গুৱাহাটী মহানগৰীত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত

গুৱাহাটী মহানগৰীত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত

ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীত দেওবাৰে নিশা ছুপাৰ মাৰ্কেটৰ উৰণ সেতুত ভয়ংকৰ দুৰ্ঘটনা। দ্ৰুতবেগী বাহনে মহটিয়াই নিলে দুগৰাকীকৈ বাইক আৰোহীক। উৰণসেতুৰ ওপৰত দ্ৰুতবেগী বাহনে মহটিয়াই লৈ গ’ল এখন মটৰ চাইকেলক । দুৰ্ঘটনাটোত থিতাতে নিহত হয় এজন যুৱক । ইফালে হাস্পতাললৈ লৈ যোৱাৰ সময়তে বাইকখনৰ আৰোহী যুৱতীগৰাকীৰো মৃত্যু হয় । জানিব পৰা মতে নিহত যুৱকজন ৰেপিড’ চালক আছিল । নিশা প্ৰায় ৯ বজাত এগৰাকী যুৱতীক লৈ গণেশগুৰিৰ পৰা ছয়মাইলৰ দিশে গৈ আছিল ৰেপিড’ চালকজন । তেনে সময়তে পিছফালৰ পৰা কোনো অচিনাক্ত বাহনে তীব্ৰবেগেৰে মটৰ চাইকেলখনত খুন্দা মাৰি পলায়ন কৰে । দুৰ্ঘটনাটোত ৰেপিড’ চালকজনৰ মৃত্যু হোৱাৰ লগতে আৰোহী যুৱতগৰাকীক চিকিৎসালয়লৈ লৈ যোৱাৰ পথত মৃত্যু হয় । মৃত যুৱকজন নলবাৰীৰ ৰঞ্জিত ৰাজবংশী বুলি জানিব পৰা গৈছে । ইফালে যুৱতীগৰাকীক লামডিঙৰ প্ৰিয়া সোণাৰ বুলি চিনাক্ত কৰা হৈছে । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আছিল ২৫ বছৰীয়া প্ৰিয়া সোণাৰ । দুৰ্ঘটনাত পতিত মটৰ চাইকেলখনৰ নম্বৰ হৈছে AS-01-BU-7601 । দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে উক্ত স্থানত আৰক্ষীৰ লোকসকল উপস্থিত হয় আৰু মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । কিন্তু কি বাহনে মহটিয়াই থৈ গ’ল সেই কথা এতিয়াও জানিব পৰা হোৱা নাই । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।