গৌৰৱোজ্বল দশম বৰ্ষত ভৰি দিলে আপোনাৰ মৰমৰ ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টে

Pc The Janambhumi

গৌৰৱোজ্বল দশম বৰ্ষত ভৰি দিলে আপোনাৰ মৰমৰ ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টে

ৰঙিলী বাৰ্ত্তাসেৱা-  গৌৰৱোজ্বল দশম বৰ্ষত ভৰি দিলে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ দীঘলীয়া আৰু ভাৰতবৰ্ষৰ বৰ্তমান সময়ত দীঘলীয়া সম্প্ৰচাৰিত ধাৰাবাহিকৰ ভিতৰত দ্বিতীয় স্থানত থকা ধাৰবাহিক ‘বেহাৰবাৰী আউটপোষ্টে’।২০১৩ চনৰ ১৯ আগষ্ট অর্থাৎ আজিৰ দিনটোতেই দৃশ্য গ্ৰহন আৰম্ভ কৰা হৈছিল ‘বেহাৰবাৰী আউট পোষ্ট’ৰ।২০১৩ চনৰ ১২ চেপ্তেম্বৰত “মা দুর্গা”ৰ আশীষ শিৰত লৈ বিজয়া দশমীৰ দিনাৰ পৰা সম্প্ৰচাৰ আৰম্ভ হৈছিল ‘বেহাৰবাৰী আউটপোষ্ট’ৰ।অসমৰ প্ৰতিটো জাতীয় সমস্যাত সদাই অসম বাসীৰ কাষত থাকি প্ৰতিটো সমস্যাক হাঁহিৰ মাজেৰে ৰসাল আৰু সাৱলীল ভাৱে উপস্থাপন কৰি আহিছে ‘বেহাৰবাৰী আউটপষ্টে’।পৰিয়াল-সমাজ সকলোৰে অনেক স্পৰ্শকাতৰ বিষয় শক্তিশালী ৰূপত ডাঙি ধৰি বেহাৰবাৰী আউটপোষ্টে সমাধানৰ এটা পথৰ সন্ধান দি আহিছে।২৪০০ তকৈও অধিক খণ্ড অতিক্ৰম কৰি আজি দিনটোত ‘বেহাৰবাৰী আউটপোষ্টে’ গৌৰৱোজ্বল দশম বৰ্ষত ভৰি দিলে।উল্লেখযোগ্য যে,অসমীয়া ধাৰাবাহিক সমূহৰ ভিতৰত আটাইতকৈ দীঘল আৰু দৰ্শকৰ বহুল পৰিমাণে সমাদৰ লাভ কৰা প্ৰথমখন ধাৰাবাহিক হৈছে ‘বেহাৰবাৰী আউটপষ্ট’।প্ৰতিযোগিতাৰ এই সময়ছোৱাত হাঁহিবলৈ পাহৰা জনসাধাৰণক ‘বেহাৰবাৰী আউটপষ্টে’ কথাৰে হাঁহিবলৈ অৱকাশ দিয়ে।