গ্ৰামীণ স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠান, দৰং ত আকস্মিক পৰিদৰ্শন বিধায়ক ড° পৰমানন্দ ৰাজবংশীৰ

গ্ৰামীণ স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠান, দৰং ত আকস্মিক পৰিদৰ্শন বিধায়ক ড° পৰমানন্দ ৰাজবংশীৰ

মঙ্গলদৈ,কিশোৰ কুমাৰ শৰ্মা,ৰঙিলী  বাৰ্ত্তাসেৱা-  ভাৰত চৰকাৰৰ গ্ৰামোন্নয়ন মন্ত্ৰালয়, অসম চৰকাৰ আৰু ইউকো বেঙ্কৰ যৌথ উদ্যোগত পৰিচালিত এক প্ৰকল্প গ্ৰামীণ স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠান, দৰং( আৰছেটি দৰং ) যোৱাকালি পৰিদৰ্শন কৰে ছিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশী‌য়ে। দৰংৰ ১নং বেজপাৰাপাৰাস্থিত প্ৰশিক্ষণ প্ৰতিষ্ঠান চৌহদত বিধায়কজন উপস্থিত হৈ প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ কাম কাজ সন্দৰ্ভত বুজ লয়। তেওঁ ছিপাঝাৰ বিধানসভা সমষ্টিৰ লগতে জিলাখনৰ নিবনুৱা যুৱক-যুৱতী সকলক স্বনিয়োজনৰ বাবে আৰছেটিৰ প্ৰশিক্ষণ কৰ্মসূচীয়ে কিদৰে উপকৃত কৰিব পাৰে সেই সম্পৰ্কে অৱগত হয। বিধায়ক গৰাকীয়ে প্ৰতিষ্ঠানখনত চলিত ‘গাহৰি পালন’ আৰু ‘ছাগলী পালন’ৰ প্ৰশিক্ষাৰ্থীসকলৰ সৈতে মতবিনিময় কৰে। চৰকাৰৰ বিভিন্ন আঁচনি সমূহৰ সুযোগ পাবলৈ নিবনুৱা যুৱক-যুৱতী সকলে স্বনিয়োজনৰ উপযোগী প্ৰশিক্ষণৰ জৰিয়তে আত্মসংস্থাপনৰ দিশত অগ্ৰসৰ হ’বলৈ তেওঁ প্ৰশিক্ষাৰ্থীসকলক আহ্বান জনায়। সঠিক প্ৰশিক্ষণ গ্ৰহণ উপযুক্ত দক্ষতা আহৰণৰ সমল বুলি উল্লেখ কৰি বিধায়কজনে প্ৰশিক্ষাৰ্থীসকলৰ সাফল্য কামনাৰে শুভেচ্ছা জ্ঞাপন কৰে। দৰংৰ এজন বিধায়ক হিচাবে জিলাখনৰ যুৱক-যুৱতী সকলৰ বিকাশৰ সহায়ক হোৱাকৈ আঁচনি গ্ৰহণ আৰু সঠিক ৰূপায়ণৰ বাবে বিধানসভাত চৰকাৰৰ দৃষ্টিগোচৰ কৰা তেওঁৰ অগ্ৰাধিকাৰ কৰ্মসূচী বুলি দোহাৰে। প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ কাম-কাম নিৰীক্ষণৰ অন্তত সন্তোষ প্ৰকাশ কৰি বিধায়ক ড° পৰমানন্দ ৰাজবংশীয়ে উপস্থিত আটাইকে জিলাখনৰ উন্নয়নৰ স্বাৰ্থত অধিক কৰ্মতৎপৰ হবলৈ আহ্বান জনায়।