চন্দ্ৰযান-৩ ৰ সফল অৱতৰণ প্ৰত্যক্ষ কৰিলে দৰঙৰ ছাত্ৰ -ছাত্ৰীয়ে

চন্দ্ৰযান-৩ ৰ সফল অৱতৰণ প্ৰত্যক্ষ কৰিলে দৰঙৰ ছাত্ৰ -ছাত্ৰীয়ে

মঙ্গলদৈ,ৰঙিলী বাৰ্ত্তাসেৱা- দেশৰ আন ঠাইৰ লগতে যোৱাকালি দৰং জিলাৰো বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ -ছাত্ৰীসকল ভাৰতৰ চন্দ্ৰযান -৩ য়ে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ ঐতিহাসিক আৰু বিৰল মূহুৰ্তৰ সাক্ষী হয় । জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানত ছাত্ৰ -ছাত্ৰী আৰু শিক্ষকসকলে চন্দ্ৰযান-৩ য়ে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ দৃশ্য পোনপটীয়া সম্প্ৰচাৰযোগে প্ৰত্যক্ষ কৰে। এই উপলক্ষে বিভিন্ন শিক্ষানুষ্ঠানত পোনপটীয়া সম্প্ৰচাৰ আৰম্ভ হোৱাৰ পূৰ্বে মহাকাশ বিজ্ঞান আৰু মহাকাশ অভিযান বিষয়ক আলাপ-আলোচনা অনুষ্ঠিত হয়। শিক্ষানুষ্ঠান সমূহৰ ছাত্ৰ -ছাত্ৰীসকলে চন্দ্ৰযান-৩ ৰ সফল অৱতৰণ দৰ্শন, এই অৱতৰণৰ পিছত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দক্ষিণ আফ্ৰিকাৰ পৰা দিয়া ভাষণ শুনি আৰু চন্দ্ৰযান-৩ সৈতে জড়িত ইছৰ’ৰ কেইবাগৰাকী বিজ্ঞানীৰ বক্তব্য শুনি আনন্দিত আৰু উৎসাহিত হোৱা পৰিলক্ষিত হয় । চন্দ্ৰযান-৩ ৰ অৱতৰণৰ পোনপটীয়া সম্প্ৰচাৰ প্ৰত্যক্ষ কৰিবৰ বাবে ছাত্ৰ -ছাত্ৰীসকলৰ সৈতে শিক্ষক-শিক্ষয়িত্ৰী, বিজ্ঞান অনুৰাগী আৰু শিক্ষা বিভাগ তথা জিলা প্ৰশাসনৰ বিষয়াও উপস্থিত থাকে। দৰঙৰ জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদতো চন্দ্ৰযান-৩ চন্দ্ৰপৃষ্ঠত সফল অৱতৰণৰ পোনপটীয়া সম্প্ৰচাৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হয়। জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰী আৰু বিজ্ঞান অনুৰাগীয়ে জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদত চন্দ্ৰ যান-৩ ৰ সফল অৱতৰণ পোনপটীয়া সম্প্ৰচাৰ যোগে প্ৰত্যক্ষ কৰে।