গোলাঘাটৰ বৰপথাৰত বৃদ্ধি পাইছে ডেংগুৰ প্ৰাদূৰ্ভাব
ৰূপাংক বৰুৱা, গোলাঘাট,ৰঙিলী বাৰ্ত্তাসেৱা- গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ বিভিন্ন প্ৰান্তত এতিয়া ভয়াবহ ভাবে বৃদ্ধি পাইছে ডেংগুৰ প্ৰাদূৰ্ভাব। বিশেষকৈ মহকুমাটোৰ বৰপথাৰ মৌজাত এতিয়ালৈকে বহুকেইজন লোক ডেংগুত আক্ৰান্ত হৈ চিকিৎসালয়ত ভৰ্তি হৈ আছে। উল্লেখ্য যে বিগত আগষ্ট মাহত চুবুৰীয়া জিলা কাৰ্বি আংলঙত ডেংগুৰ প্ৰাদূৰ্ভাব দ্ৰুতগতিত বৃদ্ধি পাইছিল। ইয়াৰ পাছতেই এতিয়া কাষৰীয়া বৰপথাৰ মৌজাৰ বিভিন্ন প্ৰান্তত ডেংগু ৰোগীৰ সংখ্যা ভয়াবহ ভাবে বৃদ্ধি পাব ধৰিছে। বৰপথাৰ মৌজাৰ অন্তৰ্গত টেঙানি, মৰাণ গাও, বৰপথাৰ নগৰ, বিলগাওঁ আদি ভিন্ন প্ৰান্তত এতিয়া এই ৰোগৰ সংক্ৰমণ বৃদ্ধি পাইছে। দুদিনমানৰ পূৰ্বে টেঙানিৰ কঠবিল আলিচিঙাৰ ২০ বছৰীয়া এজন যুৱকৰ অতিপাত জ্বৰ হোৱাত সৰুপথাৰ সামূহিক চিকিৎসালয়লৈ নিয়াত তাতেই ডেংগু ৰোগ ধৰা পৰে। লগে লগে যুৱক জনক গোলাঘাটৰ কুশল কোঁৱৰ অসামৰিক চিকিৎসা লয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। সম্প্ৰতি যুৱক জন তাতেই চিকিৎসাধীন হৈ আছে। ইপিনে মৰাণ গাৱৰ ৩৫ বছৰীয়া এজন যুৱক আৰু একে গাৱৰে প্ৰায় ৪০ বছৰীয়া এগৰাকী বিবাহিতা মহিলা, দুৱৰণি বাসন্তী বাৰীৰ এজন প্ৰায় ৪৩ বছৰীয়া লোক ডেংগু ৰোগত আক্ৰান্ত হৈ বুধবাৰৰ পৰা গোলাঘাটত চিকিৎসাধীন হৈ আছে। মাত্ৰ দুটা দিনতেই বৰপথাৰত এনেদৰে চাৰিজনকৈ লোক ডেংগুত আক্ৰান্ত হোৱাত এতিয়া চিন্তাৰ বিষয় হৈ পৰিছে। উল্লেখ্য যে ফ্লেবিভাইৰাজ নামৰ ভাইৰাছ বিধ কঢ়িওৱা এডিছ প্ৰজাতিৰ এবিধ মহৰ কামোৰৰদ্বাৰা শৰীৰত প্ৰৱেশ কৰাৰ ফলত তীব্ৰ গতিত জ্বৰ উঠাৰ লগতে আন আন বহুকেইটা লক্ষণে দেখা দিয়ে। গুৰুত্বপূৰ্ণ যে এইকেইটা দিনত বৰপথাৰ আৰু সৰুপথাৰৰ চিকিৎসা কেন্দ্ৰ সমূহত চিকিৎসাৰ বাবে জ্বৰত আক্ৰান্ত হোৱা ৰোগী বেছিকৈ অহালৈ চাই অনাগত দিনত ডেংগু ৰোগীৰ সংখ্যা বিভিন্ন অঞ্চলত বৃদ্ধি পোৱাৰ আশংকাই অধিক হৈ পৰিছে।