
ৰতনৰ মোমায়েকৰ ঘৰ চহৰৰ পৰা প্ৰায় ১০০ কিলোমিটাৰমান দূৰ।গাঁৱৰ মাজে মাজে চহৰৰ মাজে মাজে গাড়ীখন গৈ থাকিল। গৈ থাকোতে কোনোবা ঠাইত ডালভৰা আম, জামু, লেটেকু দেখিলে, সুভদ্ৰাৰ জিভাৰ পানী আহি গ’ল।চহৰৰ বজাৰত পোৱা ফলমুল আৰু গাঁৱত পোৱা ফলমুল উভয়ৰে সোৱাদ সম্পূৰ্ণ বেলেগ।তাৰ লগে লগে বজাৰৰ ফলমুলত বিষক্ৰিয়া নোহোৱাও নহয়।নানা ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰি সেইবোৰ সতেজ কৰি ৰখা হয়।
অৱশেষত মোমায়েকহঁতৰ ঘৰ পালে আৰু দৈৰ্ঘ্য যাত্ৰাৰো অন্ত পৰিল। মোমায়েকৰ জীয়েক সংগীতাই পেহী পেহী বুলি চিঁঞৰি চিঁঞৰি দৌৰ মাৰি ওলাই আহিছে। সুভদ্ৰাই সংগীতাৰ গালত এটা চুমা আঁকি দিলে। গাড়ীচালকজনে বস্তু-বাহানিবোৰ এপদ এপদকৈ নমাই আছে। শেষত ৰতন আৰু সংগীতাই কাপোৰৰ টোপোলাটো কেকোঁজেকোঁকৈ ভিতৰলৈ লৈ গ’ল।
:বাইদেউ, মই যাওঁ। সি ক’লে।
:ধেৎ, চাহ খাই যাবা। বেয়া পাব নহয় মাহঁতে।সুভদ্ৰাই জোৰ কৰিলে।
:বলক তেন্তে বাইদেউ, খাই লওঁ। সুভদ্ৰা আৰু গাড়ীচালক উভয়ে ভিতৰলৈ সোমাই গ’ল।
সুভদ্ৰাই মাকক টিভি ৰূমত দেখিলে।গাড়ীচালকজনক তাতে বহিবলৈ কৈ তাই হাতমুখ ধুই আহিল।
:মা, কেনে আছা পিছে? সুভদ্ৰাই সুধিলে।
: কিনো ক’ম আইজনী,বেমাৰেচোন লগ নেৰা হ’ল।
:মা, ঔষধ পাতিবোৰ নিয়মীয়াকৈ খাবাচোন আৰু অলাগতিয়াল কথাবোৰ ভাবি নাথাকিবা।
: হৈছে হৈছে, তই শিকাব নালাগে,মাকে ক’লে। পিছে এওঁনো কোন? সুভদ্ৰাৰ পিনে চাই মাকে সুধিলে।
:অঃ মা, পাহৰিছিলো ক’বলৈ, এওঁ মোৰ গাড়ীচালক শ্ৰী যুত ৰজত বৰুৱা।তেখেতে থানাত অহা যোৱা কৰোতে এওঁৰ সৈতে চিনাকি হৈছিল আৰু শেষত নিজৰ ঘৰতে কৰ্ম সংস্থাপন দিলে।
:নমস্কাৰ মা, ৰজতে সম্ভাষণ জনালে।
সুভদ্ৰাই এইবাৰ হঠাৎ কথাৰ মাজতে সুধি পালে,”ভাইটি ক’ত গ’ল?”।
:পথাৰলৈ গ’ল চাগে গাইজনী চাবলৈ! মাকে ক’লে।
দুলুৱে চাহ জলপান আনিলে।
:চাহ খাওক, দুলুৱে উৰণিখন তুলি ল’লে।
: এই উৰণি কিয় লৈছা? নমোৱা। সুভদ্ৰাই হঠাৎ আচৰিত হোৱাদি ক’লে।
: ঠিক আছে বা।
:দুলু, এয়া মোৰ ভ্ৰাতৃসম ৰজত আৰু আমাৰ ঘৰত গাড়ী চলায়; ৰজত, এইয়া আমাৰ দুলুমনী মানে আমাৰ ভাইবোৱাৰী,সুভদ্ৰাই চিনাকি দি গ’ল। দুয়ো দুয়োকে নমস্কাৰ কৰিলে।নানা কথাৰ মাজেৰে সময়খিনি জীপাল হ’ল।চাহ জলপান খিনি খাই উঠি ৰজত উভতিবলৈ ওলাল। আটাইবোৰে পদূলিলৈ আগবাঢ়ি আহি তাক বিদায় দিলে। সুভদ্ৰাই পৰিবেশটো লক্ষ‍্য কৰিলে। ভায়েকৰ ঘৰটো সম্পূৰ্ণ সলনি হৈছে, দেউতা ঢুকুৱাৰে পৰা তাইৰ বিয়া হোৱালৈ যি ঘৰ আছিল, এতিয়া বহুত উন্নত। ইশ্বৰে দয়া কৰিছে মাহঁতক, ভায়েক সুনন্দক চাকৰিৰ পথ এটি মোকলাই দিছে,সুনন্দ এতিয়া গাঁৱৰ সমীপতে থকা এম.ই. স্কুলৰ এজন শিক্ষক। মাৰ চুলিখিনিও লাহে লাহে ধূসৰ হ’ব ধৰিছে,ইফালে পদূলিৰ সোণাৰু জোপাও নাই। মুঠতে পৰিবৰ্তনেই পৰিবৰ্তন।
লাহে লাহে সুভদ্ৰা ভিতৰলৈ সোমাই গ’ল। টিভি ৰূমত আইতাকৰ কোলাত বহি সংগীতা আৰু ৰতনে চিনেমা চাই আছে। তাই কাপোৰযোৰ সলাও বুলি অন‍্য এটি কোঠালৈ সোমাই গ’ল।কোঠাটোত এখন মেজ আৰু মেজখনত আছে এটি স্মৃতি।সেই দাঁতিকাষৰীয়া নৈৰ পাৰত ভায়েকৰ সৈতে একেলগে উঠা এখন স্থিৰ ছৱি। তাইৰ সোণালী শৈশৱৰ স্মৃতিবোৰ দুচকুৰ পটাত ভাহি উঠিল আৰু কাষতে থকা বিচনাখনত শুই দিলে।
সন্ধিয়া ঠিক ছয় মান বাজিছে, তাই সাৰ পাই হাত মুখ ধুই আহি দেখে যে ৰতন সংগীতা দুয়ো আইতাকৰ সাধুকথা শুনি আছে।ভায়েকে গোহালিত গাইজনী বান্ধি থৈ আহিল আৰু একেলগে চোতালখনতে বহিলেহি।দুলুৱে সকলোৰে হাতত চাহ একাপকৈ দি গ’ল লগতে একোখন মেৰিগোল্ড্ বিস্কুট।
নানা ফুৰ্তিৰ মাজেৰে সুভদ্ৰাৰ তিনিটা দিন কেনেকৈ পাৰ হৈ গ’ল গমেই নাপালে। আচলতে চহৰীয়াসকলে দিনটো ব‍্যস্ততাৰ মাজতে কটায়, যদিও কিছু আহৰি পায় সেয়া পাৰ্ক বা ৰেস্তোৰাৰ বুকুত সেই ক্ষণ বিলীন হয়। গাঁৱত আকৌ তেনে নহয় কোনো তিৰোতাই কাৰোবাৰ ঘৰত গৈ ইজনীয়ে সিজনীৰ ওকণি বিচাৰি, তামোল-পাণ, ধঁপাত খাই নানা কথাৰ জুতি লয়।
ওচৰ চুবুৰীয়াই হাল জুৰিছে মাত্ৰ,পথাৰৰ ৰোৱা-তোলা কাম শেষ।সন্ধ‍্যা নামো নামো,সুভদ্ৰাই পদূলিত টহল দি আছে, হঠাৎ ৰহীমলা খুড়ীক দেখি তাইৰ খুব হাঁহি উঠিল।ৰ’দত থাকি থাকি মানুহজনী এঙাৰ যেন হৈ গৈছে,তাতে খুড়ী আকৌ খুহুতিয়াও।
:কি হে সুভদ্ৰা, হাঁহি আছা দেখোন, কেতিয়া আহিলা?ৰহীমলা খুড়ীয়ে অলপ আগুৱাই আহি হাঁহি মাৰি সুধিলে।
: খুড়ী, তোমাক দেখিয়ে হাঁহি উঠিল,ক’লা হৈ গ’লাচোন। মোৰ অহা তিনিদিন হ’ল খুড়ী, তাই ক’লে।
: উম, উপায় নাই, খেতি বিনে আমাৰ জানো গতি আছে সুভদ্ৰা! তাকো যিডালহে ধান হয় প্ৰভু! পিছে আমাৰ পিনে এপাক মাৰিবাচোন। মানুহজনীক দুখ এটাই আৱৰি ধৰা যেন লাগিল।
:বলক এতিয়াই গৈ আছো, কালি সময় নহ’বও পাৰে।তাই ৰতন আৰু সংগীতাক ৰিঙিয়াই মাতি লৈ গ’ল।
ৰহীমলা খুড়ীয়ে গামোচা এখনেৰে সাতামপুৰুষীয়া বেঞ্চখন মচি দিলে। তিনিওকে বহিব দি খুড়ী চাহ যোগাৰ কৰা ত ব‍্যস্ত হৈ পৰিল।কিছুপৰ পিছত চাহ লৈ আহি একেলগে খাৱলৈ বহিলে।
:পিছে সুভদ্ৰা তোমাৰ ল’ৰা এইটোই নেকি, ছোৱালীনো? খুড়ীয়ে সুধিলে।
: অ খুড়ী এইটোই মোৰ ল’ৰা , ছোৱালী নাই। সাধাৰণভাৱে তাই উত্তৰ দিলে।
:কি নাম বাবু? ৰতনৰ পিনে চাই খুড়ীয়ে সুধিলে।
:ৰতন, নামটো কৈয়ে সি তলমূৰ কৰিলে।
: আ ঐ লাজ, দেঃ খা, চাহ খা। খুড়ীয়ে ক’লে।
ইটো সিটো কথাৰ মাজেৰে চাহখিনি খাই সুভদ্ৰাহঁত উভতিল। খুড়ীয়ে অলপ আগবঢ়াই থৈয়ো গ’ল। সুভদ্ৰাই আহি বাৰাণ্ডাৰ চকীখনত বহিলেহি।সন্ধ‍্যা নমাৰ লগে লগে যেন তাইৰ মনটো সেমেকি উঠিছে।এই ঘৰখন এৰি যাবলৈ তাইৰ সমূলি ইচ্ছা নাই।যান্ত্ৰিকতাৰ জীৱনৰ পৰা আঁতৰত থাকি তাই খুব শান্তি পাইছিল।তেনেকৈ কিছুসময় বহি তাই আকৌ ভিতৰলৈ সোমাই গ’ল। তাই ফটোখন চাই দুটোপালমান চকুলো নিগৰালে। শৈশৱে আজি তাইক খুব আমনি কৰিছে,কিন্তু ভায়েকে বা কথাটো অনুভৱ কৰিব পাৰিছেনে নাই! আমন জিমনকৈ তাই মাকৰ লগত বহিলগৈ। মাকে তাইক সুধিলে―
: কি হ’ল আইজনী, গা বেয়া নেকি?
:নাই মা একো হোৱা নাই।
:বাৰু , অনাগত দিনত সকলোৰে সৈতে মিলাপ্ৰীতি কৰি থাকিবি।
তাইৰ মাত নোলাল।তাই যেন এতিয়াও একো নুবুজা সৰু ছোৱালীজনীৰ দৰেই আছে। তাইৰ চকুৰ কোণৰ পৰা আকৌ চকুলো নিগৰিলে।
ভায়েক আৰু দুলু দুয়ো পাকঘৰত ব‍্যস্ত।আজি পিছে সুভদ্ৰা পাকঘৰৰ পিনে যোৱা নাই।বাকী দিনকেইটাত কিন্তু তাই আধাৰো আধা কাম কৰিছিল। কিছুসময় পিছত দুলুই ভাত খাৱলৈ মাতিলে,সময় প্ৰায় ৰাতি ন বাজিছেই। দুলু আৰু ভায়েকৰ বাহিৰে ঘৰৰ বাকী সদস‍্য একেলগে পাতত বহিল। দুলুৱে ভাত বাঢ়ি দিলে আৰু সকলোৱে খোৱাত লাগিল।
:আইজনী, তই পাতত দিয়া সৰুমাছ ভাল পোৱা নহয় সেয়ে আজি ভায়েৰাই যোগাৰ কৰিছে, মাকে ক’লে।
:বৰ ভাল লাগিছে মা, বৰ সোৱাদ হৈছে। তাইৰ প্ৰিয় খাদ‍্য সৰুৰে পৰা বিয়া নোহোৱালৈকে আৰু বিয়াৰ পিছত আজি বহুদিনৰ মুৰকত খাবলৈ পাইছে।এয়া তাইৰ মাকৰ ঘৰৰ চিনাকি সোৱাদ।চহৰত এই থলুৱা খাদ‍্যৰ সিমান সুবিধা নাই, পালে তাই ইয়াতেই পাব।
:দেঃ ভাতকেইতা ভালকৈ খা, নাতিহঁত ভাত নেপেলাবা, আইতাকে ক’লে।
অৱশেষত সকলোৰে খোৱা হ’ল।সকলোৱে শুবলৈ গ’ল, নিমাত নিতাল চৌদিশ।পিছে বহুপৰ সুভদ্ৰাৰ টোপনি অহা নাই, বাৰে বাৰে বাগৰ সলাইছে। দেউতাকৰ মৃত‍্যুৰ ছৱিখনে তাইক হেঁচুকি ধৰিছে, মাকৰ হিয়া ভগা চিৎকাৰ, ভায়েকৰ কাহিল অৱস্থা এই সকলোবোৰ।তাই বিচনাৰ পৰা উঠি পানী এগিলাচ পি ল’লে।ভগৱানক স্তুতি কৰি তাই আকৌ বাগৰ দিলে , বহুসময় পিছতহে তাইৰ টোপনি আহিল।
ৰাতিপুৱা সোণকালে উঠি গা মূৰ ধুই সুভদ্ৰা উভতিবলৈ সাজু হ’ল। দুলুই আগৰাতি সুভদ্ৰাৰ সমস্ত বস্তু বাহানি ঠিক-ঠাক কৰি থৈছিল। কিন্তু সুভদ্ৰাৰ সিদিনা এই কথাটো মনত নপৰিলেই। দিনৰ এঘাৰ বাজিল তেতিয়ালৈ ৰতনো সাজু, এনেতে পদূলিত ৰজতে গাড়ী ৰখালে।
সুভদ্ৰাই মাকক সেৱা কৰিলে, ৰতনো আইতাকৰ আশীৰ্বাদ ল’লে। তাই দুখবোৰ লুকুৱাব নোৱাৰি হুকহুকাই কান্দি পেলালে।দুলুই তাইক সাৱতি ধৰি সান্তনা দিলে।ৰতনৰ গালখন চুমাৰে উপচি পৰিল আৰু আৰু মোমায়েকে তাৰ জেপত পঞ্চাশ টকা এটা সুমুৱাই দিলে। ৰজতে কেতিয়ানো টালি টোপোলা গাড়ীত উঠালে কোনো গমেই নাপালে। অন্তত সংগীতাক সুভদ্ৰাই এটি দীঘলীয়া চুমা দি আপোন গাঁও এৰিলে।

 

―সমাপ্ত―

পাৰ্থপ্ৰতীম শৰণীয়া