গ্লাছগʼত উপস্থিত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

pc- India Today

গ্লাছগʼত উপস্থিত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাষ্ট্ৰসংঘৰ ক’প-২৬ সন্মিলনত অংশ লোৱাৰ বাবে গ্লাছগʼত উপস্থিত হোৱা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰবাসী ভাৰতীয়ই ‘ভাৰত মাতা কী জয়’ ধ্বনিৰে আদৰণি জনোৱাৰ লগতে তেওঁলোকে মোদীক লৈ ৰচিত এটা গীত পৰিৱেশন কৰে। গ্লাছগʼত প্রধানমন্ত্রী মোদী উপস্থিত হোৱাৰ পাছত আদৰণি জনাবলৈ  প্রবাসী ভাৰতীয়ই ‘মোদী হ্যে ভাৰত কী গেহনা’ শীর্ষক গীতটো পৰিৱেশন কৰে। প্রবাসী ভাৰতীয়ৰ সৈতে বাৰ্তালাপৰ সময়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে শিশুৰ সৈতেও অন্তৰংগ আলাপ কৰে। প্রধানমন্ত্ৰীগৰাকীয়ে প্রবাসী ভাৰতীয়ৰ সৈতে বাৰ্তালাপৰ সময়ত দেশৰ লগতে বিদেশত থকা ভাৰতীয় লোকে দেশলৈ যি অৱদান আগবঢ়াই আছে, তাৰ বাবে ভূয়সী প্রশংসা কৰে। গ্লাছগৰ ৰাজপথত জলবায়ু পৰিৱৰ্তনৰ সক্ৰিয় কৰ্মী গ্রেটাথুনবার্গে অংশ লোৱা প্রতিবাদী কাৰ্যসূচী অব্যাহত থকাৰ মাজতে ৰাষ্ট্ৰসংঘৰ জলবায়ু অভিৱর্তন কাৰ্যসূচীত অংশ লৈ প্রধানমন্ত্রী মোদীয়ে জলবায়ু পৰিৱৰ্তনক লৈ ভাৰতৰ দৃষ্টিভংগী স্পষ্ট কৰি দিয়ে।প্রধানমন্ত্ৰীগৰাকীয়ে কয় যে জলবায়ু পৰিৱৰ্তনৰ অনুকুল হিচাপে দেশে বিকাশৰ নীতি আৰু আঁচনি গ্ৰহণ কৰিছে।