চাৰে জাহাঁ চে আচ্ছা, হিন্দুস্তান হামাৰা
~~~~~
ফখৰুদ্দিন আহমেদ
ভাৰতবৰ্ষৰ পঞ্চমজন আৰু অসমৰ প্ৰথমজন আই চি এছ্ বিষয়া , পন্ডিত প্ৰবৰ আনন্দৰাম বৰুৱাই শিক্ষা গ্ৰহনৰ বাবে ইউৰোপৰ দেশলৈ তাহানিতেই গৈছিল আৰু উচ্চ শিক্ষাৰে শিক্ষিত হৈ পুনৰ অসমলৈ উভতি আহিছিল। ইচ্ছা কৰাহেতেন তেখেতে ইউৰোপীয়ান দেশত আৰ্থিক ভাবে লাভবান হোৱাৰবাবে নিশ্চয় চাকৰি কৰি থাকিব পাৰিলেহেতেন।কিন্তু তাকে নকৰি অসমলৈ উভতি অহাৰ কাৰন মাতৃভুমিৰ প্ৰতি থকা অকপট স্বদেশপ্ৰেম। তেখেতৰ চমু জীৱন কালত বিশেষ সাহিত্যৰ যি প্ৰচাৰ আৰু প্ৰসাৰ কৰিছিল তাৰ ফলস্বৰূপে পাশ্চাত্য সাহিত্য আৰু প্ৰাচ্যৰ সাহিত্যৰ মাজত এখন সমন্বয়ৰ সাঁকো আৰু তুলনামূলক আলোচনাৰ এটি ধাৰাৰ সৃষ্টি হৈছিল। তেখেতৰ ইউৰোপ আগমনৰ অবিহনে এই কাৰ্য যে সংঘটিত হ’লহেতেন তাৰ আশা কৰিবলৈ কোনো স্থলেই নাথাকিলেহেতেন।
আকৌ ইং ১৯৪৮/৪৯ চন মানৰ কথা। ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰি উঠিছিলহে। তেনে সময়তে ভাৰত চৰকাৰ আৰু ইজিপ্ত চৰকাৰৰ মাজত হোৱা শৈক্ষিক চুক্তি অনুযায়ী ভাৰত আৰু ইজিপ্তৰ দুগৰাকীকৈ মধাবী ছাত্ৰক সলনা সলনি কৰি দুয়োখন দেশে বিশ্ববিদ্যালয় পৰ্যায়ত অধ্যয়ন কৰাৰ সুবিধা প্ৰদান কৰিব। সেই চুক্তি অনুযায়ী ভাৰতবৰ্ষৰ পৰা ইজিপ্তৰ কাইৰো চহৰত অবস্থিত বিশ্ববিখ্যাত ” আল্ আজহাৰ বিশ্ববিদ্যালয়” ত অধ্যয়ন কৰিবলৈ সুবিধা পোৱা এজন ছাত্ৰ আছিল অবিভক্ত দৰং জিলাৰ তাহানিৰ ৰঙামাটি বিধান সভা সমষ্টিৰ সম্প্ৰতি ছিপাঝাৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ সানোৱা অঞ্চলৰ মৌলানা ইছলামুদ্দিন। তেখেতে কাইৰো চহৰত থকা “আমেৰিকান বিশ্ববিদ্যালয়”ৰ পৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ অৰ্হতা লগতে ” আল্ আজহাৰ বিশ্ববিদ্যালয়” ৰ পৰা এম. টি.এইচ্ অৰ্হতাও অৰ্জন কৰিছিল। আমেৰিকান বিশ্ববিদ্যালয়ত দাখিল কৰা তেখেতৰ গবেষনা গ্ৰন্থ ” THE INTRODUCTION AND DEVELOPMENT OF ISLAM IN INDIA ” মৌলানা ইছলামুদ্দিনৰ জীৱনৰ মাইলৰ স্তম্ভ স্বৰূপ। এই মহামূল্যবান গবেষনা গ্ৰন্থখনিক আমেৰিকান বিশ্ববিদ্যালয়ে স্বীকৃতিও প্ৰদান কৰিছিল। ইজিপ্তলৈ যোৱাৰ পুৰ্বে মৌলানা ইছলামুদ্দিনে পশ্চিমবংগৰ কলকতাস্থিত “আলিয়া বিশ্ববিদ্যালয়” ৰ পৰা এম. এম . অৰ্হতা অৰ্জন কৰিছিল। এখেতে ইজিপ্তত অধ্যয়ন সমাপ্ত কৰাৰ পিছত আৰবীয় দেশ সমূহৰ পৰা ভাৰতীয় টকাৰ হিচাপত বহু টকাৰ দৰ্মহাৰ চাকৰিৰ. প্ৰস্তাবো লাভ কৰিছিল। কিন্তু তেখেতে তেনে চাকৰিত মনোনিবেশ নকৰি ইং ১৯৫৪ চনত ইজিপ্তৰ নিজৰ জন্মভুমিত পদাৰ্পন কৰিছিলহি এটি সপোন লৈ। সেই সপোনটি আছিল ইজিপ্তত নিজে গৈ অধ্যয়ন কৰা শিক্ষানুষ্ঠান খনিৰ দৰে এখনি শিক্ষানুষ্ঠান অসমত গঢ়ি তোলা। সেই খন হ’ল অসমৰ প্ৰথমখন আৰবী মহাবিদ্যালয় ” ৰঙীয়া আৰবী মহাবিদ্যালয়”। ৰঙীয়া চহৰৰ মাজমজিয়াত আজিও ইং ১৯৮৩ চনত ৰাষ্ট্ৰপতিৰ পৰা শিক্ষকতাৰ বঁটা পোৱা মৌলানা ইছলামুদ্দিনৰ সপোনক বুকুত সাবতি লৈ ” ৰঙীয়া আৰবী মহাবিদ্যালয় ” সগৌৰবে অবস্থান কৰি আছে। এই আৰবী মহাবিদ্যালয়খনিৰ জন্ম যন্ত্ৰনাৰ লগত জৰিত হৈ আছে মহান শিক্ষাবিদ মৌলানা ইছলামুদ্দিনৰ মহান দেশপ্ৰেম। আৰ্থিক দিশৰ প্ৰতি তেখেতৰ লোভ থকাহেতেন হয়তু ভাৰতবৰ্ষলৈ পুনৰ উভতি নাহিলেইহেতেন। এই গৰাকী মহান শিক্ষাবিদে অসমৰ ভাষা আন্দোলনৰ পৰা অসম আন্দোলনলৈকে সকলোতে অসমবাসীক নেতৃত্ব দিছিল। ধৰ্মীয় ক্ষেত্ৰত এখেতে গোড়ামীক প্ৰশ্ৰয় নিদি ইছলাম ধৰ্মৰ তউদাৰতাবাদকহে আগস্থান দিছিল। দেশপ্ৰেম আছিল মৌলানা ইছলামুদ্দিনৰ জীৱন আৰু যৌবনৰ সপোনৰ আন এটা নাম।
একেদৰেই ইজিপ্তৰ ” জান্নাতুল ফুৱাদুল বিশ্ববিদ্যালয়” ত অধ্যয়ন কৰিবলৈ ডেপুটেছনত গৈছিল অসমৰ এসময়ৰ শিক্ষাবিভাগৰ উপসঞ্চালক , গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক , শিক্ষাবিদ অধ্যাপক চৈয়দ চামছুল হুদা। শিক্ষা সমাপ্ত কৰি তেখেতে আৰবৰ জিদ্দা চহৰত কেইবছৰ মান দোভাষীৰ চাকৰিত যোগদান কৰিছিল। তালৈ লৈ গৈছিল অকালতে বৈধব্য জীবন কটাবলগা হোৱা তেখেতৰ চেনেহৰ মাতৃক। মাতৃয়ে যিদিনাই তেখেতক অসমলৈ লৈ আনি থৈ যোৱাৰ কথা কৈছিল সেইদিনাই দোভাষীৰ চাকৰি ইস্তফা দি মাক আৰু পৰিয়ালক অসমলৈ লৈ আনি পুনৰ শিক্ষাবিভাগৰ উপসঞ্চালক পদত যোগদান কৰিছিলহি।কাৰন আছিল মাতৃ আৰু মাতৃভুমিৰ প্ৰতি থকা প্ৰেম।
দেশপ্ৰেমৰ বাবে বিলাসিতাপূৰ্ন জীৱন আৰু টকাৰ লোভ পৰিহাৰ কৰি অসম বা ভাৰতলৈ এনেদৰে উভতি অহা কৃতবিদ্য আৰু মহান ব্যক্তিৰ অনুসন্ধান কৰিলে তালিকাখন সন্দেহাতীত ভাবে যে বহু দীঘলীয়া হ’ব সেয়া ধ্ৰুব সত্য। ওপৰোল্লেখিত ব্যক্তি তিনিগৰাকী মাত্ৰ উদাহৰনহে।
চাৰ আল্লামা ইকবালে সেয়েই হয়তু লিখিছিল ” চাৰে জাহাঁ চে অচ্ছা , হিন্দুস্তান হমাৰা “। হয় , সঁচাকৈয়ে।
কিন্তু সাম্প্ৰতিক সময়ত কোনো কোনো সময়ত অৱশ্যে ওলোটা প্ৰতিচ্ছবি বা ঘটনা প্ৰবাহো দৃষ্টিগোচৰ নোহোৱা নহয়। কাৰন হিচাপে উল্লেখ কৰিব পাৰি যে কিছুদিন পূৰ্বে এগৰাকী হিন্দুত্ববাদী সাধু বাবাই কেন্দ্ৰীয় চৰকাৰক তাৰিখ নিৰ্ধাৰন কৰি প্ৰায় সতৰ্ক বানী দিছে যে নিৰ্দিষ্ট তাৰিখত যদি ভাৰতবৰ্ষক হিন্দু ৰাষ্ট্ৰ বুলি ঘোষনা কৰা নহয় তেনেহ’লে তেখেতে সমাধি ল’ব অৰ্থাৎ আত্মহত্যা কৰিব।
স্বাধীন ভাৰতবৰ্ষৰ এখন লিখিত সংবিধান আছে। দেশবাসীয়ে সেই সংবিধানখন উলংঘা হোৱা কাম আৰু কথা ক’লে সেই ব্যক্তি গৰাকী আইনগত ভাবে দোষী সাব্যস্ত হ’ব। ভাৰতবৰ্ষ সংবিধান প্ৰদত্ত ভাবে ধৰ্মনিৰপেক্ষ দেশ। ধৰ্ম নিৰপেক্ষ এই ভাৰতবৰ্ষত সাধু বাবা জনে কৰা দাবী আইনগত ভাবে নিশ্চয় অবৈধ আৰু শাস্তিৰ যোগ্য। কিন্তু এইখন দেশতে সম্প্ৰীতিৰ এনে কিছুমান খবৰ আহে যিবোৰৰ গভীৰতা আৰু সাৰ্থকতাত উল্লেখিত কট্টৰ সাম্প্ৰদায়িকতাবাদৰ পুলি পোশাই নস্যাৎ হৈ যায়। উদাহৰন স্বৰূপে কভিড ১৯ ত আক্ৰান্ত হৈ মৃত্যুৰ চাকনৈয়াত পৰি থকা মূছলমান তিৰোতা এগৰাকীক কেৰেলাৰ এখন হস্পিতালত এগৰাকী হিন্দু ধৰ্মৰ মহিলা চিকিৎসকে “কলিমা ” পঢ়ি শুনোৱাৰ পিছতে মুছলিম মহিলা গৰাকীৰ মৃত্যু হয়।এই খবৰে ইতিমধ্যে ভাৰতবৰ্ষৰ চ’চিয়েল মেডিয়াত তোলপাৰ লগাইছে লগতে দেশবাসীৰ বাবে সম্প্ৰীতিৰ আৰু একতাৰ শুভ বাৰ্তা কঢ়িয়াই লৈ আনিছে।
সাম্প্ৰতিক সময়ত চলি থকা কভিড ১৯ ৰ পৰিস্থিতিত ভাৰতবৰ্ষ তথা অসমৰ বহু ঠাইত মুছলমানে হিন্দু ধৰ্মাৱলম্বীৰ মৃতদেহ আৰু হিন্দু মানুহে মুছলমানৰ মৃতদেহ সৎকাৰ কৰিছে। তেনে এখন দেশত যেতিয়া উগ্ৰ হিন্দুত্ববাদৰ কবলত পৰি এচাম হিন্দুলোকে মুকলিকৈ ভাৰত এখন হিন্দু ৰাষ্ট্ৰ বুলি কয় বা এচাম মুছলমানে পশ্চিমীয়া ইছলামীয় দেশ সমুহত ইছলাম ধৰ্মৰ নামত কোৰান-হাদিছে অনুমোদন নিদিয়া তথাকথিত ইছলামী সন্ত্ৰাসবাদৰ কবলত পৰি ভাৰত বা অসম খনত কুটাঘাট কৰাৰ পৰিকল্পনাৰ কথা চ’চিয়েল মেডিয়া বা নিউজ চেনেল যোগে অবগত হোৱা যায় তেতিয়া মনলৈ আহে কোনো ধৰ্মই আন কোনো ধৰ্মক বা ধৰ্মাৱলম্বীলোকক ঘিন কৰিবলৈ নিশিকাই বা অনুপ্ৰেৰনা নিদিয়ে তেনেহ’লে এচাম হিন্দু আৰু মুছলমানৰ মনত এনে দেশদ্ৰোহী মনোভাবে স্থান লোৱাৰ কাৰন কি?
দেশ বিভাজনৰ সময়ত ভাৰতবৰ্ষত স্থায়ী ভাবে ৰৈ যাবলৈ সিদ্ধান্ত গ্ৰহন কৰা মৌলানা আৰু সাধাৰন
মুছলমান নাগৰিক সকলক পাকিস্তানপন্থী মৌলানা সকলে ” কাফিৰ ” বুলি ফতোৱা আৰোপ কৰিছিল।
কিন্তু সেই ভাৰতবৰ্ষত ৰৈ যাবলৈ দৃঢ়তাৰে বিৰোধীতা কৰি ভাৰতীয় মৌলানা সকলে উল্লেখ কৰিছিল এটি মাত্ৰ হাদিছৰ উদ্ধৃতি । য’ত হজৰত মোহাম্মদ ছঃ য়ে কৈছিল ” হুব্বুল ৱাতানি মিনাল ঈমান ” অৰ্থাৎ দেশ প্ৰেম ঈমান এটি অংশ । নিজৰ মাতৃভুমিক ভাল নাপালে সেই গৰাকী মুছলমান মুছলমানেই নহয়। তেনে পৰিপ্ৰেক্ষিতত কেৱল নামৰ অৰ্থ মানে ” পাকিস্তান ” হ’লেই ভাৰতত জন্মগ্ৰহন কৰি ডাঙৰ দীঘল হোৱাৰ পিছত ভাৰতবৰ্ষকহে নিজৰ মাতৃভুমি বুলি লোৱাতো মুছলমান সকলৰ বাবে ফৰজ অৰ্থাৎ বাধ্যতামূলক।নহ’লে হাদিছক অবমাননা কৰা হ’ব।
কিছুমানে ক’ব বিচাৰে যে ভাৰতীয় বা অসমীয়া মুছলমান সকল মোগলৰ বংশধৰ। এই ধাৰনাৰ কোনো ভিত্তি নাই। হয় , পৰাজিত কোনো বন্দী মোগল সেনা বা অসমৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু অসমৰ মানুহৰ আচাৰ ব্যবহাৰত মুগ্ধ হৈ অসমত ৰৈ যোৱা সেনাৰ কিছু বংশধৰ আছে।কিন্তু প্ৰায় ভাগেই ধৰ্মান্তৰিত হোৱা। ভাৰতবৰ্ষত বিশেষকৈ উচ্চ শ্ৰেনীৰ হিন্দু মানুহৰ আচাৰ ব্যবহাৰত বিতুষ্ট হৈ দলিত বা নিম্ন শ্ৰেনীৰ হিন্দু মানুহে ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত হোৱাৰ কথা ইতিহাসত আছে।লগতে বহু সংখ্যক আন ধৰ্মাৱলম্বী মানুহে ভাৰত বা অসমলৈ অহা পীৰ , আউলিয়া সকলৰ সংশ্ৰবলৈ আহি ধৰ্মান্তৰিত হোৱা । সেই পীৰ , আউলিয়া সকলৰ ভিতৰত ভাৰতৰ নতুন দিল্লীৰ খাজা মইনুদ্দিন চিস্তী , নিজামুদ্দিন আউলিয়া আদি আৰু অসমৰ ক্ষেত্ৰত ইৰাকৰ বাগদাদৰ পৰা অহা হজৰত আজান পীৰ আৰু হজৰত গিয়াচুদ্দিন আউলিয়াই প্ৰধান।
প্ৰনিধান যোগ্য কথা যে ইছলাম ধৰ্মৰ শেষ প্ৰচাৰক হজৰত মোহাম্মদ ছঃৰ জীৱিত কালতেই কেৰেলাত ভাৰতৰ ভিতৰতেই প্ৰথম মছজিদটি নিৰ্মান কৰা হৈছিল। সেয়ে শ শ বছৰ পিছত অহা মোগলৰ বংশধৰ বুলি ভাৰতীয় মুছলমান সকলক অভিহিত কৰিব বিচৰাটো ইতিহাস বিকৃতকৰনৰ নামান্তৰহে মাথোন।
ভাৰতবাসীৰ লগতে অসমবাসীয়ে যিসকল ৰাজনৈতিক নেতাই ৰাজনৈতিক পাশাখেলত কেৱল হিন্দু মুছলমানৰ বিভেদৰ গান গাই থাকে তেনে নেতাৰ প্ৰৰোচনাৰ পৰা আতৰত থকাটো সাম্প্ৰতিক সময়ৰ দাবী হৈ পৰিছে। তেতিয়াহে বেলি মাৰ নোযোৱা দেশৰ ইংৰাজক খেদি ভাৰতবৰ্ষক স্বাধীন কৰাৰ দৰে ধৰ্মীয় বিভেদ আৰু বিদ্বেষৰ পৰা মাতৃভুমি ভাৰতবৰ্ষ আৰু অসমক স্বাধীন কৰিব পাৰিম। ঐক্য আৰু সংহতি হ’ব দেশ তথা ৰাজ্যবাসীৰ বাবে প্ৰধান অস্ত্ৰ স্বৰূপ। তেতিয়াহে পুনৰ সাৰ্থক হ’ব চাৰ আল্লামা ইকবালৰ আহ্বান ” চাৰে জাহা চে আচ্ছা , হিন্দুস্তান হামাৰা “।