গভীৰ আস্থাৰ উপসনা – যমুনা দুলু বৈশ্য

PC - Foliage Friend

গভীৰ আস্থাৰ উপসনা

 যমুনা দুলু বৈশ্য
শুৱালকুছি

আজিও বাজে মনত গুপুতে গুপুতে
সপ্তসুৰ হৈ গুণ গুণ কৈ
কাণতে লহৰ তোলে প্ৰবাহিত হৈ ।

বসন্তৰ বাতৰি দিয়েহি
সুখৰ নৈত উটিবলৈ
সংস্পৰ্শৰে তেজ ,তেজে তিৰবিৰাই ।

আপোনত্বৰ বান্ধোন বোৰ ক’ত
জানো হেৰাই যায় ঐ
সময়ৰ তাগিদা আছা অচিন দেশত ।

তোমাৰ স’তে মিতিৰালি পাতি
বুকু খান্দি পালো লটি -ঘটি ,
পৰম সুখ আছেনো বাৰু ক’ত ?

তাৰে সন্ধানত কৰিছো ,
গভীৰ আস্থাৰে উপসনা
সুবৰ্ণ অবিৰাম যাত্ৰা ।