গৃহিণীৰ কথাৰে
কবিতা শৰ্মা,
দিল্লী
মোৰ পৰিবাৰে একো নকৰে। তেওঁ কেবল ঘৰতেই থাকে। ” কেৰেলাৰ এজন মানুহে সদায় সকলোৰে সন্মুখত তেওঁৰ ঘৰৰ গৃহিণীক সেই বুলিয়েই পৰিচয় কৰি দিয়ে। পিছে তেওঁৰ ক্লাছ নাইনত পঢ়ি থকা পুত্ৰই যিহেতুকে মাকক দিনে ৰাতিয়ে ঘৰুৱা কামত ব্যস্ত হৈ থকা দেখে, সি দেউতাকৰ সেই কথাত আচৰিত হয়। সেয়ে সি উপৰুক্ত ছবিখন আঁকে আৰু ছবিখনৰ নাম দিয়ে -“My mother and mothers in the neighborhood. ” অনুযাথ বিনায়ক নামৰ সেই কিশোৰ ছাত্ৰজনৰ মাতৃসকলৰ বেতন বিহীন পৰিশ্ৰমৰ বৰ্ণনা কৰি অঁকা সেই ছবিখনে ভূয়সী প্রশংসা লাভ কৰে আৰু ২০২০-২০২১ ৰ কেৰেলা চৰকাৰৰ ” Gender budget document ” ৰ বেটুপাত হিচাপে মনোনীত হয়।
গৃহিনী সকলৰ সমগ্ৰ ঘৰুৱা কাম কাজৰ বাৰু মূল্য কিমান ? কেবল কেৰেলাৰ সেই মানুহজনেই নহয়, পৃথিৱীৰ চুকে- কোণে, গাঁৱে-ভূঁঞে, চহৰে নগৰে এগৰাকী গৃহিণীৰ পৰিচয় এইদৰেই ডাঙি ধৰা হয়। কোৱা হয় যে তেওঁ কোনো কাম নকৰে। তাৰ কাৰণ হৈছে ঘৰুৱা কাম কাজৰ কোনো অর্থনৈতিক স্বীকৃতি নাথাকে। গতিকে তেওঁলোকৰ অর্থনৈতিক স্বীকৃতি নথকা এই কামক ৰাষ্ট্ৰীয় ভাবে অন্তৰ্ভুক্ত কৰা নহয়।
বেছি ভাগ বিবাহিতা নাৰীয়ে পুৱা শুই উঠি নেৰা নেপেৰাকৈ আৰম্ভ কৰা কামৰ তালিকা খন চলি থাকে, ৰাতি নিদ্ৰা দেবীৰ কোলাত পৰা মুহুৰ্তলৈকে সংসাৰৰ নানা কাম কাজৰ মাজত এনেদৰেই জীৱন অতিবাহিত কৰে প্ৰায় ভাগ নাৰীয়ে। সম্পূর্ণ ভাবে অস্বীকৃতিপ্রাপ্ত মর্যাদাবিহীন কাম কৰা এই সকল নাৰীকেই আমি গৃহিণী আখ্যা দিওঁ ।
যদি অৰ্থ বিচাৰ কৰা হয় তেতিয়াহলে গৃহিনী সকল হৈছে নিজৰ ঘৰৰ কাম বন কৰা, পৰিয়াল আৰু সন্তানৰ যত্ন লোৱা মমতাময়ী মাতৃ । একোটা পৰিয়ালৰ গতি নিয়ন্ত্ৰণ কৰা এই সকল মাতৃয়ে পৰিয়ালৰ অধিকাংশ কাম যেনে- ৰন্ধা-বঢ়া, ঘৰ চাফ-চিকুণ কৰা, সন্তানৰ চোৱাচিতা- পঢ়াশুনাৰ দায়িত্ব লোৱা, আলহী – অতিথিৰ আপ্যায়ন কৰা তেওঁলোকৰ সুদক্ষ হাতেৰে পৰিচালিত কৰে ।
ঘৰুৱা কাম কাজৰ মাজেৰে জীৱনৰ সৰ্বস্ব সময় অতিবাহিত কৰাতো হৈছে — ঐতিহাসিক ভাবে নাৰীৰ বিৰূদ্ধে চলি থকা আন এক শোষণ বা নির্যাতন। অতীতত আমাৰ আইতা, মা, মাহী, পেহী, জেঠাই, খুৰী, মামী, নবৌ আদিয়ে নানান প্রতিভা থকা স্বত্বেও স্বীকৃতি বিহীন ঘৰুৱা কাম কাজত নিমজ্জিত থাকি জীৱন পাত কৰিছিল। অতীতৰ সেই নাৰী সকলৰ বিপৰীতে অৱশ্যে বৰ্তমানৰ গৃহিনী সকলৰ জীৱন ধাৰণৰ পদ্ধতি বহুতো উন্নত। যৌথ পৰিয়ালৰ পৰিবৰ্তে একক পৰিয়াল আৰু বিজ্ঞানৰ ন-ন আৱিষ্কাৰে আজিৰ গৃহিণীৰ জীৱন বহু পৰিমাণে আৰামদায়ক কৰিছে। গৃহিণী সকলে থিতাতে ঘৰৰ কাম কাজ বোৰ কৰি বা নিজৰ ইচ্ছা অনুযায়ী ঘৰৰ পৰাই আন যিকোনো কাম কৰি সেই কামৰ পৰা অর্থনৈতিক ভাবে লাভৱান হব পাৰে। অৱশ্যে এই ক্ষেত্ৰত মন কৰিবলগীয়া বিষয়টো হ’ল — এগৰাকী গৃহিণীৰ নিজৰ চখ, ইচ্ছা, বা কৰি ভালপোৱা কাম কৰাৰ মানসিকতা আৰু নিজৰ সৃষ্টিকামী মনটোৰ প্ৰয়োজনীয়তা। এগৰাকী গৃহিণীয়ে নিজাববীয়াকৈ কিছু আজৰি হোৱাৰ প্রয়োজন যাতে তেওঁ নিজৰ সত্বা আৰু নিজৰ অন্তৰ্নিহিত শক্তিৰ বিষয়ে অনুভৱ কৰিব পাৰে ।
ঘৰ খনৰ আন আন সদস্য সকলেও গৃহিণী সকলক এই ক্ষেত্ৰত কিছু সহযোগিতা কৰি তেওঁক নিজৰ প্ৰতিভা অনুযায়ী আগ বাঢ়ি যাব পৰাকৈ সহায় কৰা উচিত বুলি ভাবো ।
আনহাতে বর্তমানে সঘনাই চৰ্চিত হোৱা নাৰী সৱলীকৰণৰ বিষয়টোৱে গৃহিণী সকলোকো অন্তৰ্ভুক্ত কৰিছে নে? যি সকল নাৰীয়ে সংসাৰৰ ব্যস্ততাৰ মাজত নিজকে আৱদ্ধ কৰি ৰখাৰ বাবে অলপো আহৰি নাপায়, যিসকলে বিবাহ পাশত আৱদ্ধ হোৱাৰ বাবে নিজৰ শিক্ষা জীৱন আধৰুৱাকৈ বিসর্জন দিব লগীয়া হয় বা কেতিয়াবা কৰি থকা চাকৰিও সাংসাৰিক প্ৰয়োজনত এৰিবলগীয়া হয়, যিসকলে সুবিধা আৰু সময় অভাবত নিজৰ প্ৰতিভা বিকশিত কৰিবলৈ সমৰ্থ নহয়, সেই বিষয়ে বাৰু নাৰীসৱলীকৰণ বিষয়টোৱে কিৱা ব্যৱস্থা লৈছেনে ?
যিহেতু সৰ্বমুঠ জনসংখ্যাৰ নাৰী হৈছে প্ৰায় আধা অংশ সেয়ে নাৰীৰ উন্নতি অবিহনে সমগ্ৰ জাতিৰ উন্নতি কেতিয়াও সম্ভব নহয়।য’ত নাৰীক সন্মান কৰা নহয় তাত মহান কামো হয় নিষ্ফল। আনহাতে য’ত নাৰীক সন্মান কৰা হয় তাতেই বিয়পে সমাজৰ মহানুভৱতা।