চাকৰিৰ পৰা বৰ্খাস্ত হ’ব অসম ফিচাৰি ডেভেলপমেন্ট কৰ্পৰেচনৰ ২১৭ গৰাকী কৰ্মী

চাকৰিৰ পৰা বৰ্খাস্ত হ’ব অসম ফিচাৰি ডেভেলপমেন্ট কৰ্পৰেচনৰ ২১৭ গৰাকী কৰ্মী

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ মীন নিগমত নিযুক্তি কেলংকাৰীক লৈ সৰৱ মন্ত্ৰী পৰিমল শুক্লবৈদ্য।চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ’ব অসম ফিচাৰি ডেভেলপমেন্ট কৰ্পৰেচনৰ ২১৭গৰাকী কৰ্মীক।ইতিমধ্যে অসম ফিচাৰী ডেভেলপমেণ্ট কৰ্পৰেচনৰ এই ২১৭গৰাকী অবৈধ নিযুক্তিপ্ৰাপ্ত কৰ্মীলৈ ৰাজ্য চৰকাৰে জাননী প্ৰেৰণ কৰিছে।অহ‍া ২৮ জুলাইৰ ভিতৰত ফিচাৰি ডেভেলপমেন্ট কৰ্পৰেচনৰ ২১৭গৰাকী কৰ্মীয়ে জাননীৰ উত্তৰ দিব নোৱাৰিলে চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ’ব।আজি হাইলাকান্দিত সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে আবকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই।মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কয় যে,” ফিচাৰী ডেভেলপমেণ্ট কৰ্পৰেচনৰ ভিতৰত হোৱা নিযুক্তিৰ তদন্ত কৰাৰ বাবে ৰাজ্যৰ মুখ্য সচিবৰ নেতৃত্বত এটা ৪ জনীয়া কমিটী গঠন কৰি দিছিল।এই কমিটীয়ে দিয়া তদন্ত ৰিপোৰ্ট অনুসৰি ২২০ খন নিযুক্তিৰ ভিতৰতে ২১৭খন ভুৱা। এই ২১৭গৰাকী অবৈধ নিযুক্তিপ্ৰাপ্ত কৰ্মীক জাননী প্ৰেৰণ কৰিছে ৰাজ্য চৰকাৰে।অহা ২৮ জুলাইৰ ভিতৰতে জাননীৰ উত্তৰ দিব নোৱাৰিলে এই সকলক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ’ব।উল্লেখযোগ্য যে,এইসকলক অবৈধভাৱে নিযুক্তি দিয়‍া ব্যক্তিসকলৰ বিৰুদ্ধেও ব্যৱস্থা লোৱা হ’ব বুলি মন্ত্ৰী শুক্লবৈদ্যই ঘোষণা কৰে।কোনো বিজ্ঞাপন, সাক্ষাৎকাৰ অবিহনে ফিচাৰি ডেভেলপমেন্ট কৰ্পৰেচনত দিয়া হৈছিল নিযুক্তি। পূৰ্বৰ দুগৰাকী পৰিচালন সঞ্চালকৰ বিৰুদ্ধেও গ্ৰহণ কৰা হ’ব ব্যৱস্থা। বিধায়ক ৰমাকান্ত দেউৰী অধ্যক্ষ হিচাপে আৰু এন চি বসুমতাৰী, অনুৰাধা অধিকাৰী শৰ্মা পৰিচালন সঞ্চালক হিচাপে থকাৰ সময়তে মীন নিগমত সংঘটিত হৈছিল নিযুক্তি কেলেংকাৰী।