ঘৰৰ ল’ৰা বুলি ভাবি মাফ কৰি দিয়ক; ভৱিষ্যতে এনে ভুল নকৰাৰ প্ৰতিশ্ৰুতি; বহুৱালিৰে ভাওনাক বিকৃত ৰূপত পৰিৱেশন কৰা দীপজ্যোতি কেওঁটে অৱশেষত খুজিলে ক্ষমা

ঘৰৰ ল’ৰা বুলি ভাবি মাফ কৰি দিয়ক; ভৱিষ্যতে এনে ভুল নকৰাৰ প্ৰতিশ্ৰুতি; বহুৱালিৰে ভাওনাক বিকৃত ৰূপত পৰিৱেশন কৰা দীপজ্যোতি কেওঁটে অৱশেষত খুজিলে ক্ষমা

ৰঙিলী বাৰ্ত্তাসেৱা – নগাঁও জিলাৰ পুৰণিগুদামৰত অনুষ্ঠিত হোৱা “সমূদ্ৰ মন্থন” ভাওনাত “বেহাৰবাৰী আউটপ’ষ্ট” ধাৰাবাহিকৰ মোহন আৰু মুকুতা খ্যাত দুই শিল্পী দ্বীপজ্যোতি কেওঁট আৰু অস্বিনী ডেকাই বহুৱালিৰে ভাওনাক বিকৃত ৰূপত পৰিৱেশন কৰাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।ভাওনাক বিকৃত ৰূপত উপস্থাপন গুৰুজনাৰ অমৰ সৃষ্টিৰাজি।মোহিনীৰ ভাও লোৱা শিল্পীয়ে দানৱ ৰূপী শিল্পীক চুম্বন কৰাৰ পাছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

মোহিনীৰ ৰূপত অভিনয় কৰা দ্বীপজ্যোতি কেওঁটৰ কাণ্ডক সৰ্বত্ৰে গৰিহণা।শিল্পীৰ মানসিকতাৰ বিৰুদ্ধে ৰাজ্যজুৰি ক্ষোভ।এই কাৰ্যৰ পাছতেই চৌদশে প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পাছত অৱশেষত ক্ষমা খুজিলে দীপজ্যোতি কেওঁটে।বহুৱালিৰে ভাওনাক বিকৃত ৰূপত পৰিৱেশন কৰাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিৰ্তকৰ মাজতে ভৱিষ্যতে এনে ভুল নকৰাৰ প্ৰতিশ্ৰুতি দি, ঘৰৰ ল’ৰা বুলি ভাবি মাফ কৰি দিবলৈ অনুৰোধ জনালে দীপজ্যোতি কেওঁটে।