গুৱাহাটীত ‘পেডেল ফৰ পাৰ্টিচিপেটিভ ইলেকচন’ শীৰ্ষক চাইকেল ৰেলী

Pc Times Now

গুৱাহাটীত ‘পেডেল ফৰ পাৰ্টিচিপেটিভ ইলেকচন’ শীৰ্ষক চাইকেল ৰেলী

দিছপুৰ, ৰঙিলী বাৰ্ত্তাসেৱা-  ভোটদান প্ৰক্ৰিয়াত সকলোৰে সম অধিকাৰ আৰু সকলোৰে অংশগ্ৰহণ নিশ্চিত কৰাৰ লক্ষ্যৰে আজি ৰাজ্যৰ মুখ্য নিবাৰ্চনী বিষয়াৰ কাযাৰ্লয়ৰ উদ্যোগত দিছপুৰৰ অসম সচিবালয় খেলপথাৰৰ পৰা ‘পেডেল ফৰ পাৰ্টিচিপেটিভ ইলেকচন’ শীৰ্ষক এক চাইকেল ৰেলী উলিওৱা হয়৷ এই ৰেলীৰ শুভ উদ্বোধন কৰে ৰাজ্যৰ মুখ্য নিবাৰ্চনী বিষয়া নীতিন খাড়েয়ে৷ উল্লেখ্য যে ভোটদান প্ৰক্ৰিয়াত অধিক অংশগ্ৰহণ নিশ্চিত কৰাৰ বাবে আজিৰে পৰা ৰাজ্যজুৰি আৰম্ভ হোৱা ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী প্ৰক্ৰিয়াৰ অংশৰূপে এই ৰেলীৰ আয়োজন কৰা হৈছে৷ ৰেলীৰ জৰিয়তে ন-ভোটাৰসকলক ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ বাবে উৎসাহিত কৰাৰো প্ৰয়াস কৰা হৈছে৷ অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্য নিবাৰ্চনী বিষয়া নীতিন খাড়েয়ে কয় যে দেশৰ নিবাৰ্চন আয়োগে ভোটাৰসকলক ভোটদানৰ বাবে প্ৰয়োজনীয় সকলো সুবিধা প্ৰদানৰ বাবে সদায় প্ৰচেষ্টা কৰি আহিছে৷ এই প্ৰচেষ্টাৰ অংশস্বৰূপে চলিত বৰ্ষতো আজিৰে পৰা ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে ৷ প্ৰতিবছৰে এখন ত্ৰুটিমুক্ত ভোটাৰ তালিকা প্ৰস্তুত আৰু ন ন ভোটাৰসকলৰ নাম পঞ্জীয়নৰ বাবে ভোটাৰ তালিকাৰ এই বিশেষ সংক্ষিপ্ত সংশোধনী প্ৰক্ৰিয়া হাতত লোৱা হয় আৰু আজি ইয়াৰ অংশৰূপে অসমতো খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে৷ নীতিন খাড়েয়ে লগতে কয় যে এইবাৰ এই প্ৰক্ৰিয়াৰ অধীনত নতুনকৈ ১৮ বছৰত ভৰি দিয়া ভোটাৰসকলৰ নাম ভোটাৰ তালিকাত সন্নিবিষ্ট কৰাৰ দিশত নিবাৰ্চন আয়োগে বিশেষ¸ গুৰুত্ব প্ৰদান কৰিছে৷ সেই অনুসৰি চলিত বৰ্ষত আয়োগে ন-ভোটাৰসকলে আগতীয়াকৈ নিজৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ কাৰণে আবেদন জনাব পৰাকৈ ২০২৩ বৰ্ষৰ ১জানুৱাৰীৰ লগতে ১ এপ্ৰিল, ১ জুলাই আৰু ১ অক্টোবৰৰ দিনকেইটাও ভিত্তি তাৰিখ হিচাপে নিধাৰ্ৰণ কৰিছে৷ ভাষণ প্ৰসংগত ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ জৰিয়তে সকলোৱে ভোট প্ৰদানৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিব বুলিও তেওঁ উল্লেখ কৰে৷ মুখ্য নিবাৰ্চনী বিষয়াগৰাকীয়ে লগতে ভোটাৰসকলক ভোটাৰ ফটো পৰিচয় পত্ৰক আধাৰৰ সৈতে লিংক কৰাৰ বাবে নিবাৰ্চন আয়োগে আৰম্ভ কৰা প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈও আহ্বান জনায়৷ ই বাধ্যতামূলক নহয় যদিও ভোটাৰ তালিকা ত্ৰুটিমুক্ত কৰি তোলা আৰু যাৱতীয় শুধৰণিৰ বাবে ই এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি তেওঁ উল্লেখ কৰে৷ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি আজি মুখ্য নিবাৰ্চনী বিষয়াৰ কাযাৰ্লয়ে ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী প্ৰক্ৰিয়াৰ বিষয়ে প্ৰস্তুত কৰি উলিওৱা এটা থীম ছং উদ্বোধন কৰে৷ আজি পুৱা ৬.৩০ বজাত সচিবালয় খেলপথাৰৰ পৰা আৰম্ভ হোৱা এই ৰেলী ভঙাগড়, খানাপাৰা হৈ পুনৰ সচিবালয় খেলপথাৰত অন্ত পৰে৷ অনুষ্ঠানত প্ৰায় ১৫০ গৰাকী লোকে অংশগ্ৰহণ কৰে৷