আয়ুৰসুন্দ্ৰা হাস্পতালৰ পৰা সুস্থ হৈ ঘৰলৈ উভটিল জুবিন গাৰ্গ

Pc Hindustan Times

আয়ুৰসুন্দ্ৰা হাস্পতালৰ পৰা সুস্থ হৈ ঘৰলৈ উভটিল জুবিন গাৰ্গ

ৰঙিলী বাৰ্ত্তাসেৱা- সুস্থ হৈ উঠিছে জুবিন গাৰ্গ। আয়ূৰসুন্দ্ৰা হাস্পতালত চিকিৎসাৰ পিছত এতিয়া সুস্থ জুবিন। আজি যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰবগৰাকীক হাস্পতালৰ পৰা ডিচচাৰ্জ দিয়া হ’ল। ৩ দিনত অন্তত আয়ুৰসুন্দ্ৰা হাস্পতালৰ পৰা সুস্থ হৈ ঘৰলৈ উভটিল জুবিন গাৰ্গ।কিন্তু জুবিনক কিছুদিন জিৰণীৰ প্ৰয়োজন হ’ব।সংবাদ মাধ্যমৰ আগত জুবিনে কয় যে,”খোৱা-বোৱা নিয়মীয়া কৰি টোপনি ক্ষতিটো কমালে আকৌ ফিট-ফাট হৈ যাম।”উল্লেখযোগ্য যে ডিব্ৰুগড়ৰ এখন ৰিজ’ৰ্টৰ বাথৰুমত পিছলি পৰি আঘাতপ্ৰাপ্ত হৈছিল শিল্পীগৰাকী।মূৰত আঘাত পাইছিল জুবিনে।জুবিনৰ মূৰত ৫টাকৈ চিলাই পৰিছিল।তাৰ পিছতে উন্নত চিকিৎসাৰ বাবে জুবিনক এয়াৰ এম্বুলেঞ্চৰ জৰিয়তে গুৱাহাটীলৈ অনা হৈছিল।