গুৱাহাটী প্ৰেছ ক্লাবত কাব্যগ্ৰন্থ উন্মোচন

গুৱাহাটী প্ৰেছ ক্লাবত কাব্যগ্ৰন্থ উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটী প্ৰেছ ক্লাৱত ২২ জানুৱাৰীত সোণপৰুৱা শিশু আৰু সমাজ কল্যাণ পৰিষদৰ সহযোগত কবি, লেখিকা আল্পনা দলেৰ তৃতীয়খন কাব্যগ্ৰন্থ ‘ধনশিৰিৰ পাৰে পাৰে’ উন্মোচন কৰা হয় । উক্ত অনুষ্ঠানত মুখ্য উন্মোচক হিচাপে বিশিষ্ট শিক্ষাবিদ, সমালোচক, অনুবাদক ড° দয়ানন্দ পাঠক, লোক সংস্কৃতিৰ গৱেষক তথা প্ৰাক্তন উপাধ্যক্ষ লীলাধৰ হাজৰিকা, সোণপৰুৱাৰ মুখ্য উপদেষ্টা নাং অঞ্জনা গগৈ, সোণপৰুৱাৰ কাৰ্যকৰী সভাপতি ড° নঞ্জু দত্ত , সমাজবন্ধু ,সমাজৰত্ন ছাজন ভূঞা, সংগীত শিল্পী মিনতি বৰ্মন,কবি ঊষামনি শইকীয়াকে আদি কৰি বহু কেই গৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷ লেখিকাই তেওঁৰ গ্ৰন্থ ‘ধনশিৰিৰ পাৰে পাৰে’ত চহা জীৱনত নৈপৰীয়া লোকসকলে বানপানীৰ সময়ত সততে মুখামুখি হোৱা অভাৱনীয় সমস্যা তথা উচুপনিক সাৱলীলভাৱে বৰ্ণনা কৰিছে। “ধনশিৰিৰ পাৰে পাৰে” গ্ৰন্থখন পাঠক সমাজে আদৰি লৈ লেখিকাক মৰম আৰু উৎসাহ প্ৰদান কৰিব বুলি আশা কৰিছে ।