গুৱাহাটী বিহু সন্মিলনীৰ সংবাদ মেল

গুৱাহাটী বিহু সন্মিলনীৰ সংবাদ মেল

ৰঙিলী বাৰ্ত্তাসেৱা-   গুৱাহাটী বিহু সন্মিলনীৰ উদ্যোগত অইন বছৰৰ দৰে এইবেলিও ১৪-১৭ এপ্রিলত চাৰিদিনীয়াকৈ ৭১ সংখ্যক ৰঙালী বিহু উদযাপন কৰিবলৈ প্ৰস্তুতি চলোৱা হৈছে৷-এই মন্তব্য সন্মিলনৰ সভাপতি অশোক কুমাৰ বিষয়া,সম্পাদক নিলোপম দাসৰ৷ গুৱাহাটী প্ৰেছ ক্লাবত গুৱাহাটী বিহু সন্মিলনে আয়োজন কৰা সংবাদ মেলত তেওঁলোকে পুনৰ কয়- ১৪ এপ্রিলত পুৱা ১০.০০ বজাত পতাকা উত্তোলনৰে এইবেলিৰ বিহুৰ শুভাৰম্ভ কৰা হ’ব। পতাকা উত্তোলন কৰিব পূব গুৱাহাটী সমষ্টিৰ প্ৰাক্তন বিধায়ক অজয় দত্তই। তাৰ পাছতে অসম তথা উত্তৰ পূবৰ ৰাজ্য কেইখনৰ থলুৱা সংস্কৃতি তথা বিহু হুঁচৰি আদিৰে মুকলি সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হ’ব৷আনহাতে গুৱাহাটী বিহু সন্মিলনীৰ মহিলাসকলৰ দ্বাৰা ১৪ এপ্রিলত গুৱাহাটী বিহু সন্মিলনীৰ মঞ্চত দিনৰ ১.০০ বজাৰ পৰা দিহানাম আৰু১৫ এপ্রিলত দিনৰ ১.০০ বজাৰ পৰা জেং বিহু প্রতিযােগিতা অনুষ্ঠিত হ’ব।১৪ এপ্রিলত সন্ধিয়া ৬.০০ বজাত অসমৰ প্রখ্যাত গীতিকাৰ, সুৰকাৰ, হাস্য-ব্যংগ কথা শিল্পী  ডা°অঞ্জনজ্যোতি চৌধুৰীয় এইবেলিৰ গুৱাহাটী বিহু সন্মিলনীৰ মঞ্চখনি আনুষ্ঠানিকভাৱে উন্মােচন কৰিব। এইবেলিৰ সাংস্কৃতিক কার্যসূচীৰ ভিতৰত অসমৰ প্রায় সকলাে জনগােষ্ঠীয় লােক কৃষ্টি বিশেষকৈ কামৰূপীয়া ঢুলীয়া চার্কাছ, দৰঙীয়া দেওধনি নৃত্য, বড়াে, ৰাভা, তিৱা, কাৰ্বি, হাজং, চাহ জনগােষ্ঠীৰ ঝুমুৰ আদি লােকনৃত্যৰ প্ৰদৰ্শনৰ লগতে অসমৰ মিচিং, দেউৰী বিহু আৰু অন্যান্য বিহু হুঁচৰি দলৰ অনুষ্ঠানৰ উপৰি বিভিন্ন বাৰেৰহনীয়া সাংস্কৃতিক কার্যসূচী পৰিৱেশন কৰা হ’ব। লগতে চাৰিদিনীয়া বর্ণিল সাংস্কৃতিক কার্যসূচীত অসমৰ জনপ্রিয় গীতিকাৰ-সুৰকাৰ তথা গায়ক দ্বীপেন বৰুৱা, জনপ্রিয় কণ্ঠশিল্পী প্রিয়ংকা ভৰালী, বাবু, দীপ দর্শনকে ধৰি ভালেমান শিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰিব৷১৬ এপ্রিলত বিয়লি ৪ বজাৰ পৰা গুৱাহাটী বিহু সন্মিলনীৰ মঞ্চত ‘বিহু কুঁৱৰী আৰু বিহু ৰাণী’ প্রতিযােগিতা অনুষ্ঠিত কৰা হ’ব।১৭ এপ্রিলত সন্ধিয়া ৭.৩০ বজাৰ পৰা গুৱাহাটী বিহু সন্মিলনীৰ মঞ্চত অসমৰ একক আৰু অনন্য ‘বিহু সম্রাজ্ঞী’ প্রতিযােগিতা অনুষ্ঠিত কৰা হ’ব। এইবেলি ‘বিহু কুঁৱৰী’, ‘বিহু ৰাণী’ আৰু বিহু সম্রাজ্ঞীলৈ ক্রমে নগদ ৩১,০০০.০০ টকা, ৫১,০০০.০০ টকা আৰু ১,০০,০০০.০০ টকাৰ লগতে বিভিন্ন উপহাৰৰ টোপােলাৰে পুৰস্কৃত কৰা হ’ব৷ইয়াৰ উপৰি ১ ব’হাগৰ পৰা ৩ ব’হাগলৈ প্রতিদিনে পুৱা গুৱাহাটী বিহু সন্মিলনীৰ খেল বিভাগৰ দ্বাৰা বিভিন্ন খেল-ধেমালি প্রতিযােগিতাৰ লগতে খােজকঢ়া, মাৰাথান দৌৰ আদি প্রতিযােগিতাও অনুষ্ঠিত কৰা হ’ব৷সংবাদ মেলত টাইম৮ৰ সম্পাদক ঋতুস্মিন শৰ্মাই কয়-এই বিহু সন্মিলনীৰ সৈতে টাইম৮এ প্ৰথমবাৰলৈ প্ৰৱৰ্তন কৰিছে চাৰিটাকৈ বিহু সন্মান৷চাৰিটাকৈ শিতানত হ’বলগীয়া এই বঁটা কেইটা হ’ল- মৌ কুঁৱৰী,মৌ কোঁৱৰ (ঢোল),মৌ কোঁৱৰ (পেঁপা),মৌ কোঁৱৰ (বিহু নাম)৷সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিযোগীসকলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব৷