ই- শ্ৰম কার্ড বিতৰণ

pc CBWE

ই- শ্ৰম কার্ড বিতৰণ

দিছপুৰ, বাৰ্ত্তাসেৱা – ভাৰত চৰকাৰৰ অসংগঠিত শ্রমিক আৰু শ্রমিক কল্যাণৰ বাবে আয়োজিত এক সজাগতা সভা শংকৰদেৱ কলাক্ষেত্ৰৰ ড° বাণীকান্ত কাকতি প্রেক্ষাগৃহত অনুষ্ঠিত হৈ যায়। ভাৰত চৰকাৰৰ শ্ৰম আৰু নিয়োগ, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে এই সজাগতা সভাত অংশগ্ৰহণ কৰি কয় যে শ্ৰমিকসকলৰ শ্ৰমৰ মূল্যক সন্মান জনাই কেন্দ্রীয় শ্ৰম মন্ত্ৰালয়ে এটা ৰাষ্ট্ৰীয় প’ৰ্টেল আৰম্ভ কৰিছে আৰু এই প’ৰ্টেলত নিজৰ নাম অন্তর্ভুক্ত কৰি ভাৰত চৰকাৰৰ সকলো জনকল্যাণমূলক যোজনাৰ সুবিধাসমূহ শ্ৰমিকসকলে পাবলৈ সক্ষম হ’ব। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে এই প’ৰ্টেলত নাম পঞ্জীয়ন কৰিলে শ্ৰমিকসকলে ২ লাখ টকা বীমাৰ সুবিধা পাব আৰু ইয়াৰ বাবে কোনো অত্যাৱশ্যকীয় খৰচ বহন কৰিব নালাগে। প’ৰ্টেলৰ নাম পঞ্জীয়ন কৰোতে বেংক একাউণ্ট, আধাৰ কাৰ্ড, ফোন নম্বৰৰ লগতে ব্লাড গ্রুপৰ প্ৰমাণপত্ৰ আৱশ্যক হ’ব। ২০২১ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত ৯৯% লোকৰ নাম পঞ্জীয়ন কৰাৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছে। এই সজাগতা সভাৰ লগত সংগতি ৰাখি ৰাজ্য চৰকাৰৰ শ্ৰম আৰু নিয়োগ, চাহ জনজাতি কল্যাণ বিভাগৰ মন্ত্ৰী সঞ্জয় কিষানে আনুষ্ঠানিকভাৱে ই-শ্ৰম পঞ্জীকৰণ শিবিৰ মুকলি কৰে। ভাষণ প্ৰসংগত মন্ত্ৰী সঞ্জয় কিষানে কয় যে নিজৰ তেজ পানী কৰি অসমখনক সমৃদ্ধিশালী কৰা শ্ৰমিকসকলক আমি সকলোৱে সন্মান কৰা উচিত। কোনো কার্যালয়তে যাতে শ্ৰমিকসকলে নিৰাশ হ’ব লগা নহয় তাৰ বাবে চৰকাৰী বিষয়াসকল সচেতন হ’ব লাগিব। শ্ৰমিকসকলৰ নাম পঞ্জীয়ন কৰাৰ ক্ষেত্ৰত সকলোৰে সহায় সহযোগিতা কামনা কৰে।

সভাৰ শেষত হিতাধিকাৰীসকলৰ মাজত ভাৰত চৰকাৰৰ শ্ৰম আৰু নিয়োগ, পেট্ৰ’লিয়াম আৰু প্রাকৃতিক গেছ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু মন্ত্ৰী সঞ্জয় কিষানে ই-শ্রম কাৰ্ড, কৰ্মচাৰীৰ ভৱিষ্যৎ নিধিৰ পেঞ্চনৰ ধন আৰু ক’ভিড ৰিলিফ আঁচনিৰ ধন বিতৰণ কৰে।

আজিৰ অনুষ্ঠানত ভাৰত চৰকাৰৰ শ্রমিক কল্যাণ বিভাগৰ যুটীয়া সচিব অজয় শংকৰ তিৱাৰী, ৰাজ্য চৰকাৰৰ শ্রমিক কল্যাণ বিভাগৰ প্ৰধান সচিব ড° জে বি এক্কা, পেট্‌লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰীৰ ব্যক্তিগত সচিব বীৰেন্দ্ৰ মিটাল, শ্রম আয়ুক্ত অমিতাভ ৰাজখোৱা, শ্রমিক কল্যাণ বিভাগৰ সচিব মৃদুল মহন্ত, ই পি এফ, ই এছ আই ৰ বিষয়ববীয়া, বিভিন্ন বিভাগৰ বিষয়ববীয়া, লেবাৰ ইউনিয়নৰ সদস্য তথা শ্রমিকসকল উপস্থিত থাকে।