গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত পাঁচটাকৈ নতুন ভৱন মুকলি

Pc facebook

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত নতুনকৈ নিৰ্মাণ কৰা পাঁচটাকৈ ভৱন মঙলবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে । লোক নিৰ্মাণ বিভাগে নিৰ্মাণ কৰা এই ভৱনকেইটা মুকলি কৰি মুখ্যমন্ত্ৰীয়ে তেওঁৰ ভাষণত কয় যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালখনক কেৱল অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বাবেই নহয়, দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াৰ চুবুৰীয়া দেশৰ ৰোগীক সেৱা আগবঢ়াই স্বাস্থ্য সেৱাৰ বিশ্বমানৰ কেন্দ্ৰলৈ ৰূপান্তৰিত কৰাৰ দীৰ্ঘম্যাদী পৰিকল্পনা চৰকাৰে ইতিমধ্যে গ্ৰহণ কৰিছে । চৰকাৰৰ দৃষ্টিভংগীক বাস্তৱত পৰিণত কৰাৰ প্ৰয়াসৰ অংশ হিচাপে মঙলবাৰে অইল ইণ্ডিয়া লিমিটেডৰ চি এছ আৰ পুঁজি আৰু অসম চৰকাৰৰ আৰ্থিক সহায়ত ৬ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা ৮৫০ খন আসন ক্ষমতা সম্পন্ন আধুনিক প্ৰেক্ষাগৃহ উদ্বোধন কৰা হৈছে । ইয়াৰ লগতে ২ কোটি টকা ব্যয়ৰে নিৰ্মিত জি এম চি এইচৰ অধ্যক্ষৰ বাসগৃহ, চিকিৎসাৰ বাবে অহা পৰিচাৰক আৰু ৰোগীসকলৰ বাবে পাৱাৰগ্ৰিড কৰ্প’ৰেশ্যনৰ পৰা চি এছ আৰ পুঁজিৰ অধীনত ১৩ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা ১৬৫ খন বিছনাযুক্ত ডৰমেটৰী আৰু ছাত্ৰাৱাস আৰু নাৰ্ছৰ আৱাসৰ বাবে ক্ৰমে আনুমানিক ১১ কোটি আৰু ৩.৩২ কোটি ব্যয়ৰে নিৰ্মাণ কৰা ভৱনো মুকলি কৰা হৈছে । তেওঁ ভাষণত জি এম চি এইচৰ বাবে আধুনিক খেলপথাৰৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সঁহাৰি জনাই ইয়াৰ ওপৰত কাম কৰাৰ প্ৰতিশ্ৰুতি দি আৰু ইয়াৰ বাবে সংশ্লিষ্ট বিভাগসমূহক প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰে ।তেওঁ জনায় যে চৰকাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালখন সম্প্ৰসাৰণ  কৰাৰ পৰিকল্পনা কৰি আছে । যাতে অহা ৫০ বছৰলৈ হাস্পতালত ৰোগীৰ আসনৰ অভাৱ নহয় । অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু জি এম চি এইচৰ অধ্যক্ষ অচ্যুৎ বৈশ্যও উপস্থিত থাকে ।