গুৱাহাটীত নিউজ দৰ্পণ কনক্লেভ ২০২২

গুৱাহাটীত নিউজ দৰ্পণ কনক্লেভ ২০২২

ৰঙিলী বাৰ্ত্তাসেৱা-  পি আৰ পাব্লিকেচন আৰু মাহেকীয়া আলোচনী নিউজ দৰ্পণৰ উদ্যোগত আজি নিউজ দৰ্পণ কনক্লেভ ২০২২ অনুষ্ঠিত হয়৷ মহানগৰীৰ লালমাটিস্থিত দক্ষিণ বৰসজাই মৈদাম দুৰ্গা মন্দিৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা মনোজ্ঞ অনুষ্ঠানটিত ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা দহ গৰাকী ব্যক্তি আৰু এটা বেচৰকাৰী স্বেচ্ছাসেৱী অনুষ্ঠানক নিউজ দৰ্পণ বঁটা প্ৰদান কৰা হয়। নিউজ দৰ্পণৰ মুখ্য সম্পাদক আজিজুৰ ৰহমান শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই কনক্লেভত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে ভৰতৰাজ ৰূপে খ্যাত বিশিষ্ট জ্যোতিষী ৰাজ হাজৰিকা, বিশিষ্ট ছবি পৰিচালক নৱজ্যেতি বৰা, অধ্যাপক ড° কুকিল বৰা আৰু বিশিষ্ট ক্ৰীড়া সংগঠক আছাম বক্সিং এছ’চিয়েছনৰ উপ-সভাপতি ৰণজিৎ বৰা। অনুষ্ঠানত নিউজ দৰ্পণ বঁটা ২০২২ প্ৰাপক সকল হ’ল স্বেচ্ছাসেৱী সংগঠন এইট ব্ৰাদাৰ্ছ, বিশিষ্ট লেখক মুনিন্দ্ৰ বৈশ্য, সংগীত শিল্পী ৰিমলি শৰ্মা বৰা, বিশিষ্ট অভিনেত্ৰী জয়শ্ৰী গোস্বামী, আৰু দিক্ষিতা হাজৰিকা, যুৱ উদ্যোগী উৎপল বনিয়া, জ্যোতিষ ব্ৰেণ্ড এছ কে চক্ৰৱৰ্তী, মহিলা উদ্যোগী কুন্তলা গোস্বামী, নাট পৰিচালক বিজিত নাথ, মহিলা উদ্যোগী জয়া কুমাই আৰু ব্যৱসায়ী ৰবী চৌধুৰী। জাৰ্ণৱ জ্যোতি দাসে আঁত ধৰা অনুষ্ঠানটিৰ সামগ্ৰিক পৰিচালনা আছিল নিউজ দৰ্পণৰ সম্পাদক ৰমেন বৰা আৰু বিজয় শংকৰজ্যোতি দাসৰ।