গুজৰাটত প্রধানমন্ত্রী গতিশক্তি সম্বন্ধীয় আঞ্চলিক সন্মিলনত উপস্থিত থাকে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সােণােৱাল

গুজৰাটত প্রধানমন্ত্রী গতিশক্তি সম্বন্ধীয় আঞ্চলিক সন্মিলনত উপস্থিত থাকে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সােণােৱাল

ৰঙিলী বাৰ্ত্তাসেৱা-  কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা কেন্দ্রীয় আয়ুষ মন্ত্রী সর্বানন্দ সােণােৱালে গুজৰাটৰ গান্ধীনগৰত পশ্চিম অঞ্চলৰ বাবে প্রধানমন্ত্রী গতিশক্তি সন্দৰ্ভত অনুষ্ঠিত আঞ্চলিক সন্মিলনত গুজৰাটৰ মুখ্যমন্ত্রী ভূপেন্দ্র পেটেল, কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথৰাজ্যিক মন্ত্রী শ্রীপদ য়েছাে নায়ক, মধ্য প্রদেশৰ ঔদ্যোগিক নীতি আৰু বিনিয়ােগ মন্ত্রী ৰাজবর্ধন সিং দার্ডিগাঁও, ৰাজস্থানৰ গড়কাপ্তানি মন্ত্রী ভজন লাল জাটাভৰ উপস্থিতিত অংশগ্রহণ কৰে। কেন্দ্রীয় বন্দৰ,জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রালয়ৰ অধীনত দীনদয়াল বন্দৰ ন্যাসে এই আঞ্চলিক সন্মিলনৰ আয়ােজন কৰে। প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে যােৱা ১৩ অক্টোবৰত মাল্টি-মডেল সংযােগৰ ওপৰত ঐতিহাসিক প্রধানমন্ত্রী গতিশক্তি-ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন মুকলি কৰিছিল। প্রধানমন্ত্রী গতিশক্তি মূলতঃ এক ডিজিটেল মঞ্চ যিয়ে ১৬টা মন্ত্রালয়ক একত্রিত কৰিছে আৰু আন্তঃগাঁথনিমূলক সংযােগ প্রকল্পসমূহৰ সামগ্রিক পৰিকল্পনা আৰু ইয়াৰ সমন্বিত ৰূপায়ণত অগ্রাধিকাৰ দিছে। ইয়াৰ অধীনত ভাৰতমালা, সাগৰমালা আৰু অভ্যন্তৰীণ জলপথ, বন্দৰ, উড়ান আদিৰ দৰে আন্তঃগাঁথনিমূলক আঁচনি অন্তর্ভুক্ত কৰা হ’ব। দেশৰ সংযােগ ব্যৱস্থা অধিক উন্নত কৰিবলৈ আৰু অভ্যন্তৰীণ বেপাৰ-বাণিজ্যক অধিক প্রতিযােগিতামূলক কৰি তুলিবলৈ প্রধানমন্ত্রী গতিশক্তিৰ অধীনত টেক্সটাইল ক্লাষ্টাৰ, ফার্মা ক্লাষ্টাৰ, প্ৰতিৰক্ষা কৰিড’ৰ, ইলেক্ট্রনিক পার্ক, ঔদ্যোগিক কৰিড’ৰ, মাছ ধৰা গােট, কৃষি ক্ষেত্ৰ আৰু অন্যান্য অর্থনৈতিক কেন্দ্রসমূহাে সামৰি লােৱা হ’ব। তদুপৰি এই ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেনে মাল্টি-মডেল সংযােগীকৰণ বৃদ্ধি কৰিব আৰু পৰিবহণৰ এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ যাত্রী, সা-সামগ্ৰী আৰু অন্যান্য সেৱাৰ চলাচলৰ ক্ষেত্ৰত একত্রিত আৰু অবিৰত সংযােগ প্রদান কৰিব। এই বৃহৎ পদক্ষেপে ভ্ৰমণৰ সময় আৰু লজিষ্টিক ব্যয় হ্রাস কৰিব, যােগান শৃংখলা উন্নত কৰিব আৰু বিশ্ব বজাৰত ভাৰতৰ স্থানীয় সামগ্রীসমূহৰ স্থিতি সুদৃঢ় কৰাতাে শক্তিশালী ভূমিকা পালন কৰিব।আজিৰ এই উদ্বোধনী অধিৱেশনত ভাষণ প্রদান কৰি কেন্দ্রীয় মন্ত্রী সর্বনন্দ সােণােৱালে প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীৰ দূৰদৰ্শী নীতিয়ে কেনেদৰে ভাৰতক এক নতুন পৰিচয় প্রদান কৰিছে তাৰ ওপৰত আলােকপাত কৰে আৰু দেশখনক বিশ্বৰ অন্যতম শ্রেষ্ঠ দেশ হিচাপে গঢ়ি তােলাৰ দিশত মােদীজীয়ে কিদৰে বলিষ্ঠ ৰূপত আগুৱাই লৈ গৈছে, সেই সন্দৰ্ভত বক্তব্য ৰাখে। “প্রধানমন্ত্রী গতিশক্তি কেৱল সংযােগীকৰণ বা একত্রিত প্রচেষ্টাই নহয়, দেশৰ সকলাে ৰাজ্যক লগত লৈ ভাৰতক শক্তিশালী কৰাৰ বাবে এয়া এক বৃহৎ পদক্ষেপI” -কেন্দ্রীয় মন্ত্রীগৰাকীয়ে লগতে উল্লেখ কৰে। ” প্রধানমন্ত্রী নৰেন্দ্র মােদীৰ কার্যকালত দেশবাসীয়ে প্রতিদিনে নতুন পৰিৱৰ্তন প্রত্যক্ষ কৰি আহিছে আৰু বিকাশক ওচৰৰ পৰা দেখিছে। এয়া এক বৃহৎ সাফল্য।”- কেন্দ্রীয় মন্ত্রীগৰাকীয়ে কয়। “আঞ্চলিক সন্মিলনত দেখুওৱা প্রেজেন্টেচনটোৰ বিষয়ে পূর্ণ উপলব্ধি কৰাৰ বাবে আমি ইয়াক পঞ্চায়ত পর্যায়লৈ লৈ যাব লাগিব। যেতিয়া সর্বস্তৰৰ নাগৰিক ইয়াৰ সৈতে জড়িত হ’ব, তেতিয়া প্রগতিয়ে অধিক গতি লাভ কৰিবলৈ সক্ষম হ’ব আৰু এয়া টীম ইণ্ডিয়াৰ ঐক্যবদ্ধ শক্তিৰে কাম কৰিলেহে সম্ভৱ হৈ উঠিব।”- সর্বানন্দ সােণােৱালে ভাষণ প্রসংগত উল্লেখ কৰে। ভাৰত চৰকাৰ, গুজৰাট চৰকাৰ আৰু মহাৰাষ্ট্র, গােৱা, ৰাজস্থান, মধ্য প্রদেশৰ দৰে অন্যান্য ৰাজ্যৰ জ্যেষ্ঠ বিষয়া আৰু উদ্যোগ তথা শিক্ষাক্ষেত্ৰৰ প্রতিনিধিসকলেও সন্মিলনখনত অংশগ্রহণ কৰে।