গাৰ্গী শৰ্মালৈ বৃহত্তৰ ধপলীয়া জ্যোতিকুছি ৰঙালী বিহু সন্মিলনীৰ সম্বৰ্ধনা

গাৰ্গী শৰ্মালৈ বৃহত্তৰ ধপলীয়া জ্যোতিকুছি ৰঙালী বিহু সন্মিলনীৰ সম্বৰ্ধনা

ৰঙিলী বাৰ্ত্তাসেৱা-  বৃহত্তৰ ধপলীয়া জ্যোতিকুছি ৰঙালী বিহু সন্মিলনীৰ তৰফৰ পৰা সোমবাৰে ধপলীয়া জ্যোতিকুছি শৰৎ সিংহ পথৰ বাসিন্দা আৰু বৃহত্তৰ ধপলীয়া জ্যোতিকুছি ৰঙালী বিহু সন্মিলনীৰ উপ – সভাপতি তৰুণ শৰ্মাৰ সু সন্তান সৰু জীয়ৰি গাৰ্গী শৰ্মাক সম্বৰ্ধনা জনোৱা হয়৷উল্লেখ্য, মহাৰাষ্ট্ৰৰ নাগপুৰত অনুষ্ঠিত হোৱা পাৱাৰলিফটিংৰ নেচনেল চেম্পিয়নশ্বিপত তিনিটা স্বর্ণ পদত লাভ কৰাৰ লগতে ২০২২ চনৰ চুপাৰ গাৰ্লচ অৱ ইণ্ডিয়া উপাধি লাভ কৰিবলৈ সক্ষম হোৱাৰ বাবে অসম , গুৱাহাটী মহানগৰ তথা বৃহত্তৰ ধপলীয়া জ্যোতিকুছি অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে অঞ্চলৰ ৰাইজ উৎফুল্লিত হৈ পৰে । আনন্দ এই খবৰ পোৱাৰ লগে লগে গুৱাহাটীত আহি নিজ বাসভৱনত উপস্থিত হোৱা গার্গী শৰ্মাৰ্ক বৃহত্তৰ ধপলীয়া জ্যোতিকুছি ৰঙালী বিহু সন্মিলনীৰ তৰফৰ পৰা সভাপতি মনুৰাম টুমুং , সাধাৰণ সম্পাদক মুনিন্দ্ৰ ডেকা ( মুন ) , সহঃ সাধাৰণ সম্পাদক ভাস্কৰ বৰুৱা , আলোচনী মাধুৰীৰ সম্পাদক গিৰিধৰ ৰহাং , সাংস্কৃতিক বিভাগৰ সভাপতি উপন্দ্রে সিং ৰংপি , উপ সভাপতি পূর্ণ ছেত্রী , সাংস্কৃতিক সম্পাদক সিমান্ত চেতীয়া ফুকন আৰু কেইবাজনো শুভাকাংক্ষীয়ে তেওঁক সম্বৰ্ধনা জনোৱাৰ লগতে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে৷আৰু ভৱিষ্যতে আগবাঢ়ি যাবলৈ উৎসাহ যোগায় ।