গ্ৰীষ্মকালীন নাট কৰ্মশালাৰ সফল সামৰণি

গ্ৰীষ্মকালীন নাট কৰ্মশালাৰ সফল সামৰণি

ৰঙিলী বাৰ্ত্তাসেৱা- অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত, আঁৰকাপোৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ সহযোগত জালুকবাৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত নীলাচল পাহাৰত অৱস্থিত কামাখ্যা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত ১৭ জুলাইৰ পৰা ২৬ জুলাইলৈ দহ দিনীয়া গ্ৰীষ্মকালীন নাট কৰ্মশালাৰ অনুষ্ঠিত কৰা হয়। এই কৰ্মশালাৰ প্ৰশিক্ষাৰ্থী সকলক লৈ যোগাসন, নৃত্য, আবৃত্তি আৰু “শ্বহীদ কুশল কোঁৱৰ” নাটকৰ কিয়দাংশ ২৮ জুলাইৰ সন্ধিয়া ৬ বজাত কামাখ্যা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত প্ৰদৰ্শনৰে কৰ্মশালাটিৰ সফল সামৰণি মৰা হয়। সামৰণি অনুষ্ঠানৰ আঁত ধৰে অভিনেত্রী ভাস্বতী বৰাই, কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত সংগীতা দেৱীয়ে বন্তি প্ৰজ্বলন কৰি মঞ্চ মুকলি কৰে। বন্তি প্ৰজ্বলনৰ পাছতেই প্ৰশিক্ষাৰ্থীসকলক লৈ প্ৰস্তুত কৰা অনুষ্ঠানটি আৰু নাটক আৰম্ভ হয়। অনুষ্ঠানটিৰ সামগ্রীক পৰিকল্পনা শিবিৰ পৰিচালক ধীৰাজ কুমাৰৰ। শ্বহীদ কুশল কোঁৱৰ নাটখনৰ ৰচনা ধ্ৰুৱ কুমাৰ দাস, পৰিচালনা ধ্ৰুৱ কুমাৰ দাস আৰু ধীৰাজ কুমাৰৰ। সংগীত ধনজিত বড়ো, প্ৰযোজনা নিয়ন্ত্রণত আছিল ৰঞ্জন কুমাৰ চহৰীয়া আৰু ধ্ৰুৱ কুমাৰ। নাটখনত অভিনয় কৰে অংকিত কুমাৰ ৰাভা, অভিজিৎ বৰ্মন, অনিভ গোস্বামী, অনুষ্কা নাথ, ধৃতিপমা গৌতম, দিম্পী হালৈ, দীক্ষিতা দাস, হেমেন জ্যোতি দাস, ইশিকা দাস, জীৱন সিং, জয়িতা আঠপৰীয়া, কুনাল ডেকা, মানৱী শৰ্মা, মীনাক্ষী কলিতা, পিংকী ৰাজবংশী, প্ৰণীতা দাস, প্ৰসিদ্ধ ৰঞ্জন হাজৰিকা, ৰক্তিম চহৰীয়া, সাগৰ সাহু, সুকন্যা শৰ্মা, তৃণা দাস, আৰু উদীপ্তা শৰ্মাই অভিনয় কৰে। অনুষ্ঠানৰ শেষত অতিৰিক্ত উপায়ুক্ত সংগীতা দেৱী, নাট্যকাৰ পৰিচালক মানৱেন্দ্ৰ ৰণহাং চৌধুৰী, নাট্যকাৰ লতিফ উদ্দিন আহমেদ আৰু অভিনেত্রী বাবী বৰুৱাই কৰ্মশালাৰ প্ৰশিক্ষাৰ্থী সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে ।