গাল্ফ অৱ আলাস্কা – নাজবিন চুলতানা

গাল্ফ অৱ আলাস্কা
নাজবিন চুলতানা, শিৱসাগৰ
পৃথিৱীৰ চুকে কোণে বহুতো ঠাইত আজৱ ঘটনা-পৰিঘটনাই বিৰাজ কৰি আছে আৰু সেয়া বিজ্ঞানসন্মত তথাকঠিত বা ঐশ্বৰিক সৃষ্ট নতুবা প্ৰকৃতিপ্ৰদত্ত হিচাপে ভিন্ন মতৰ ভিত্তিত দৃষ্টিগোচৰ কৰা হয়।তেনে এক আশ্চৰ্যকৰ তথা আজৱ ঘটনাস্বৰূপ হিচাপে খ্যাত গাল্ফ অৱ আলাস্কা।আলাস্কা হৈছে আমেৰিকাৰ উত্তৰ-পশ্চিম সীমাৰ পশ্চিম সংযুক্ত ৰাজ্যত স্থিত এখন ৰাজ্য।যিখন হৈছে পৃথিৱীৰ সপ্ততম(৭তম)ডাঙৰ উপৰাষ্ট্ৰীয় আৰু সকলোতকৈ তৃতীয় নুন্যতম জনসংখ্যাৰ ৰাজ্য। ৰাষ্ট্ৰৰ সকলোতকৈ কম জনসংখ্যাৰ ঘনত্ব ৰাজ্য আলাস্কাৰ পূৰ্বৰ ৰাজধানী আছিল Chitka,বৰ্তমানৰ “Juneau”(আমেৰিকাৰ দ্বিতীয়বৃহৎ ৰাজ্য)।ক্ষেত্ৰ অনুসৰি আলাস্কা সংযুক্ত ৰাজ্যৰ আমেৰিকাৰ ৪০খন ৰাজ্যৰ ভিতৰত সকলোতকৈ বৃহৎ ৰাজ্য হিচাপে পৰিগণিত।এই ৰাজ্যত ওচৰা-ওচৰি প্ৰায় ২৪ টা স্থানীয় ভাষা প্ৰচলিত আছে আৰু স্থানীয় ৰাজনৈতিক প্ৰশাসন ব্যৱস্থাত আলাস্কাৰ লোকসকলেই প্ৰতিনিধিত্বৰে  প্ৰভাৱশালী হৈ উঠা দেখা যায়।এই ৰাজ্যতেই অৱস্থিত পৃথিৱীৰ অন্যতম আজৱ ঘটনা গাল্ফ অৱ আলাস্কা।গাল্ফ অৱ আলাস্কা হৈছে প্ৰশান্ত মহাসাগৰ আৰু আটলাণ্টিক গ্লেচিয়াৰৰ পানীৰ দুখন সাগৰ একত্ৰিত হৈ প্ৰকাণ্ড জোৱাৰ সৃষ্টি কৰা এখন সাগৰ।সকলোৰে পৰিলক্ষিত যে কোনো নদী বা সাগৰ আন এখনৰ সৈতে পানীৰ মিশ্ৰিতভাৱে সংলগ্ন হৈ যায়।কিন্তু এইখন এনেকুৱা এখন সাগৰ য’ত দুখন সাগৰ একত্ৰিত হৈছে ঠিকেই অথচ সংমিশ্ৰণ নহয় দুইখন সাগৰীয় পানীৰ।পৃথক পৃথক ৰঙেৰে পৃথক পানীৰে বিভক্ত দুখন পৃথক সাগৰৰ সংলগ্ন এখন সাগৰেই হৈছে এই গাল্ফ অৱ আলাস্কা।দুখন সাগৰৰ ঢৌ’ৰ প্ৰবাল জোৱাৰত দেৱাল সৃষ্টি হয় কিন্তু মিশ্ৰিত নহয়।এই দৃশ্য প্ৰথমে “Kent Smith” নামৰ ফটোগ্ৰাফাৰজনে ২০১০ চনৰ জুলাইত তুলি লৈছিল।এইখন সাগৰতে দেখা যায় দুখন সমুদ্ৰৰ স্পষ্ট পৃথকতা। এই দুইখন সমুদ্ৰৰ পানীৰ ৰঙো দুটা, এখন সমুদ্ৰৰ যিখন গ্লেচিয়াৰ পৰা ওলাই অহা পানীৰ ৰং পাতল নীলা আৰু আনখন প্ৰশান্ত মহাসাগৰৰ পানীৰ ৰং ডাঠ নীলা হোৱা পৰিলক্ষিত হয়।যিদৰে পানীত তেলৰ মিশ্ৰণ নহয় সেইদৰে এই দুখন সমুদ্ৰৰ পানীৰো মিশ্ৰণ নহয়। এই ঘটনাৰ সন্দৰ্ভত বহুতো বৈজ্ঞানিকে পৰীক্ষা-নিৰীক্ষাৰে পৰ্যৱেক্ষণ চলাই আছে যিটোৰ সঠিক উত্তৰ আজিও কোনোৱে দিব পৰা নাই।বৈজ্ঞানিক দৃষ্টিভংগীৰে পোৱা তথ্য অনুসৰি কোৱা হয় যে গ্লেচিয়াৰৰ পানীৰ তাপমান কম আৰু ঠাণ্ডা হোৱাৰ বাবে ৰং পাতল আৰু ঘনত্বও কম।অন্যহাতে প্ৰশান্ত মহাসাগৰৰ পানীৰ তাপমান বেছি হোৱাৰ বাবে ৰঙো গাঢ় হয় আৰু ঘনত্বও বেছি।তদুপৰি কোৱা হয় যে গ্লেচিয়াৰৰ পানী মিঠা আৰু সাগৰীয় পানী লুণীয়া হোৱাৰ ফলশ্ৰুতিতো ইয়াৰ মিশ্ৰণ নহয়।কিন্তু ঐশ্বৰিক তথা ধাৰ্মিকতাৰ দৃষ্টিৰে লক্ষ্য কৰিলে দেখা যায় যে এই গাল্ফ অৱ আলাস্কাৰ ঘটনা কোৰাণ আৰু বাইবেলতো উল্লেখ আছে।কোৰাণত স্পষ্টভাৱে উল্লিখিত যে দুখন সাগৰক তেওঁ এৰি দিছে যাৰ বাহুৰ মিলন হয় যদিও দুইখন সাগৰৰ মাজত পৰ্দা বা দেৱাল আছে যাৰ দ্বাৰা দুখন সাগৰৰ পানী এক নহয়।দুইখন সাগৰৰ কোনো এখন সাগৰে এই দেৱাল পাৰ নকৰে।কোৰাণৰ চূড়া ৰেহমানত আয়াত ১৮ ত এই বিষয়ে উল্লেখ আছে।এইয়া আল্লাহৰ প্ৰাকৃতিক সৃষ্টিৰ অন্যতম চিনস্বৰূপ লক্ষণ হিচাপে কোৰাণত প্ৰকাশিত।এয়াই হৈছে পৃথিৱীৰ অন্যতম আজৱ সাগৰ গাল্ফ অৱ আলাস্কা।