চক বজাৰ! এক স্মৃতি
ময়ূৰাক্ষী গগৈ
চক বজাৰ , যোৰহটীয়া ৰাইজৰ পৰিচয়।
আজি এই পৰিচয় নিমিষতে ছাই হৈ গ’ল।
কত পৰিয়াল দিশহাৰা হৈ পৰিল।
কত জনৰ আশা ছাইত জাহ গ’ল।
বাইদেউ, আহক কি লাগিব বুলি কোৱা
চিনাকি মাতবোৰ হেৰাই গ’ল চিৰদিনলৈ।
ৰমক-জমক মল বিলাকেও
ল’ব পৰা নাছিল চক বজাৰৰ ঠাই।
চক বজাৰৰ গলিয়ে গলিয়ে
বজাৰ কৰাতো এতিয়া যেন সপোন।
বাটৰুৱাই পাৰ হৈ যাওতে ক’ব,
ইয়াত এখন বজাৰ আছিল
নাম চক বজাৰ।