চতুৰ্থ দিনা ভেল্লা, বৰপেটা, কয়াকুছি, ভৱানীপুৰত পদযাত্ৰা লুৰীণ বাহিনীৰ

চতুৰ্থ দিনা ভেল্লা, বৰপেটা, কয়াকুছি, ভৱানীপুৰত পদযাত্ৰা লুৰীণ বাহিনীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- অসম জাতীয় পৰিষদৰ ‘এক অসম যাত্ৰা’ই দেওবাৰে চতুৰ্থ দিনা বৰপেটা জিলা পৰিক্ৰমা কৰে৷ দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ নেতৃত্বত দলৰ কৰ্মী-সমৰ্থকসকলে হাউলী, ভেল্লা, বৰপেটা চহৰ আৰু কয়াকুছি বজাৰৰ মাজেৰে যাত্ৰা কৰি ভৱানীপুৰত থকা অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ বেদীত শ্ৰদ্ধাৰ্ঘ নিৱেদন কৰি কাৰ্য্যসূচীৰ সামৰণি মাৰে৷ নিশা যাত্ৰাকাৰী দলটোৱে বজালী জিলাৰ পাঠশালাত নৈশ যাপন কৰি পুৱা পাঠশালাৰ পৰা যাত্ৰা আৰম্ভ কৰে যাত্ৰাকাৰী দলটোৱে যোৱা নিশাটো হাউলীৰ নিৰ্মালী বিবাহ ভৱনত যাপন কৰে৷ দলৰ বৰপেটা জিলা সমিতিয়ে নিৰ্দ্ধাৰণ কৰি দিয়া উক্ত বিবাহ ভৱনটোতে মজিয়াত তুলি পাৰি শুই নিশা যাপন কৰে দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈসহ নেতাসকলে৷ পুৱা নিৰামিষ আহাৰ খাই হাউলীৰ পৰা যাত্ৰা আৰম্ভ কৰে আৰু দুপৰীয়া বৰপেটা নগৰ পৰিক্ৰমা কৰাৰ অন্তত পাটবাউসী সত্ৰ সংলগ্ন পথাৰত খিচিৰি খাই পুনৰ কয়াকুছি আৰু ভৱানীপুৰ অভিমুখে যাত্ৰা আৰম্ভ কৰে৷চতুৰ্থ দিনা যাত্ৰাৰ নেতৃত্বত থকা লুৰীণজ্যোতি গগৈয়ে বাটৰ দুয়োকাষে থকা লোকক নমস্কাৰ দি, কৰমৰ্দন কৰি ৰাইজৰ সৈতে মত বিনিময় কৰে৷ নেতাসকলে পদযাত্ৰা কৰি থকা সময়ত ৰাস্তাৰ দুই কাষে শাৰী পাতি পথচাৰীসকলে লুৰীণজ্যোতি গগৈ আৰু জগদীশ ভূঞাসহ যাত্ৰাকাৰীসকলক সম্ভাষণ জনায়৷ বহুতে গামোচা পিন্ধাই সম্বৰ্দ্ধনা জনায় নেতাসকলক৷ বৰপেটাৰ কেওঁটকুছি সত্ৰত কেইবাগৰাকী বৃদ্ধা নামতীয়ে লুৰীণজ্যোতি গগৈক মুৰত হাত বুলাই আশীৰ্বাদ কৰে৷ গগৈয়ে বৰপেটা চহৰত অম্বিকাগিৰী ৰায় চৌধুৰী, বাণীকান্ত কাকতি, প্ৰসন্নলাল চৌধুৰী আৰু বিষ্ণু ৰাভাৰ প্ৰতিমুৰ্তিত মাল্যাৰ্পন কৰে৷ সন্ধিয়া ভৱানীপুৰত থকা শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ বেদী আৰু প্ৰতিমুৰ্তিত চাকি-বন্তি জ্বলাই শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে৷ তাৰ পৰা যাত্ৰাকাৰী দলটো পাটশালা অভিমুখে অগ্ৰসৰ হয়৷