খিলঞ্জীয়াৰ শ্ল’গান দিয়া বিজেপিৰ দিনত গৃহহাৰা ভূমিপুত্ৰ 

Pc- ETV Bharat

খিলঞ্জীয়াৰ শ্ল’গান দিয়া বিজেপিৰ দিনত গৃহহাৰা ভূমিপুত্ৰ 

ৰঙিলী বাৰ্ত্তাসেৱা-  জাতি-মাটি-ভেঁটিৰ শ্ল’গান দিয়া বিজেপি চৰকাৰৰ দিনত অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰই ভোকে-পিয়াহে টম্বুৰ তলত দিন কটাবলগীয়া হৈছে৷ দক্ষ মুখ্যমন্ত্ৰী বুলি ফুটনি মাৰি থকা হিমন্ত বিশ্ব শৰ্মাৰ দিনত অসমৰ ভূমিপুত্ৰৰ আলাই-আথানীৰ সীমা নোহোৱা হৈছে৷ সততে ভূমিপুত্ৰৰ সমস্যাৰ কথা মুখত আখৈ ফুটা দি ফুটা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বানত সৰ্বস্বান্ত হোৱা খিলঞ্জীয়া ভূমিপুত্ৰক ক্ষতিপূৰণ দিয়াৰ লগতে পুনৰ সংস্থাপনত বিফল হৈছে৷ শেষৰটো ভয়াবহ বানৰ পিছতে খহনীয়াত তিনিচুকীয়া জিলাৰ ডুমডুমা বিধানসভা সমষ্টিৰ অন্তৰ্গত কৰ্দৈগুৰিৰ মৰাণ জনগোষ্ঠীৰ ২৪টাকৈ পৰিয়াল নদীৰ বুকুত মাটি, ভেঁটি, সম্পত্তি সকলো হেৰুৱাই গৃহহাৰা হৈ পৰে৷ দুৰ্ভগীয়া পৰিয়ালকেইটাই শিবিৰতে ভোকে, পিয়াহে দিন কটাই আৰু পুনৰ সংস্থাপনৰ বাবে চৰকাৰ, প্ৰশাসনক কাকূতি-মিনতি কৰিবলৈ ধৰে যদিও চৰকাৰে তিলমানো গুৰুত্ব নিদিলে৷ পিছত পৰিয়ালকেইটাই শিবিৰতে অনশনত বহাত বিষয়টোক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাতহে চৰকাৰে সাৰ পালে৷ শিবিৰত দিন কটোৱাৰ পিছত দুৰ্ভগীয়া পৰিয়ালকেইটাক ফিলবাৰীৰ টঙানি সোণজান গাঁৱত প্ৰশাসনে ১ বিঘাকৈ চৰকাৰী ভূমি আৱণ্টন দিছিল৷ কিন্তু খহনীয়াত সকলো হেৰুওৱা পৰিয়ালকেইটাও চৰকাৰী আৱণ্টন দিয়া ভূমিত ঘৰ সাজিবলৈ যোৱাৰ সময়তে বিপদৰ সন্মুখীন হয়৷ প্ৰশাসনে প্ৰদান কৰা ভূমিত ঘৰ সাজি বসবাস কৰিবলৈ যোৱা পৰিয়াল কেইটাক যোৱা ৩১ জুলাইত ৰূপক দত্ত নামৰ ভূমাফিয়াৰ নেতৃত্বত দুৰ্বৃত্তই খেদি পঠিয়াই। ইমানৰ পিছতো চৰকাৰে হাত সাৱটি বহি থাকিল৷ বৰ্তমানেও আশ্ৰয় শিবিৰতে অনশনত বহি ভোকে, পিয়াহে দিন কটাইছে ২৪টাকৈ জনজাতীয় পৰিয়ালে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, স্থানীয় বিধায়ক ৰূপেশ গোৱালা, তিনিচুকীয়াৰ অভিভাৱক মন্ত্ৰী অতুল বৰাই ভূমিপুত্ৰক এনেদৰে লাঞ্চিত-বঞ্চিত হ’বলৈ এৰি দিয়াৰ কাৰণ কি৷ আজিও মৰাণ জনগোষ্ঠীৰ সংগঠনৰ নেতৃত্বত শিবিৰতে পৰিয়ালকেইটাই প্ৰতিবাদ সাব্যস্ত কৰি গৈছে কিন্তু অকৰ্মণ্য বিধায়ক ৰূপেশ গোৱালা বান-খহনীয়াত বিধ্বস্ত পৰিয়ালকেইটাৰ সংস্থাপন দিয়াটো দূৰৰ কথা খবৰ ল’বলৈ আহৰি পোৱা নাই৷ আমি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, স্থানীয় বিধায়ক ৰূপেশ গোৱালা, তিনিচুকীয়াৰ অভিভাৱক মন্ত্ৰী অতুল বৰাৰ এনে অমানবীয় কাণ্ডক ধিক্কাৰ দিছো৷ ইয়াৰ দ্বাৰা প্ৰমাণ হয় যে বিজেপি দল সদায় থলুৱা বিৰোধী৷ বিজেপি সদায় পুঁজিপতিৰ বন্ধু৷ বিজেপিয়ে কেতিয়াও গৰীৱ-দৰিদ্ৰ লোকৰ হিত সাধন কৰিব নোৱাৰে৷ পৰিয়ালকেইটাক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ লগতে আৱণ্টন দিয়া ভূমিত নিৰাপত্তা প্ৰদান কৰি শীঘ্ৰে একোটাকৈ চৰকাৰী গৃহ নিৰ্মাণ কৰি কমেও এবছৰৰ বাবে খাদ্য-সামগ্ৰী যোগানৰ দাবী জনালো৷ অন্যথাই অসম তৃণমূল কংগ্ৰেছে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হ’ব৷