গাখীৰ চাহ
অৰ্ণৱ কাকতি,বয়স দুকুৰি এবছৰ যদিও নকলে কোনেও নকয়,দেখাত ত্ৰিশ বছৰীয়া সুঠাম পুৰুষ যেনেই লাগে। প্ৰাণায়ম কৰিহে শোৱাপাটী এৰে। নিজৰ স্বাস্থ্যক লৈ সদা সচেতন কাকতিয়ে ব্যায়ামগাৰলৈ যাবলৈ সময় নোপোৱাৰ বাবে ঘৰতে এপদ দুপদ বস্তু আনিলৈছে। চল্লিছ বছৰৰ পিছৰ পৰা সকলো মানুহেই বোলে খোৱা-বোৱাত যথেষ্ট পৰিমাণে সচেতন হ’ব লাগে। সেইবাবে আজিকালি অৰ্ণৱে তেল মছলা দিয়া খাদ্যৰ পৰা দূৰতে থাকে। খালি পেতত কুহুমীয়া গৰম পানী খাই আধা ঘন্টাৰ পিছতহে পুৱাৰ আহাৰ গ্ৰহণ কৰে,আহাৰত এটা কণী এটা কল আৰু একাপ ৰঙা চাহ। ইমান স্বাস্থ্যৰ প্ৰতি লক্ষ্য কৰা অৰ্ণৱৰ সহধৰ্মিনী জোনালী কিন্তু তাৰ বিপৰীত, পুৱাৰ আহাৰৰ লগত একাপ গাখীৰ চাহ লাগিবই। অৰ্ণৱে জোনালীক গাখীৰ চাহ খাবলৈ বাধা দিলে জোনালীয়ে অৰ্ণৱক কয় হেৰা তুমি চিন্তা কৰিব নালাগে,গাখীৰ চাহ খোৱাতো মোৰ সৰু কালৰে অভ্যাস। এইকাপ নাখালেহে মোৰ অপকাৰ হ’ব। দিনটোলে গাটো বেয়া লাগি থাকিব,গতিকে মোক এইকাপৰ পৰা বঞ্চিত নকৰিবা। খাই থাকা তেনেহ’লে পিছত আকৌ আগবাৰৰ দৰে গেছৰ অপকাৰ হ’লে কিন্তু মোক নকবা দেই,হ’ব নকওঁ বাৰু দিয়া। এবাৰ জোনালী পেটৰ বিষত থাকিব নোৱাৰা হোৱাত ডাক্টৰ ওচৰলৈ লৈ যোৱাত অত্যাধিক গেছৰ কাৰণে এনে হৈছে গাখীৰ চাহ একেবাৰে নিখাব বুলি কোৱাত অলপদিন নোখোৱাকৈ থাকিল তাৰপিছত পুনৰ বোলে এই ৰঙা চাহখোপা আৰু খাব নোৱাৰি দেই বুলি কোৱা মানুহগৰাকীয়ে হঠাৎ অমৃত যেন লগা গাখীৰ চাহ কাপ এৰি ৰঙা চাহত লাগিল।অৰ্ণৱক বজাৰৰ পৰা লং,ইলাচি,দালচেনি,জালুক লৈ আহিবলৈ কৈছে। জোনালীৰ কথাত অৰ্ণৱৰ মনে মনে বহুত হাহিঁ উঠিল আৰু কৰুণা মহামাৰীক মনতে বোলে ধন্য তোমাক, আজি বিয়া হোৱা ছটা বছৰে মই কৰিব নোৱাৰা কামটো তুমি একে দিনাই কৰি দিলা। পিছে ৰাইজসকল জোনালীৰ পুৱা আহাৰত আজিকালি ৰঙা চাহে থাকে আৰু গাখীৰ চাহ নাখালে গা-বেয়া লগাটোও পলাই পত্ৰং দিলে। এনেই মানুহে নকয় “হে নাৰী প্ৰনামো তোমাক দেবতাইও নুবুজিলে যাক।”
স্বাগতা বৰুৱা গোস্বামী