গুৱাহাটীত দক্ষিণ ভাৰতীয় ৰেষ্টুৰেণ্ট অন্নপূৰ্ণম মুকলি

Pc The Janambhumi

গুৱাহাটীত দক্ষিণ ভাৰতীয় ৰেষ্টুৰেণ্ট অন্নপূৰ্ণম মুকলি

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটীৰ জি এছ ৰোডৰ কৃষ্ণা টাৱাৰত “অন্নপূৰ্ণম” নামৰ এখন দক্ষিণ ভাৰতীয় ৰেষ্টুৰেণ্ট উদ্বোধন কৰা হয়।সুশীল আগৰৱাল, সৃষ্টি আগৰৱাল, সৌৰভ সুৰানা আৰু অন্যান্য গণ্যমান্য ব্যক্তিসকলৰ উপস্থিতিত পূৱ গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই অন্নপূৰ্ণম ৰেষ্টুৰেণ্ট উদ্বোধন কৰে।উদ্বোধনী অনুষ্ঠানত বিধায়ক ভট্টাচাৰ্যই কয় যে, গুৱাহাটীত ৰেষ্টুৰেণ্ট দ্ৰুতগতিত বৃদ্ধি পাইছে আৰু মহানগৰীৰ লোকসকলে খাদ্যৰ প্ৰতি অধিক আকৃষ্ট হৈছে।এনে পৰিস্থিতিত দীৰ্ঘদিন ধৰি দক্ষিণ ভাৰতীয় ৰন্ধনপ্ৰণালীৰ ৰেষ্টুৰেণ্টৰ অভাৱ আছিল মহানগৰীত, যিটো “অন্নপূৰ্ণম” মুকলি হোৱাৰ পিছতেই সেই অভাৱ পূৰণ হল।গুৱাহাটীবাসীয়ে এতিয়া দক্ষিণ ভাৰতীয় সুস্বাদু খাদ্য উপভোগ কৰিব পাৰিব।যুৱ মহিলা উদ্যোগী সৃষ্টি আগৰৱালে কয় যে, ৰেষ্টুৰেণ্টখনৰ ভিতৰভাগ দক্ষিণ ভাৰতীয় বিষয়বস্তুৰ কথা মনত ৰাখি ডিজাইন কৰা হৈছে।অন্নপূৰ্ণম ৰেষ্টুৰেণ্টৰ বিশেষত্ব এইটো যে ইয়াত ৬০ প্ৰকাৰৰ দোচা উপলব্ধ হৈছে।ইয়াৰ উপৰিও, উৎতাপম, উপমা, ইডলি, ভাদাকে ধৰি ফাষ্ট ফুড সামগ্ৰীও উপলব্ধ। জন্মদিন, বাৰ্ষিকী, কিটি পাৰ্টি আদি সৰু উৎসৱ উদযাপনৰ বাবে ৰেষ্টুৰেণ্টত প্ৰি-বুকিং সুবিধাও আছে।অতি সোনকালেই অন্নপূৰ্ণম ৰেষ্টুৰেণ্ট চুইগি আৰু জোমাটোত উপলব্ধ হ’ব যাতে গুৱাহাটীৰ লোকসকলে ঘৰত বহি দক্ষিণ ভাৰতীয় সুস্বাদু খাদ্য উপভোগ কৰিব পাৰিব।