চাপৰৰ ৰঙামাটীত এক চাঞ্চল্যকৰ ঘটনাঃ সাজি-কাচি আহিল দৰা পক্ষ বিয়া পাতিবলৈ, আৰক্ষীয়ে পঠাই দিলে ৰঙা ঘৰলৈ

চাপৰৰ ৰঙামাটীত এক চাঞ্চল্যকৰ ঘটনা,সাজি-কাচি আহিল দৰা পক্ষ বিয়া পাতিবলৈ, আৰক্ষীয়ে পঠাই দিলে ৰঙা ঘৰলৈ

বাৰ্তাসেৱা-  ধুবুৰী জিলাৰ চাপৰ ৰঙামাটীত এই চাৰিজন ব্যাক্তিয়েই সংগঠিত কৰিলে এই জঘন্য কাণ্ড ।জানিব পৰা মতে সাপটগ্ৰামৰ পৰা চাপৰৰ ৰঙামাটীলৈ আহিছিল এজনী ১৩ বছৰীয়া ছোৱালীক বিয়া পাতিবলৈ । সমাজৰ দায়িত্বশীল আৰু সচেতন ব্যাক্তিয়ে আৰক্ষীক খবৰ দিয়াত চাপৰ থানাৰ ভাৰ প্ৰাপ্ত বিষয়াৰ নেতৃত্বত আৰক্ষীৰ দল এটাই ঘটনাস্থলীত উপস্থিত হৈ, দৰা-কইনা, অভিভাবক আৰু ঘটক মহাশয়ক আটক কৰি পঠাই দিয়ে ৰঙা ঘৰলৈ । ইপিনে ছোৱালী জনীক ধুবুৰীৰ শিশু নিবাসলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে ।বাল্যবিবাহ যে এক সামাজিক ব্যাধি সেয়া জানিও সমাজত কিছুমান এনেধৰণৰ জঘন্য ব্যাক্তিয়ে স্বাৰ্থৰ লোভত পৰি সংগঠিত কৰি আহিছে এনে জঘন্য কাণ্ড ।উল্লেখ্য যে দৰাজন ইতিমধ্যেই তিনিজনী ঘৈণীয়েকৰ স্বামী, চতুৰ্থ জনীক বিয়া পাতিবলৈ আহি হল ৰঙা ঘৰৰ আলহী ।এইক্ষেত্ৰত আৰক্ষীৰ সমান্তৰাল কৈ সমাজৰ দায়িত্বশীল ব্যক্তিও ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হোৱা দেখা যায় ।

News desk report..