গুৱাহাটীত আৰম্ভ হ’ল এছথেটিকৰ হস্তশিল্প মেলা

গুৱাহাটীত আৰম্ভ হ’ল এছথেটিকৰ হস্তশিল্প মেলা

ৰঙিলী বাৰ্ত্তাসেৱা–  শাৰদীয় দুৰ্গোৎসৱৰ প্ৰাকক্ষণত গুৱাহাটীত আৰম্ভ হ’ল এছথেটিকৰ হস্ত আৰু বস্ত্ৰশিল্প মেলা ৷ দীঘলীপুখুৰীৰ পাৰৰ সত্যনাথ বৰা হলত তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা ব্যতিক্ৰমধৰ্মী মেলাখনৰ শুভ উদ্ধোধন কৰে এ এম টেলিভিছনৰ অধ্যক্ষা ডা° অক্ষতা নাৰায়নে ৷ উল্লেখযোগ্য যে , সমগ্ৰ দেশতে বিশেষ জনপ্ৰিয়তা লাভ কৰা আৰু কলকাতাত প্ৰতিষ্ঠা লাভ কৰা এছথেটিকে পোন প্ৰথমবাৰৰ বাবে গুৱাহাটীত আয়োজন কৰিছে এই হস্তশিল্প মেলা। উদ্যোক্তা সঞ্চিতা ঘোষ আৰু মৈত্ৰেয়ী পাঠকে সংবাদ মাধ্যমক জনোৱা মতে , দেশৰ বিভিন্ন প্ৰান্তৰৰ বচা বচা শিল্পী আৰু ডিজাইনাৰে প্ৰস্তুত কৰা আকৰ্ষণীয় সামগ্ৰীৰ সমাহাৰ ঘটিছে এই মেলাত। বিশেষকৈ গুজৰাট , হায়দৰাবাদ , কলকাতা , জয়পুৰ , ঢাকাৰ লগতে অসম তথা উত্তৰ পূবৰ ডিজাইনাৰে পূজাৰ বাবে প্ৰস্তুত কৰি ওলিওৱা নতুন নতুন ডিজাইনৰ বস্ত্ৰ সম্ভাৰৰ উপলব্ধ হৈছে এই মেলাত ৷ তিনিদিনৰ বাবে অনুষ্ঠিত হোৱা মেলাখন নিতৌ পুৱা ১১ বজাৰ পৰা নিশা ৯ বজালৈকে গ্ৰাহকৰ বাবে খোলা থাকিব ৷