গাঁও
গাঁও এখনি শান্ত ঠাই,
ইয়াত ফল মূল আদি কৰি কোনো অভাৱ নাই।
গাঁওৰ পথাৰ খনিত বালিমাহী পৰে,
গাওঁৰ পুখুৰীটোত মাছ সকলোৱে ধৰে।
গাওঁত থাকে বহু মুকলি বতাহ আৰু পৰিৱেশ,
সেই বাবে এনে ঠাই বহু বিশেষ।
সকলোৱে গঢ়ে গাঁও যদি হওঁক পাহাৰ ভৈয়াম,
গছে গছে ভৰিউঠে কঁঠাল আৰু আম।
পথাৰখনিত আৰম্ভ হয় শাওনত কৃষি,
সেউজীয়া হৈ থাকে এইখন ভূমি।
ভাওনা হলে ইয়াত সকলোৱে চাই,
বেলি ডুবা লগে লগে ডবা কোবাই।
পিঠা, পান, তামোল আৰু দিব এখন শৰাই,
বুকুৰ আপোন হয় এইখনি ঠাই।
ভাদ মাহত গুৰু দুজনাৰ তিথি,
সকলোৱে সহায় কৰে বিপদ হলে স্থিতি।
বহাগ মাহৰ মৰমৰ বিহুৱান খনি,
ঢুলীয়াৰ চাপৰত নাচি থাকে নাচনী।
কাতি বিহুত সকলোৱে ৰুৱে তুলসী,
আগমন হয় সকলোৰে ঘৰত পথাৰৰ লখিমী।
ভোগালী বিহুত সকলোৱে সাজে ভেলাঘৰ,
মেজি জ্বলাই পৱিত্ৰ হৈ যায় নামঘৰ।
-নিতিষ্মান দাস
সপ্তম শ্রেণী