খেলনা- এছ ইছলাম

খেলনা
            এছ ইছলাম, শিক্ষক
            পঃমইনবৰী, বৰপেটা
ছমাহ মান বয়সত
বহাইছিল পাটিত
মাটিৰ পুতুলা হাতত
বহিছিল আইতা কাষত।
দুই বছৰৰ পিছত
লথিয়াওঁ প্লাষ্টিকৰ বলত
মাটিৰ ঘোঁৰাৰ চকা ঠেঙত
ৰচীৰে বান্ধি লৈ ফুৰোঁ চোতালত।
আজিৰ কেঁচুৱাই কান্দিব
হাতত দিব স্মাৰ্ট ফোন
কথা ক’ব নোৱাৰিলেও
অংঅং কয় চোন ।
পাঁচ বছৰমান বয়সত
চলাওঁ চাইকেলৰ টায়াৰ-টিউব
আজিৰ প্ৰজন্মৰ প্ৰিয় খেলনা
স্মাৰ্ট ফোনৰ ইউ-টিউব।
নিষ্ঠুৰ সময়ৰ পৰিবৰ্তনত
সকলো কৰিলে পৰিবৰ্তন
সন্তানৰ চৰিত্ৰ অধঃপতনত
কাৰক মাথোঁ স্মাৰ্ট ফোন ।