গৰুখুটীৰ কৃষি প্ৰকল্প , ধলপুৰৰ উচ্ছেদ আৰু ৰাজনীতি
ফখৰুদ্দিন আহমেদ
অসম চৰকাৰৰ কেবিনেটৰ সিদ্ধান্ত মৰ্মে দৰং জিলাৰ ছিপাঝাৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত গৰুখুটীত প্ৰস্তাবিত কৃষি প্ৰকল্পৰ ৰূপায়নৰ কাম দ্ৰুত গতিত আগবাঢ়িছে। চতিয়া বিধান সভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ অধ্যক্ষতাত গঠিত কৃষি প্ৰকল্প ৰূপায়ন সমিতিয়ে ইতিমধ্যে প্ৰকল্পটিত প্ৰয়োজনীয় পাছ শ গৰাকী খিলঞ্জীয়া যুবক যুবতীক প্ৰশিক্ষনৰ দ্বাৰা উপযুক্ত কৰি তুলিবলৈ নিৰবচ্ছিন্ন প্ৰয়াস অব্যাহত ৰাখিছে।
গৰুখুটী কৃষি প্ৰকল্পৰ বাবে প্ৰস্তাবিত ভুমি বাচনি কৰা হৈছিল গৰুখুটীৰ দক্ষিনে অবস্থিত ব্ৰক্ষ্মপুত্ৰত থকা চৰাঞ্চল ধলপুৰ ১ নং , ২ নং আৰু ৩ নং খন্ড। তাত থকা মুঠ মাটি কালি ৭৭,৪২০ বিঘা মাটি আৰু এই মাটি কালি ছিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত । বিভাগীয় ভাবে যদিও ভুমি খন্ড চৰকাৰী ভাবে জনবসতি শূন্য কিন্তু প্ৰকৃতাৰ্থত এই তিনিওটা খন্ডত প্ৰায় পাছ সহস্ৰাধিক পৰিয়ালে প্ৰায় ছয় দশক পূৰ্বৰ পৰা বসতি কৰি আহিছে। এইলোক সকল ঘাইকৈ বাংলাদেশ মূলীয়।দশক দশক ধৰি বসতি কৰি অহা এই মিঞা মুছলমান সকলক কোনো ৰাজনৈতিক দলৰ চৰকাৰে বসতি কৰি থকা ধলপুৰ চৰত মাটি আবন্টন নিদিলেও যদিও ভোটাধিকাৰ সাব্যস্ত কৰিব পৰাকৈ অধিকাৰ প্ৰদান কৰিলে ।লগতে এই সমগ্ৰ অঞ্চলটিত ৪০ খনতকৈ অধিক প্ৰাদেশিকৃত প্ৰাথমিক বিদ্যালয় , ২ খন প্ৰাদেশিকৃত মধ্য ইংৰাজী বিদ্যালয় , ১ খন প্ৰাদেশিকৃত প্ৰি চিনিয়ৰ মাদ্ৰাছা , ২ খন স্বাস্থ্য উপকেন্দ্ৰ , ১ খন নিৰ্মিয়মান মিনি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু ৫০ খনতকৈ অধিক অঙ্গনৱাদী কেন্দ্ৰ চৰকাৰী উদ্যোগত স্থাপিত কৰি ধলপুৰ চৰ অঞ্চলৰ বাসিন্দা সকলক উপকৃত কৰাৰ ব্যবস্থা কৰি আহিছে। ইয়াৰ উপৰিও চৰাঞ্চলৰ বাসিন্দা সকলৰ জনজীৱনত প্ৰয়োজনীয় উপাসনা গৃহ মছজিদ , ধৰ্মীয় শিক্ষানুষ্ঠান মাদ্ৰাছা , ক্লাৱ ঘৰ আৰু দৈনিক তথা সাপ্তাহিক বজাৰো গঢ়ি ইয়াৰ বাসিন্দা সকলে নিজৰ অৰ্থনৈতিক দিশ টনকিয়াল কৰিবলৈ উপযুক্ত পৰিবেশ সৃষ্টি কৰি তুলিছে। বছৰটোৰ প্ৰায় সাত আঠ মাহে ব্ৰক্ষ্মপুত্ৰৰ বানত ডুবি থকা এই অঞ্চল সমূহত অত্যাধিক কষ্ট আৰু পৰিশ্ৰমেৰে বছৰৰ বাকী ছোৱা সময়ত কৃষি কৰ্মেৰে নিজৰ উপাৰ্জন কৰে। সকলোবোৰ ৰাজনৈতিক দলৰ নেতা পালিনেতাই এই মিঞা মুছলমান সকলক নিজৰ স্বাৰ্থত ব্যবহাৰ কৰিলে যদিও এই জনগোষ্ঠীটোৰ স্বাৰ্থৰ প্ৰতি কিন্তু কোনো শাসনত অধিষ্ঠিত ৰাজনৈতিক দলে গুৰুত্ব দিয়া দেখা পোৱা নাই।
শিক্ষা , সংস্কৃতি , সভ্যতা ইত্যাদি বিলাক দিশত সাংঘাটিক ভাবে অনগ্ৰসৰ এই জনগোষ্ঠীৰ লোক সকলৰ সমাজ জীৱনত বাৰুকৈয়ে প্ৰভাব পেলোৱা নেতিবাচক দিশবোৰ হ’ল দেৱানীৰাজ , হত্যা , ধৰ্ষন , সামাজিক বিশৃংখলতা আৰু দালালিৰাজ। ঘাইকৈ এই চৰাঞ্চলত বসবাস কৰা লোক সকল অসমৰ বিভিন্ন জিলাৰ পৰা অহা ।কিছুমান গৰা খহনীয়াৰ কাৰনে , কিছুমানে ব্যবসায়িক কাৰনত আৰু আন কিছুমানে এক বিঘা ম্যাদি পট্টাৰ মাটি নিজৰ জিলাত বহু লাখ টকাত বিক্ৰি কৰি ধলপুৰত বহুত বিঘা মাটি কিনি দেৱানী হোৱাৰ মানসিকতাৰ মিঞা মুছলমান মানুহো আছে।
এই দৰে মাটি কিনি জমিদাৰ হোৱা সকলে আন জিলাৰ পৰা মিঞা মুছলমান মানুহ আমদানি কৰি বেছি দামত মাটি বিক্ৰি কৰা দালাল সকলৰ দোষ সকলোতকৈ ওপৰত।
উল্লেখনীয় বিষয়বস্তু হৈছে অসম চৰকাৰে চৰকাৰী চৰৰ মাটিত গৰুখুটী কৃষি প্ৰকল্প ৰূপায়নৰ ব্যবস্থাৰ বাবে প্ৰস্তাবিত ধলপুৰ চৰাঞ্চলত অবৈধ ভাবে দখল কৰি বসবাস কৰি থকা লোক সকলক উচ্ছেদ কৰাৰ বাবে চলিত বৰ্ষৰ চলিত চেপ্তেম্বৰ মাহৰ ২০ তাৰিখ সোমবাৰৰ পৰা দৰং জিলা প্ৰশাসনে কাৰ্যকৰী ব্যবস্থা লৈছে। ধলপুৰ চৰাঞ্চলৰ সাধাৰন নাগৰিকে মুকলি আকাশৰ তলত শিশু , আবাল বৃদ্ধ , বনিতা সকলোৱে দূৰ্বিসহ জীৱন অতিবাহিত কৰিছে।
কৃষি প্ৰকল্পৰ জৰিয়তে সংস্থাপিত যুবক যুবতী সকলক লৈ যিদৰে অসম চৰকাৰৰ সপোন আছে , ঠিক একেদৰে উচ্ছেদিত পৰিয়াল সকলৰো সপোন আছে। কিন্তু ভোটাধিকাৰ থকাৰ পিছতো সম্প্ৰতি অসম চৰকাৰৰ তৰফৰ পৰা এই মিঞা জনগোষ্ঠীৰ লোক সকলৰ ক্ষেত্ৰত ” সন্দেহযুক্ত নাগৰিক ” শব্দ ব্যবহাৰ কৰিছে , যিটো প্ৰকৃত পক্ষে কোনো কাৰনতে অনুচিত। যদিহে তেওঁলোক সন্দেহযুক্তই হয় তেনেহ’লে উপযুক্ত তদন্তৰ ব্যবস্থা কৰিব লাগে। যাতে সন্দেহৰ দোমোজাত প্ৰকৃত ভাৰতীয় নাগৰিকে কোনো ধৰনৰ হাৰাশাস্তি ভোগ কৰিবলগা নহয়।লগতে অবৈধ প্ৰবজনকাৰী বাংলাদেশী সকলক বিতাড়নৰ সঠিক ব্যবস্থা অসম চৰকাৰে তাৎকালিন ভাবে গ্ৰহন কৰা উচিত।
উচ্ছেদ কাৰ্যৰ ক্ষেত্ৰত ল’ব লগা সাবধানতাৰ মূল হিচাপে দৃষ্টি ৰাখিব লাগে যাতে মানবতাবাদৰ ব্যাঘাত নজন্মে। কিন্তু ধলপুৰ চৰাঞ্চলত দৰং জিলা প্ৰশাসনৰ দ্বাৰা উচ্ছেদিত মিঞা মুছলমান সকলৰ ক্ষেত্ৰত চৰকাৰে সংস্থাপনৰ বাবে নিৰ্দিষ্ট কৰি দিয়া স্থানলৈ স্থানান্তৰৰ বাবে পৰ্যাপ্ত সময় নোপোৱাৰ অভিযোগ উঠিছে। অৱশ্যে তেওলোকক উপযুক্ত সময় দিয়া উচিত আছিল।
ধলপুৰ চৰাঞ্চলৰ বিশৃংখল সমাজ ব্যবস্থাৰ সৃষ্টিত অৰিহনা যোগোৱা দালাল তথা নিৰক্ষৰ দেৱানী সকল , ভোটাধিকাৰ সাব্যস্তৰ বাবে অধিকাৰ প্ৰদান কৰি কেৱল ৰাজনৈতিক পাক চক্ৰৰে শাসনৰ গাদী দখল কৰা ৰাজনৈতিক নেতা সকলৰ ৰাজনৈতিক পাশা খেল সাম্প্ৰতিক সময়ত উক্ত চৰাঞ্চলৰ নব প্ৰজন্মৰ বাবে হৈ পৰিছে মৰাত্মক মহামাৰী আৰু অভিশাপ স্বৰূপ।
ধলপুৰ চৰাঞ্চলত উচ্ছেদৰ সমূখীন হোৱা লোক সকলে গৰাখহনীয়াত পৰি অসমৰ বিভিন্ন জিলাৰ পৰা অহা বুলি আবেগৰ সৃষ্টি কৰিব বিচাৰিছে যদিও মন কৰিবলগা বিষয়টি হৈছে প্ৰাকৃতিক দুৰ্যোগৰ সমূখীন হ’লে নিজৰ জিলাৰ কৰ্তৃপক্ষকহে অবগত কৰিব লাগে যাতে উচিত ব্যবস্থা গ্ৰহন কৰিব পাৰে। তাকে নকৰি সংস্থাপনৰ নিজাববীয়া ব্যবস্থা গ্ৰহন কৰিলে বহু দশকৰ পিছত হ’লেও যে আহুকলীয়া পৰিস্থিতিত পৰিব লাগে তাৰ জ্বলন্ত উদাহৰন ধলপুৰ চৰাঞ্চলৰ এই উচ্ছেদ।
সঁচা কথা ক’বলৈ গ’লে ধলপুৰ চৰাঞ্চলত বিগত ইং ১৯৬৯ চন মানলৈ কোনো ধৰনৰ জনবসতি নাছিল। সেই চৰ সমূহত গৰুখুটী , সানোৱা , খলিহৈ , কুৰুৱা , হাতীমুৰীয়া , হাজৰিকাপাৰা , দেৱানন্দ , মাৰৈ , শিঙিমাৰী , গনেশকুঁৱৰী আৰু বাজনাপথাৰ আদি অঞ্চলৰ গৰু আৰু ম’হ পালক সকলে গৰু , ম’হৰ চৰনীয়া পথাৰ হিচাপেহে ব্যবহাৰ কৰি আহিছিল। সেই কাৰনেই তাহানি কালত বিশেষকৈ সানোৱা আৰু গৰুখুটী গাখীৰ তথা দৈৰ কাৰনে অসমত বিখ্যাত আছিল। গৰু , ম’হ পালন কৰি গাখীৰ আৰু দৈৰ ব্যবসায়েৰে ধনী হোৱা লোক সকলক “মহাজন ” আখ্যা দিয়া হৈছিল। এই মহাজন উপাধিৰ সানোৱা আৰু গৰুখুটীৰ লোক সকল আছিল ক্ৰমে আফতাব মহাজন , মহিবুদ্দিন মহাজন , আইৰুদ্দিন মহাজন , মহবত মহাজন , হাচাৰ মহাজন , হবি (গাঁওবুঢ়া) মহাজন , কোবাদ মহাজন , ঘনা মহাজন , চিন্তা মহাজন , কাঞ্চা মহাজন আৰু সাতখলিৰ চাবি মহাজনেই বিশেষ ভাবে উল্লেখযোগ্য। সাম্প্ৰতিক সময়তো বিভিন্ন আলৈ আহুকালৰ মাজতো ম’হ পালনৰ জৰিয়তে মহাজন আখ্যা পাবলৈ সক্ষম হোৱা দুজন লোক হৈছে সানোৱা গাঁৱৰ মতিন (গাঁওবুঢ়া) মহাজন আৰু হাতীমুৰীয়া গাঁৱৰ জল্টি মহাজন ( জল্টিৰাম নাথ) ।
ধলপুৰ চৰাঞ্চলত অসমৰ বিভিন্ন জিলাৰ পৰা আহি সংস্থাপিত হোৱা মিঞা মুছলমান সকলৰ বিৰূদ্ধে ছিপাঝাৰ গোৱাল সন্থাই সুদীৰ্ঘ কাল আইনৰ আশ্ৰয় লৈ পূৰ্বৰ চৰনীয়া পথাৰ বেদখল মুক্ত কৰাৰ প্ৰচেষ্টা কিন্তু উক্ত অঞ্চলৰ বাবে লক্ষ্যনীয় দিশ হৈ আছে । সাম্প্ৰতিক সময়তো এই আইনী প্ৰক্ৰিয়া অব্যাহত আছে।
গৰুখুটী কৃষি প্ৰকল্পৰ ৰূপায়নৰ ক্ষেত্ৰত লক্ষ্যনীয় দিশ হ’ব যে ইয়াৰ কাৰ্যকৰীকৰনৰ দ্বাৰা খিলঞ্জীয়া অসমীয়া ভুমিপুত্ৰৰ যাতে এডাল চুলিৰ পৰিমানো ক্ষতি নহয় আৰু নব প্ৰজন্মৰ যুবক যুবতী সকল এই প্ৰকল্পৰ জৰিয়তে উপযুক্ত কৰ্ম সংস্থাপন পাব পাৰে। কু ৰাজনীতি আৰু সাম্প্ৰদায়িকতাবাদৰ উৰ্দ্ধত থাকি গৰুখুটী কৃষি প্ৰকল্পৰ ৰূপায়ন সমিতিয়ে যদি আঁচনি অনুযায়ী কৃতকাৰ্য হ’ব পাৰে তেনেহ’লে গৰুখুটী কেৱল অসম তথা ভাৰতৰ বাবে নহয় , কৃষি উৎপাদনৰ ক্ষেত্ৰত গৰুখুটী সমগ্ৰ বিশ্বৰ পথ প্ৰদৰ্শক হ’ব পাৰিব।