গণৰাজ্য দিৱস  – লখিমী শৰ্মা 

গণৰাজ্য দিৱস 
লখিমী শৰ্মা 
যোৰহাট
ভাৰতবৰ্ষৰ এক ৰাষ্ট্ৰীয় উৎসৱ ।এই দিনটোতে Government of India Act ( ১৯৩৫ ) ৰ সলনি ১৯৫০ চনত ভাৰতৰ সংবিধান গৃহীত হৈছিল আৰু ভাৰতৰ পৰিচালনাৰ নথিৰূপে পৰিগণিত হৈছিল । ভাৰতৰ সংবিধান খন Constituent Assembly of India – ই ১৯৪৯ চনৰ ২৬ নৱেম্বৰত অনুমোদন জনাইছিল । ১৯৫০ চনৰ ২৬ নৱেম্বৰত এইখন গৃহীত হোৱাৰ ফলত ভাৰত এখন স্বাধীন গণতান্ত্ৰিক দেশ হোৱাৰ প্ৰক্ৰিয়া সমাপ্ত হয় । ১৯৩০  চনৰ ২৬ জানুৱাৰীৰ দিনটোতে ভাৰতীয় জাতীয় কংগ্ৰেছে পূৰ্ণ স্বৰাজৰ প্ৰস্তাৱ আগবঢ়োৱা বাবে গণৰাজ্য দিৱসৰ বাবে এই দিনটো বাছনি কৰা হয় । স্বাধীনতা দিৱস আৰু গান্ধী জয়ন্তীৰ লগতে এই দিনটো ভাৰতৰ এটা ৰাষ্ট্ৰীয় বন্ধৰ দিন । ভাৰতবৰ্ষত প্ৰতি বছৰে ২৬ জানুৱাৰীৰ দিনা দেশবাসীয়ে গণতন্ত্ৰ দিৱস হিচাপে উদযাপন কৰে । ভাৰতৰ সংবিধান এই দিনটোতে কাৰ্যকৰী হৈছিল । ১৯৪৭ চনৰ ১৫ আগষ্টত দেশ ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰাৰ তিনি বছৰ পিছত অৰ্থাৎ ১৯৫০ চনত ভাৰতৰ সংবিধান কাৰ্যকৰী কৰা হয় । গণতন্ত্ৰ দিৱস উপলক্ষে প্ৰতি বছৰে ৰাজধানী দিল্লীৰ লালকিল্লাত পতাকা উত্তোলন কৰা হয় । লগতে দিনটোত সমগ্ৰ দেশতে বহুতো কাৰ্যসূচীৰ আয়োজন কৰা হয় । শিশুসকলে বিদ্যালয়ত বহুতো কাৰ্যসূচীত অংশ লয় । গণতন্ত্ৰ দিৱস উপলক্ষে ৰাষ্ট্ৰপতি ভৱনৰ পৰা ইণ্ডিয়া গেটলৈ ৰাজপথত এক অতি বিশাল আৰু আকৰ্ষণীয় কুচকাৱাজ অনুষ্ঠিত কৰা হয় । ভাৰতৰ প্ৰথম গণতন্ত্ৰ দিৱস ১৯৫০ চনৰ ২৬ জানুৱাৰীত দিল্লীত উদযাপন কৰা হৈছিল । লগতে সেই সময়ৰ পুৰণি কিলাৰ ওচৰত থকা এখন ব্ৰিটিছ ষ্টেডিয়ামত গণতন্ত্ৰ দিৱসৰ প্ৰথম কুচকাৱাজও অনুষ্ঠিত হৈছিল । দেশৰ প্ৰথম ৰাষ্ট্ৰপতি ড° ৰাজেন্দ্ৰ প্ৰসাদে দিল্লীৰ পুৰণি কিলাত পতাকা উত্তোলন কৰিছিল । সেই অনুষ্ঠানত তেতিয়াৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুও উপস্থিত আছিল । ভাৰতীয় সংবিধান ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ দিনটোতে কাৰ্যকৰী হৈছিল । ড° ভীমৰাও আম্বেদকাৰে সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষতা কৰিছিল । ১৯৪৯ চনৰ ২৬ নৱেম্বৰত ভাৰতীয় সংবিধান সভাই দেশৰ সংবিধান গ্ৰহণ কৰে । ১৯৫০ চনৰ ২৬ জানুৱাৰীত দেশখনক এখন পূৰ্ণাংগ গণৰাজ্য হিচাপে ঘোষণা কৰা হয় । উল্লেখ্য যে , গণতন্ত্ৰ দিৱস ২৬ জানুৱাৰীত পালন কৰাৰ আন এক কাৰণ হৈছে যে ১৯৩০ চনৰ এই দিনটোতে ভাৰতীয় জাতীয় কংগ্ৰেছে দেশখনক সম্পূৰ্ণ স্বাধীন বুলি ঘোষণা কৰিছিল । পূৰ্ণ স্বৰাজ ঘোষণা কৰা তাৰিখ ১৯৩০ চনৰ ২৬ জানুৱাৰী দিনটো অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হৈছিল আৰু সেয়েহে ১৯৫০ চনৰ ২৬ জানুৱাৰীত ভাৰতৰ সংবিধানখন কাৰ্যকৰী হয় । ইয়াৰ পিছত ২৬ জানুৱাৰীক গণতন্ত্ৰ দিৱস হিচাপে ঘোষণা কৰা হয় । এই দিনটো সমগ্ৰ দেশে এক বিশেষ ধৰণে উদযাপন কৰে ।