গণেশপাৰা আঞ্চলিক সাহিত্য সমাজৰ বৈঠক

গণেশপাৰা আঞ্চলিক সাহিত্য সমাজৰ বৈঠক

ৰঙিলী বাৰ্ত্তাসেৱা- গণেশপাৰা আঞ্চলিক সাহিত্য সমাজৰ মাহিলী বৈঠকখন ২০ আগষ্টত সমাজৰ সম্পাদক ৰঞ্জন বড়োৰ বাসগৃহত অনুষ্ঠিত হয়৷সম্পাদক ৰঞ্জন বড়োয়ে এটি গীতেৰে আদৰণী জনোৱা সভাত সঞ্চলনা কৰে সমাজৰ সভাপতি শিৱ প্ৰসাদ ভট্টাচাৰ্যই৷জ্যেষ্ঠ সদস্য জ্যোতিষ চন্দ্ৰ লহকৰে প্ৰয়াত উমাকান্ত বৈৰাগী আৰু দেৱেন দত্তৰ বিষয়ে বক্তব্য আগবঢ়োৱাৰ পাছতে বিগত বৈঠকৰ প্ৰতিবেদন পাঠ কৰে প্ৰাক্তন সম্পাদক গকুল বৰুৱাই৷জ্যেষ্ঠ সদস্য শুক্লেশ্বৰ কলিতাই লিখনি পাঠ আঁত ধৰা সভাত ময়ুৰী পাটৰ,তনুশ্ৰী বসাক, লক্ষ্যদীপ ডেকা ৰজা, মধুমিতা শইকীয়া,অৰ্ণৱ দাস,জাভেদ আলীয়ে কবিতা, হৃষিকা বৈশ্য(Hrishika)ই প্ৰবন্ধ, কাব্যাঞ্জলি বড়ো,ওম প্ৰকাশ হালৈ,আৰ্হি দাস,কৃষ্টিনা বৰ্মন,কৃৰ্যক নাথ,কৌস্তভ নাথ,গীতাঞ্জলি দত্ত,অমৰেন্দ্ৰ মল্ল বৰুৱাই গীত আৰু দীপাঞ্জলি বৰাই দিহানাম পৰিৱেশন কৰি উপস্থিত ৰাইজক আমোদ দিয়ে৷প্ৰাক্তন সম্পাদক গকুল বৰুৱাই আধ্যাত্মিক দিশৰ ওপৰত আলোকপাত কৰাৰ লগতে আধ্যাত্মিক কবিতা আবৃত্তি কৰে৷জ্যোতিষ চন্দ্ৰ লহকৰে এটি কৌতুক কয়৷সভাত প্ৰাক্তন সম্পাদক গকুল বৰুৱাক সাংগঠনিক সম্পাদক হিচাপে নতুনকৈ দায়িত্ব ভাৰ অৰ্পন কৰে৷