ঘূৰি নহা বাটেৰে যোৱা দত্ত ককা- স্বাগতা বৰুৱা গোস্বামী

ঘূৰি নহা বাটেৰে যোৱা দত্ত ককা…

স্বাগতা বৰুৱা গোস্বামী

অ’ মা মা কথা এটা শুনাছোন…কি কথা মাজনি তুমি ইয়ালৈ আহাচোন।কিয় মা,তুমি নো কি কৰি আছা?মই মইনাহঁতলৈ কিবা এটা লিখি আছিলোঁ।কি লিখিছা মোকো কোৱা আকৌ,ময়োতো অকণি মাইনা,বুলি চিল্কীয়ে মুখখন লুচিখনৰ সমানকৈ ফুলাই ক’লে।তেতিয়া মাকে ,বাৰু এতিয়া মুখখন লুচিখনৰ দৰে কৰি থাকিলে মই কিন্তু লুচিখন খাই পেলাম দেই।এতিয়া লুচিখন নাইকিয়া কৰা আৰু মোৰ ওচৰতে বহি যোৱা।এতিয়া মোক কোৱাচোন এখুদ ককাইদেউ কোন?চিল্কীয়ে বোলে নৱকান্ত বৰুৱা।সুন্দৰ…এই নৱকান্ত ককাই বহুত গীতও ৰচনা কৰিছিল নহয়,এই গীত বিলাকৰ সুৰবোৰ কোনে দিছিল জানানে?নাজানো নহয় মা…তুমি যে বকুল ফুল বুটলি থাকোতে মই তোমাক কোনতো গান শুনাইছিলো মনত আছেনে?? আছে আকৌ মা,গাই দিওঁ নেকি মা?গোৱা,

বহুদিন বকুলৰ গোন্ধ পোৱা নাই
বহুদিন বকুলৰ মালা গঁথা নাই
বকুল তলত বহি
বহুদিন বালিঘৰ
সজা হোৱা নাই
বহুদিন বকুলৰ গোন্ধ পোৱা নাই
বহুদিন বকুলৰ মালা গঁথা নাই ।

বাহঃ সুন্দৰ চিল্কী…মনত আছে তোমাৰ বুলি মাকে চিল্কীৰ গালত মৰমৰ চুমা এটা আঁকি দিলে।এতিয়া শুনা এই গীততো গাইছিল ডক্টৰ বীৰেন্দ্ৰ নাথ দত্তদেৱে।তেখেত নৱমী পূজাৰ দিনাৰ নমোৰ ওচৰলৈ গুছি গ’ল নহয়।অ’ মা আমাৰ আইতাৰ নিছিনাকৈ এই ককাজনো আৰু কেতিয়াও নাহে নেকি?নাহে অ’ মাজনি।কিন্তু কি জানা তেওঁ বহুত ভাল মানুহ আছিল আৰু এখেতসকল আমাৰ আৰ্দশ।তেওঁ একাধাৰে অধ্যাপক, গৱেষক-পণ্ডিত, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি,গীতিকাৰ,সুৰকাৰ ,সংগীত শিল্পী,প্ৰজ্ঞাৰ সাধক লব্ধপ্ৰতিষ্ঠিত সাহিত্যিক ইত্যাদি।তেখেতৰ জন্ম হৈছিল ১৯৩৩ চনৰ ৪ নৱেম্বৰত নগাঁৱত। তেওঁৰ মাকৰ নাম আছিল মন্দাকিনী দত্ত আৰু দেউতাৰ নাম আছিল কল্পনাথ দত্ত। প্ৰাথমিক শিক্ষা চেনিকুঠী প্ৰাথমিক বিদ্যালয়ত কৰে যদিও হাইস্কুলৰ শিক্ষা কিন্তু গোৱালপাৰাৰ পৰাহে কৰিছিল।পৃথ্বীৰাম চৰকাৰী বিদ্যালয়ৰ পৰা ১৯৫০ চনত অসমৰ ভিতৰত পঞ্চম স্থান অধিকাৰ কৰি প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়।তাৰপিছত কটন কলেজত বিজ্ঞান শাখাত নামভৰ্তি কৰি আকৌ আই এছ চি পৰীক্ষাত ৭ম স্থান লাভ কৰে।তাৰপিছত তেওঁ লোকসংস্কৃতিৰ বিষয়ে গৱেষণা কৰি পি এইচ ডি ডিগ্ৰী লাভ কৰে।দেখিছা চিল্কী তেখেত পঢ়া শুনাতো কিমান ভাল আছিল। গীতিকাৰ হিচাপেও তেওঁৰ মধুৰ কন্ঠেৰে নিগৰি আহিছিল অলেখ কালজয়ী গীত। সেইবোৰ হ’ল “বহুদিন বকুলৰ গোন্ধ পোৱা নাই…”, ” বগলী বগা ফোঁট দি যা…”, অ ধুন ধুনীয়া মোৰ অকণমানি…” আদি চিৰসেউজ গীতসমূহ।তেখেতৰ মৃত্যু আমাৰ বাবে এক অপূৰণীয় ক্ষতি।এখেত সকলৰ দৰে ব্যক্তিসকলক আমি প্ৰাতঃস্মৰণীয় ব্যক্তি বুলি কওঁ।এওঁলোক আজি আমাৰ মাজত নাই যদিও তেওঁলোকে কৰি থৈ যোৱা কামৰ বাবে তেওঁলোক সদায় আমাৰ মাজত জিয়াই থাকিব। সেইবাবে সদায় মানুহে ভাল কাম কৰিব লাগে।এতিয়া চোৱাচোন ভূপেন মামা ২০১১চনতে ঢুকাইছিল কিন্তু তেওঁ কৰা ভাল কামৰ বাবে তেওঁ আজিও আমাৰ মাজত জীয়াই আছে।আজিৰ দিনতোতে অৰ্থাৎ ৫ নবেম্বৰ দিনটোত তেওঁ আমাৰ মাজৰ পৰা কেতিয়াও নহাৰ বাটেৰে গুছি গৈছিল। কিন্তু আজিও আমি তেওঁক শ্ৰদ্ধাৰে সোঁৱৰণ কৰো।অ’ মা আজি তেনেহ’লে গধূলি তুমি,মই আৰু দেউতাই ভূপেন ককাৰ বাবে এগছি বন্তি জ্বলাই তেখেতৰ আত্মাৰ চিৰ শান্তি কামনা কৰিমদেই ।হ’ব গোসানী, এতিয়া তুমি অকণমান পঢ়া মই আমাৰ মইনাহঁতকো এইখিনি কথা জনাই কিবা এটা লিখি লওঁ ৰ’বা।