গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ অনুশীলন অনুষ্ঠান আৰম্ভ

Pc Shiksha

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ অনুশীলন অনুষ্ঠান আৰম্ভ

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী বিশ্ববিদ্যালয় ৰাষ্ট্ৰীয় সেৱা আঁচনি কোষে এন এছ এছ কাৰ্য্যসূচী বিষয়াসকলৰ বাবে ১০ ছেপ্টেম্বৰলৈ তিনিদিনীয়াকৈ বিশ্ববিদ্যালয় চৌহদত আৰম্ভ হৈছে এক অনুশীলন অনুষ্ঠান । অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লৈ গুৱাহাটী পশ্চিম জিলাৰ উপ-আৰক্ষী আয়ুক্ত নবনীত মহন্তই ভাষণত ড্ৰাগছ সেৱন প্ৰতিৰোধ আৰু চাইবাৰ অপৰাধৰ বিভিন্ন দিশ আলোকপাত কৰে। নৱনীত মহন্তই কয় সমাজত ড্ৰাগছ সেৱন প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ বাবে এন এছ এছৰ স্বেচ্ছাসেৱক সকলেও গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগিব । অনুষ্ঠানত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ উত্তৰ পূৱৰ ক্ষেত্ৰীয় সঞ্চালক দীপক কুমাৰে সন্মানীয় অতিথি হিচাপে ভাগ লৈ নিজ প্ৰতিষ্ঠানত সম্পন্ন কৰিবলগীয়া এন এছ এছৰ কাৰ্যসূচী বিষয়াৰ ভূমিকাকে ধৰি এন এছ এছৰ বিভিন্ন দিশত মনোনিৱেশ কৰে।অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ অধীনৰ এ আৰ আই এ এছৰ প্ৰশিক্ষণ আৰু সামৰ্থ্য বিকাশ বিশেষজ্ঞ ড০ হেমন্ত ৰাভাই কয় যে – প্ৰতিটো এন এছ এছ গোটৰ দ্বাৰা গাঁও অভিযোজনৰ সময়ত গাঁওসমূহ উন্নীতকৰণৰ বাবে আমি মহাত্মা গান্ধীৰ পথ অনুসৰণ কৰা উচিত। ড০ ৰাভাই আত্ম নিৰ্ভৰ ভাৰতত বিভিন্ন সম্পদ আৰু নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে উদ্যোগীকৰণ বিকাশৰ পৰিসৰৰ কথা বিস্তৃতভাবে আলোচনা কৰে।গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক আৰু এন এছ এছৰ কাৰ্যসূচী সমন্বয়ক ডঃ ৰঞ্জন কুমাৰ কাকতিয়ে সমগ্ৰ অনুষ্ঠানৰ সমন্বয় সাধন কৰি এন এছ এছৰ সকলো কাৰ্যসূচী বিষয়াক সম্পূৰ্ণ উৎসাহ আৰু নিষ্ঠাৰে জনসাধাৰণ আৰু সমাজ সেৱাত ব্ৰতী হবলৈ আহ্বান জনায়। কাৰ্যসূচীত মহানগৰ আৰক্ষীৰ আজাৰা সংমণ্ডলৰ সহকাৰী আৰক্ষী আয়ুক্ত নন্দিনী কাকতিয়ে ভাগ লৈ চমু ভাষণত এখন সুস্থ সবল সমাজ গঠনত এন এছ এছৰ স্বেচ্ছাসেৱক সকলৰ ভূমিকাৰ ওপৰত আলোকপাত কৰে । আনহাতে কাৰ্যসূচীত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত এন এছ এছৰ বিভিন্ন মহাবিদ্যালয়ৰ পৰা এন এছ এছৰ কাৰ্যসূচী বিষয়াসকলে অংশগ্ৰহণ কৰে।