বিশিষ্ট সাহিত্যিক-শিক্ষাবিদ প্ৰয়াত ড: লক্ষীনন্দন বৰাৰ স্মৃতিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ বৰভাগ আঞ্চলিক সমিতিয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

বাৰ্ত্তাসেৱা- বিশিষ্ট সাহিত্যিক-শিক্ষাবিদ প্ৰয়াত ড: লক্ষীনন্দন বৰা ৰ স্মৃতিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ বৰভাগ আঞ্চলিক সমিতিয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে স্মৃতিচাৰণ অনুষ্ঠানৰ আয়োজন কৰে ।
বৰভাগৰ ৰণাকুছি প্ৰাথমিক বিদ্যালয়ত কোভিদ প্ৰট’কল মানি অনুষ্ঠিত কৰা উক্ত কাৰ্যসূচীত প্ৰাৰম্ভতে ড: লক্ষীনন্দন বৰা প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি পুষ্পাঞ্জলি প্ৰদান কৰে শিক্ষক তথা বৰভাগ কৰ্মচাৰী পৰিষদৰ সভাপতি কুলেশ চন্দ্র ডেকাই । তেখেতে স্মৃতিচাৰণ কৰি ড: লক্ষীনন্দন বৰাৰ সাহিত্য কৃতি আৰু কৰ্মময় জীৱনৰ ওপৰত আলোকপাত কৰে । প্ৰায় ৯০ বছৰ বয়স স্পৰ্শ কৰাৰ সময়তো মানসিক ভাবে সক্ৰিয় হয় থাকি অসমীয়া সাহিত্য জগতখন টনকিয়াল কৰিছে।সাহিত্য সভাৰ সভাপতি হিচাপেও তেখেতে যথেষ্ট বলিষ্ঠ ভূমিকা গ্রহণ কৰি অসমীয়া জাতীয় জীৱনক গতিশীলতা প্ৰদান কৰিবলৈ চেষ্টা কৰি গৈছিল।তেখেতৰ উচ্চমনৰ সাহিত্য ৰচনাই অসমীয়া সাহিত্য জগতক টনকিয়াল কৰা বুলি তেখেতে কয়।
যুৱ-ছাত্ৰ পৰিষদৰ,বৰভাগ আঞ্চলিক সাধাৰণ সম্পাদক ময়ুৰ ৰহমানে আঁত ধৰা অনুষ্ঠানটোত ৰণাকুছি গাওঁ উন্নয়ন সমিতিৰ সভাপতি খগেন কলিতা, যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ সাংস্কৃতিক সম্পাদক ধীৰাজ কলিতা, বৰভাগ আঞ্চলিক সমিতিৰ সভাপতি চিন্ময় পৰাশৰ ,যুটীয়া সম্পাদক চাজিদ আহমেদ, সাংস্কৃতিক সম্পাদক দিপাংশু ভট্টাচাৰ্য, সাংগঠনিক সম্পাদক প্ৰাণজিৎ কলিতা,অনুপ কলিতা লগতে ৰণাকুছি শাখা সমিতিৰ বিষয়ববীয়া সকল উপস্থিত থাকি প্ৰয়াত সাহিত্যিক গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাই সোঁৱৰণ কৰে ।