গুৱাহাটী মহানগৰত গণ প্ৰহাৰত মৃত্যু ঘটিল এজন যুৱকৰ

pc- www.anandabazar.com

গুৱাহাটী মহানগৰত গণ প্ৰহাৰত মৃত্যু ঘটিল এজন যুৱকৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা।গণপ্ৰহাৰত প্ৰাণ গ’ল এজন যুৱকৰ।ফটাশিল আদাগুদামত সংঘটিত হয় এই গণপ্ৰহাৰত। এই গণপ্ৰহাৰত এজন যুৱকৰ গুৰুতৰভাৱে আহত হয় আৰু পিছত মৃত্যু ঘটে। জানিব পৰা মতে নিহত যুৱকজনৰ নাম সুনীল শৰ্মা।লোকজনক প্ৰথমে ছুৰীৰে আক্ৰমণ কৰা হৈছিল আৰু তাৰ পাছত গণপ্ৰহাৰ কৰা হয়। চোৰৰ সন্দেহত যুৱকজনক মৰিয়াই মৰিয়াই হত্যা কৰিলে। যুৱকজনক ফটাশীল আৰক্ষীয়ে উদ্ধাৰ কৰি  থানালৈ নিছিল আৰু তাৰপিছত ৰক্তাক্ত অৱস্থাৰ যুৱকজনক থানাৰ পৰা জিএমচিএইচলৈ নিয়া হৈছিল যদিও বাটতে যুৱকজনৰ মৃত্যু হয়। কিন্তু জিএমচিএইচত চিকিৎসকে যুৱকজনক মৃত বুলি ঘোষণা কৰে।