চতুৰ্থ নৰ্থ ইষ্ট মিডিয়া চেম্পিয়নছ ট্ৰফী ক্ৰিকেটৰ ছেমিফাইনেলত দূৰদৰ্শন, অসম

চতুৰ্থ নৰ্থ ইষ্ট মিডিয়া চেম্পিয়নছ ট্ৰফী ক্ৰিকেটৰ ছেমিফাইনেলত দূৰদৰ্শন, অসম

ৰঙিলী বাৰ্ত্তাসেৱা- এভাৰগ্ৰীণ গ্ৰুপৰ দ্বাৰা আয়োজিত চতুৰ্থ নৰ্থ ইষ্ট মিডিয়া চেম্পিয়নছ ট্ৰফী টি – ২০ ক্ৰিকেট প্ৰতিযোগিতাত দূৰদৰ্শন, অসমে ছেমিফাইনেলত প্ৰৱেশ কৰিছে । তৃতীয় দিনা শনিবাৰে দূৰদৰ্শন, অসমে ডি ৱাই ৩৬৫ দলক ৬৯ ৰাণত পৰাস্ত কৰে । গুৱাহাটীৰ জজ ফিল্ডত বিয়লি বিধায়ক হেমাংগ ঠাকুৰীয়াই উদ্ধোধন কৰা মেচখন ১৫ অভাৰলৈ হ্ৰাস কৰা হয় । দূৰদৰ্শন, অসমে প্ৰথমে বেট ধৰি ১৫ অভাৰত ৩ উইকেটত কৰে ১৮৪ ৰাণ । দলৰ তিনিজন বেটাৰে অৰ্ধশতক কৰে । হেমন্ত তালুকদাৰে ৫৬, এছ বেনাৰ্জীয়ে তিনিটা ছিক্সাৰসহ ৫৫ আৰু অনুজ বাছফৰে ৫০ ৰাণ কৰে । বলিঙত কিশোৰ তালুকদাৰে ২ টা আৰু প্ৰণৱ শ‌ইকীয়াই এটা উইকেট লাভ কৰে । প্ৰত্যুত্তৰত ডি ৱাই ৩৬৫ দলে নিৰ্ধাৰিত অভাৰত ৬ উইকেটত ১১৫ ৰাণ কৰি পৰাজিত হয় । দলৰ দীপজ্যোতি কলিতাই ৩৩, অংকুৰ বৰঠাকুৰে ১৬ আৰু প্ৰণৱ শ‌ইকীয়াই ১৩ ৰাণ কৰে । বিজয়ী দলৰ অনুপ ভট্ৰ‌ই ২ টা উইকেট দখল কৰে । মেন অৱ দ্য মেচ হয় দূৰদৰ্শন দলৰ এছ বেনাৰ্জী ।ইফালে পুৱা অনুষ্ঠিত প্ৰথম মেচত শ্বিলং প্ৰেছ ক্লাবে প্ৰাগ নিউজক ৩ উইকেটত পৰাস্ত কৰে । প্ৰাগ নিউজে ১৬.৪ অভাৰত সকলো উইকেট হেৰুৱাই কৰে ৮৬ ৰাণ । দলৰ মৃগাংক‌ই ২২, বিনয় বাছফৰে ১৭ আৰু অধিনায়ক ভাৰ্গৱ ৰাজ বৈশ্য‌ই ৯ ৰাণ কৰাৰ বাহিৰে বাকীসকল ৰাণ সংগ্ৰহত ব্যৰ্থ হয় । বলিঙত প্ৰতিপক্ষৰ ছানভাৰ্ট বি কুৰ্কালাঙে ১৫ ৰাণ ব্যয় কৰি ৩ টা উইকেট দখল কৰে । প্ৰত্যুত্তৰত শ্বিলং প্ৰেছ ক্লাবে ১৫.২ অভাৰত ৭ উইকেটত ৮৯ ৰাণ কৰি বিজয়ী হয় । দলৰ ছেইলভিষ্টাৰ মাইলিফেডে ২১, বামানভা শ্বাংপ্লিঙে ১৫ আৰু অংকিত কুমাৰ যাদৱে ১৪ ৰাণ কৰে । বলিঙত প্ৰাগৰ অমিত দাসে ১৬ ৰাণৰ বিনিময়ত ৪ টা উইকেট আৰু বিনয় বাছফৰে ২ টা উইকেট দখল কৰে । বিজয়ী দলৰ ছানভাৰ্ট বি কুৰ্কালাঙে লাভ কৰে মেন অৱ দ্য মেচৰ ট্ৰফী । আজি পুৱা ডি এ নিউজ প্লাছে ডি ৱাই ৩৬৫ আৰু বিয়লি শ্বিলং প্ৰেছ ক্লাবে এন বি নিউজৰ বিৰুদ্ধে খেলিব ।