চন্দ্ৰযান ৩ৰ সফলতাত ইছৰ’ৰ বিজ্ঞানীসকলক অভিনন্দন আপ-অসমৰ

Pc Wikipedia

চন্দ্ৰযান ৩ৰ সফলতাত ইছৰ’ৰ বিজ্ঞানীসকলক অভিনন্দন আপ-অসমৰ

ৰঙিলী বাৰ্ত্তাসেৱা- মহান বিজ্ঞানী বিক্ৰম এ ছাৰাভাইৰ সপোনক আগুৱাই নি ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰ’)ই চন্দ্ৰ পৃষ্ঠত ৰ’ভাৰতীয় বিক্ৰমৰ সফল অৱতৰণত আম আদমি পাৰ্টীয়ে বিজ্ঞানীসকলক অভিনন্দন জনাইছে। এক বিবৃতিযোগে দলটোৰ ৰাজ্যিক সভাপতি ডা৹ ভবেন চৌধুৰীয়ে কয় যে ইছৰ’ৰ এই প্ৰযুক্তিগত সফলতাই মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰত ভাৰতক এক নতুন মাত্ৰা প্ৰদান কৰিলে। চন্দ্ৰৰ দক্ষিণ মেৰুত ভাৰতৰ সফল পদাৰ্পনে ভাৰতীয়সকলো যে আন দেশতকৈ ভাৰত যে এখোজ আগবাঢ়ি আছে সেই কথাকে প্ৰতিপন্ন কৰিলে। আমি আদমি পাৰ্টীয়ে লগতে কয় যে এই সফলতা একমাত্ৰ বিজ্ঞানীসকলৰ আৰু ইয়াৰ সৈতে তেওঁলোকৰ কষ্ট, পৰিশ্ৰম আৰু সাধনা জড়িত হৈ আছে। স্বৰাজোত্তৰ ভাৰতত বিজ্ঞান তথা প্ৰযুক্তিৰ অগ্ৰগতিৰ ই এক সংযোজন মাত্ৰ। এই সফলতা কোনো এটা ৰাজনৈতিক দলৰ সফলতা বুলি ভুল বাৰ্তা যাব নালাগে বুলি আপে সোঁৱৰাই দিয়ে।উল্লেখ্য যে ইছৰ’ৰ চন্দ্ৰযান ৩ অভিযানৰ সমগ্ৰ পৰিকল্পনাৰ সময়ত অতি উচ্চ মানৰ প্ৰযুক্তি প্ৰয়োগ কৰাৰ বিপৰীতে ইন্ধন ৰাহিৰ দিশটোতো চকু দিয়া হৈছিল। আমেৰিকা, চীন বা ৰাছিয়াই অধিক ইন্ধন প্ৰয়োগ কৰি চন্দ্ৰলৈ এটা পোনপটীয়া বাটেৰে মহাকাশ যান প্ৰেৰণ কৰে। কিন্তু ভাৰতীয় বিজ্ঞানীসকলে কম ইন্ধন প্ৰয়োগ কৰি প্ৰথমে পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ সহায়ত পৃথিৱীৰ চাৰিওফালে গতি কৰি শেষত চন্দ্ৰৰ মাধ্যাকৰ্ষণ শক্তিৰ সহায়ত চন্দ্ৰৰ কক্ষপথত যানখন প্ৰতিষ্ঠা কৰিলে। দীঘলীয়া সময় ল’লেও মাধ্যাকৰ্ষণৰ সহায় লৈ কম ইন্ধনতে চন্দ্ৰলৈ গৈ পোৱাৰ প্ৰযুক্তিগত সফলতাতো আম আদমি পাৰ্টী গৌৰৱান্বিত।