গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখত সাংবাদিকৰ প্ৰতিবাদ

গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখত সাংবাদিকৰ প্ৰতিবাদ

ৰঙিলী বাৰ্ত্তাসেৱা- শনিবাৰে মহানগৰীৰ আজাৰাৰ ধাৰাপুৰত সংঘটিত এক দুৰ্ঘটনাত নিহত সাংবাদিক পাৰ্থজ্যোতি দাসৰ পৰিয়ালক উচিত ক্ষতিপূৰণ আৰু ঘটনাৰ উচিত তদন্তৰ দাবীত দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে গুৱাহাটীস্থ বহুকেইগৰাকী সাংবাদিকে। সাংস্কৃতিক সাংবাদিক সন্থা, অসম আৰু ভাৰতীয় সাংবাদিক সংঘ, অসম প্ৰদেশৰ উদ্যোগত গ্ৰহণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সাংবাদিক সন্থা দুটিৰ কাৰ্যকৰ্তাসকলৰ লগতে গুৱাহাটীস্থ বহুকেইগৰাকী সাংবাদিকে ৰাজপথত দিনকদিনে বৃদ্ধি পোৱা ডাম্পাৰ চালকৰ সন্ত্ৰাস ৰোধৰ ক্ষেত্ৰত চূড়ান্ত ব্যৰ্থ হোৱা পৰিবহন বিভাগ তথা চৰকাৰ প্ৰশাসনত গৰিহণা দিয়ে। কাৰ্যসূচীত অংশগ্ৰহণ কৰি ভাৰতীয় সাংবাদিক সংঘ, অসম প্ৰদেশৰ যুটীয়া সম্পাদক তথা সাংস্কৃতিক সাংবাদিক সন্থা, অসম’ৰ সাংগঠনিক সম্পাদক হেমন্ত শৰ্মাই কয় যে বিগত ২৫ বছৰে সংবাদসেৱা আগবঢ়োৱা পাৰ্থজ্যোতি দাসৰ দুৰ্ঘটনা এটা সাধাৰণ দূৰ্ঘটনা নহয়, ইয়াৰ উচিত তদন্ত কৰি দোষীক উচিত শাস্তি প্ৰদান কৰাৰ বাবে আহ্বান জনায় সাংবাদিকগৰাকীয়ে। দিনে নিশাই সাধাৰণ খাটি খোৱা জনতাৰ ক্ষেত্ৰত সততে কঠোৰ হোৱা পৰিবহন বিভাগ তথা আৰক্ষী প্ৰশাসনৰ কথা উল্লেখ কৰি সাংবাদিক শৰ্মাই কয় যে সুৰাপায়ীৰ মুখৰ গোন্ধ শুঙি ফূৰা বিয়াগোম পৰিবহন বিষয়া, আৰক্ষী বিষয়াসকলে ৰাজপথত সন্ত্ৰাসৰ সৃষ্টি কৰা মৃত্যুদূতৰূপী ডাম্পাৰৰ চালকৰ ক্ষেত্ৰত কিয় কঠোৰ নহয়, নে ডাম্পাৰৰ মালিকসকল ধনাঢ্য আৰু ৰাজনৈতিক নেতাৰ আশীষপুষ্ট. বাবেই সমীহ কৰে? ডাম্পাৰৰ ক্ষেত্ৰত গতি নিৰীক্ষণৰ বাবে ব্যৱহৃত ‘স্পীড লিমিট ডিভাইচ (SLD) ৰ ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ সাহ হ’নে বুলি প্ৰশ্ন উত্থাপন কৰে সাংবাদিকগৰাকীয়ে। তদুপৰি, বছৰ বছৰ ধৰি সাংবাদিকৰ সুৰক্ষাৰ বাবে মাত মাতি ভাগৰি পৰা সাংবাদিকসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত কোনো এখন চৰকাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ তুলি শৰ্মাই কয় যে, চৰকাৰ আহে আৰু যায়। কিন্তু সাংবাদিকৰ সুৰক্ষাৰ ক্ষেত্ৰত প্ৰতিবাৰেই আভুৱা ভৰা পৰিলক্ষিত হয়। নতুন বৰ্ষত যদি চৰকাৰখনে সাংবাদিকৰ সুৰক্ষাৰ বাবে সূকীয়া আইন তথা উচিত পদক্ষেপ নলয় তেন্তে অনাগত সময়ত কলম, কেমেৰা এৰি ৰাজপথলৈ সাংবাদিক ওলাই আহিবলৈ বাধ্য হ’ব বুলি মন্তব্য কৰে হেমন্ত শৰ্মাই। আনহাতে, কাৰ্যসূচীত অংশগ্ৰহণ কৰি সাংস্কৃতিক সাংবাদিক সন্থা, অসম’ৰ কোষাধ্যক্ষ অনুপম হাজৰিকাই নিহত পাৰ্থজ্যোতি দাসৰ পৰিয়ালক উচিত ক্ষতিপূৰণৰ দাবী তুলি কয় যে, দূৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰ মালিক যিহেতু এগৰাকী ধনাঢ্য ঠিকাদাৰ, সেয়ে নিহত পাৰ্থজ্যোতিৰ পৰিয়ালক উচিত ক্ষতিপূৰণ দিব পাৰে। পৰিয়ালটোত শয্যাশায়ী দেউতাক, মাক আৰু ভনীয়েক তথা ক্ষুদ্ৰ পৰিয়ালটোক পোহ-পাল দি থকা পাৰ্থৰ ভণীয়েকক এটা চৰকাৰী চাকৰি দিবলৈ আহ্বান জনায় সাংবাদিকগৰাকীয়ে। উল্লেখ্য যে, দেওবাৰৰ প্ৰতিবাদী কাৰ্য্যসূচীত জ্যেষ্ঠ সাংবাদিক জিষ্ণু মেধি, চিন্ময় ৰয়, নীবিৰ নীতিশ, অনুপমা ডেকা, দেৱাশীষ কাঠকটীয়া, বিপুল মজুমদাৰ, প্ৰস্তুতি বৰাৰ লগতে বহুকেইগৰাকী সাংবাদিক উপস্থিত থাকে।