গুণোৎসৱ – এছ ইছলাম

PC- ETV Bharat
গুণোৎসৱ
এছ ইছলাম, বৰপেটা
দুই হাজাৰ চব্বিশ বৰ্ষৰ জানুৱাৰীত
পাতিছে গুণোৎসৱ প্ৰতিটো বিদ্যালয়ত
কোভিড-১৯ৰ পৰিস্থিতিৰ প্ৰত্যাহ্বান
বিদ্যায়তনিক পাৰদৰ্শিতা কৰিব নিৰূপণ।
আছে আমাৰ গিয়ানী-গুনী চৰকাৰ
ল’ৰা-ছোৱালী শিক্ষিত হোৱা দৰ্কাৰ
কৰিছে বিষয়ববীয়াৰ কঠোৰ শ্ৰমত
পাতিছে গুণোৎসৱ প্ৰতিটো বিদ্যালয়ত।
শৈক্ষিক আসোঁৱাসমূহ কৰিব দূৰ
কৰিছে অনুশীলন গুণোৎসৱৰ
বিষয়ববীয়া সকল কৰিব পৰিদৰ্শন
ছাত্র-ছাত্রীয়ে পাব গুণোৎসৱৰ শিকণ।
আহা আহা, আমি অভিভাৱকসকলে
সানন্দে বিদ্যালয়লৈ যাও দলেদলে।