গ্ৰীষ্মকালীন কর্মশালাত কেৰিয়াৰ সজাগতা বিষয়েও আলোচনা হওক
ড° বুলজিৎ বুঢ়াগোহাঁই,
আজাৰা
ৰাজ্য চৰকাৰ আৰু বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শিক্ষাৰ্থীৰ মানসিক-বৌদ্ধিক তথা শাৰীৰিক উৎকর্ষ সাধনৰ বাবে বিভিন্ন বিষয়ত অসমৰ চুকে-কোণে গ্ৰীষ্মকালীন কর্মশালা আয়োজন কৰিছে। ই এটা সুন্দৰ পদক্ষেপ। এই কর্মশালাবোৰত শিক্ষাৰ্থীসকলে নতুন বিষয় শিকিব, আৰু বিভিন্ন কার্যকলাপত অংশগ্ৰহণ কৰি নিজৰ বিকাশ ঘটাব পাৰিব। যদি এই গ্ৰীষ্মকালীন কর্মশালাবোৰত কেৰিয়াৰ সজাগতা বিষয়েও আলোচনা কৰা হয়, তেন্তে শিক্ষাৰ্থীসকলে বিশেষভাৱে উপকৃত হ’ব। কেৰিয়াৰ সজাগতা কর্মশালাবোৰত শিক্ষাৰ্থীসকলে বিভিন্ন ক্ষেত্ৰৰ পেশাগত বিকল্পসমূহ, যোগ্যতা, প্ৰয়োজনীয়তা আৰু সুযোগসমূহৰ বিষয়ে জানিব পাৰিব। ইয়াৰ যোগেদি শিক্ষাৰ্থীসকলে নিজৰ আগ্ৰহ আৰু দক্ষতা অনুসৰি শ্ৰেষ্ঠ পথ বাছনি কৰিবলৈ সহায় হ’ব। এইধৰণৰ আলোচনা আৰু দিশা-নিৰ্দেশনাই শিক্ষাৰ্থীসকলক অধিক আত্মবিশ্বাসী আৰু সিদ্ধান্তগ্ৰহণত সক্ষম কৰি তুলিব, যি তেওঁলোকৰ ভবিষ্যত গঠনত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব। সেয়ে, এনে ধৰণৰ কর্মশালাবোৰ শিক্ষাৰ্থীসকলৰ সামগ্ৰিক বিকাশৰ বাবে অতি প্ৰয়োজনীয়।