গুৰু তোমাক নমন – মন্দিতা চেতিয়া গগৈ

গুৰু তোমাক নমন

মন্দিতা চেতিয়া গগৈ
মৰাণ, ৰাজগড়

জ্ঞানৰ বন্তিগছিৰ
তুমি অতন্দ্ৰ প্ৰহৰী,
অন্ধকাৰ আঁতৰাই
পোহৰাই তোলা
এই ধুনীয়া ধৰণী।
মমবাতিৰ দৰে
নিজে জ্বলি যোৱা,
জ্ঞান চক্ষু মুকলি কৰি
মাৰ্গ দৰ্শন কৰা ।
বিজ্ঞান -প্ৰযুক্তিৰ
বীজ ৰোপণ কৰি,
কুসংস্কাৰ, অন্ধবিশ্বাসৰ
শিপা উভালি পেলোৱা ।
জাতি, ধৰ্ম, বৰ্ণ, সম্প্ৰদায়ৰ
ভেদাভেদ আতঁৰাই
ন-সমাজ গঢ় দিয়া,
কৌটিকলীয়া অনিয়মবোৰ
সমাজৰ হিতৰ বাবে ভাঙি
নতুন দিগন্তৰ সূচনাৰবাবে
মাৰ বান্ধি থিয় দি
সমাজক আগুৱাই নিয়া ।